/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/b563b53f-e578-4495-9524-904f2bcef751.jpg)
মৃদুল কুমাৰ সন্দিকৈ
কৃষি মন্ত্ৰী মহোদয়, বানত ৰাজ্যত কিমান ক্ষতি হ'ল সেই হিচাপ হয়তো আপুনি কৰা নাই। এ চি ৰূমত বহি আপুনি বানপানীত ক্ষতিগ্ৰস্ত খেতিয়কৰ ক্ষয়ক্ষতিৰ উমান নাপাব। ক্ষুদ্ৰ খেতিয়কসকলৰ খেতিপথাৰ, ঘৰ-দুৱাৰ, পশুধন পানীত উটি যোৱা বুলি হয়তো আপুনি শুনিছে। সেই খেতিয়কসকলৰ কাষলৈ গৈ তেওঁলোকক আপুনি কিবা প্ৰতিশ্ৰুতি দিছে বুলি শুনা নাই। কেৱল কাকতত দেখা পাইছো- কৃষকৰ বাবে কঠিঁয়া আৰু ৰবিশস্যৰ বীজৰ ব্যৱস্থা কৰাৰ কথা।
ৰাজ্যৰ এই প্ৰলয়ংকাৰী বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে কৃষকসকল। ৰাজ্যত শেহতীয়াকৈ গঢ় লৈ উঠিছিল বহু কৃষি ফাৰ্ম। কেৱল এটা শস্যৰে নহয়, বহু সপোন লৈ ইন্টিগ্ৰেটেড এই কৃষি ফাৰ্মবোৰৰ গৰাকীয়ে একেলগে আৰম্ভ কৰিছিল মৎস্য পালন, গাহৰি পালন, ধান খেতি আদি। সেই সকলোবোৰ এতিয়া পানীয়ে উটুৱাই লৈ গ'ল। তেনে এজন কৃষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ লৈছো আপোনাৰ। এয়া কেৱল উদাহৰণ। এনে বহু খেতিয়ক আছে যিসকল এতিয়া সৰ্বহাৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/76fc4d16-9aaf-442d-8a01-fea0357ec1ca-1024x576.jpg)
এই খেতিয়কজন ৰাজ্যৰ এজন শ্ৰেষ্ঠ খেতিয়ক আছিল। কৃষি মন্ত্ৰী হিচাপে আপুনি তেওঁৰ নাম জানে নে নাজানে নাজানো। কেৱল কৃষি মন্ত্ৰীয়ে নহয়, তেওঁৰ নাম জানিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়েও। তেওঁ আছিল মীন বিভাগে ব্ৰেণ্ড এম্বেচেদৰ কৰা এজন খেতিয়ক। বানপানীৰ পাছত তেওঁ কি কৈছে শুনিলে আপুনি আচৰিত হয়তো নহ'ব। কিন্তু কৃষকৰ দুৰ্দৰ্শা বুজা সকলে তেওঁৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/083b32d5-357a-420a-8b74-b874825cc251-1024x576.jpg)
'কেৰালালৈ গুচি যাম বুলিহে ভাবিছো। কি লৈ জীয়াই থাকিম এতিয়া? পানীত মই বিধ্বস্ত হৈ পৰিছো। এনেকুৱা এখন ফাৰ্ম আকৌ গঢ়িবলৈ মোক অতি কমেও আৰু ৮-৯ বছৰ লাগিব। ৩০ লাখ টকা লোকচান হ'ল এই বানত।'- এয়া বাপুকণ বৰ্মনৰ দুখৰ কথা।
বাপুকণ বৰ্মন। নিজে সংস্থাপন হোৱাৰ লগতে ১০জনৰ সংস্থাপনৰ বাট মুকলি কৰি দিছিল বাপুকণে। এইবাৰ প্ৰলয়ংকাৰী বানত বাপুকণ সৰ্বহাৰা হৈ পৰে। ৭৫ বিঘা মাটিত বাপুকণৰ আছিল পুখুৰী। ১৫ লাখ মান টকাৰ মাছ আছিল সেই পুখুৰীত। সেইবোৰ সকলো পানীত উটি গ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/6932de7b-24b2-4c9d-98a5-8e1e330509a9-1024x768.jpg)
অসম চৰকাৰৰ মীন বিভাগে প্রথমবাৰৰ বাবে চিতল মাছৰ পোনা উৎপাদন কৰিছিল। সেই মাছৰ পোনা আনি বাপুকণে পুখুৰীত দিছিলহি। অৱশ্যে বাপুকনৰ পুখুৰীত আগৰে পৰা আছিল ভকুৱা, অমনকাপ, জয়ন্তীয়া ৰৌ, আৰি আদি মাছ।
একো একোটা মাছ ৪-৪.৫ কেজিলৈকে হৈছিল। কেৱল মাছে উৎপাদন কৰা নাছিল বাপুকণে। তাৰ সমান্তৰালভাৱে ব্লেক ৰাইচৰ খেতি, কল সাৰ উৎপাদন, গাহৰি-হাঁহ পালন আদি খেতি বাপুকণে জৈৱিক পদ্ধতিৰে কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/22089342_138627866759755_623318249401324782_n.jpg)
দুদিনৰ আগলৈকে অৰ্থাৎ বানপানী অহাৰ পূৰ্বে বাপুকনৰ উপাৰ্জন আছিল বৰ ভাল। ১০-১২টা মানুহক সংস্থাপন দিছিল বাপুকণে। সকলো খা-খৰচ কৰি মাহে ৫০-৬০ হাজাৰ টকা বাপুকণৰ ৰৈ গৈছিল। গৰু পুহিছিল বাপুকণে। লগতে আছিল ফাৰ্মখনত গাহৰি আৰু ছাগলী।
প্ৰলয়ংকাৰী বানে বাপুকণক ইমানেই ক্ষতি কৰিলে যে, পুখুৰীৰ মাছ গলেই, তেওঁ পোহা উন্নত প্ৰজাতিৰ ২৪৬টা হাঁহৰ ভিতৰত এতিয়া মাত্ৰ ১৯জনীহে হাঁহ ৰৈছেগৈ। ৩৪জনী মাইকী গাহৰিৰ ১৪২টা পোৱালি আছিল বাপুকণৰ ফাৰ্মত। তাৰ ভিতৰত ৩৪টা গাহৰি এতিয়া বাপুকণৰ ফাৰ্মত আছে। বাকীবোৰ পানীত উটি গ'ল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/3117ca90-f38c-4926-b5ad-403079543fad-576x1024.jpg)
বাপুকণৰ অৱস্থা এতিয়া কি হ'ব পাৰে অনুমান কৰক। এইজন বাপুকণকে ২০১৭চনত নৰ্থ ইষ্ট কলেজ অৱ ফিচাৰী, ত্ৰিপুৰাই প্ৰদান কৰিছিল উত্তৰ-পূবৰ শ্ৰেষ্ঠ মীন পালকৰ বঁটা। ত্ৰিপুৰাৰ ৰাজ্যপালে প্ৰদান কৰিছিল সেই সন্মান। উত্তৰ-পূবৰ ৮জন শ্ৰেষ্ঠ মীন পালকলৈ আগবঢ়োৱা বঁটা লাভ কৰা সকলৰ ভিতৰত আছিল তেওঁ।
২০১৬চনত স্বাধীনতা দিৱস উপলক্ষে নলবাৰী জিলা প্ৰশাসনে বাপুকণলৈ আগবঢ়াইছিল শ্ৰেষ্ঠ মীনপালকৰ বঁটা । স্বাধীনতা দিৱসৰ লগত আয়োজন কৰা এই অনুষ্ঠানত বাপুকণৰ হাতত এই সন্মান তুলি দিছিল উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/chandra-mohan-patowaryyy-Untitled-1.jpg)
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বহু স্থাপনৰ পৰাই সন্মান লাভ কৰিছে বাপুকণে। বিশেষকৈ জৈৱিক পদ্ধতিৰে তেওঁ গঢ়ি তোলা এই কৃষি ফাৰ্মখন আছিল ৰাজ্যৰে এখন আদৰ্শ কৃষিফাৰ্ম। নিশা অহা বানপানীয়ে এতিয়া বাপুকণৰ অৱস্থা কাহিল কৰি পেলালে।
ৰাজ্যৰ অন্যতম শ্ৰেষ্ঠ খেতিয়কজনৰ এই দশা। কৃষি মন্ত্ৰী বা মীন মন্ত্ৰীয়ে এইবোৰ খবৰ হয়তো পোৱা নাই। নলবাৰী জিলাৰ স্থানীয় মন্ত্ৰী তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও এইবোৰ খবৰ ল'বলৈ আজৰি পাই ক'ত? নিজ কৰ্ম আৰু কষ্টৰে শ্ৰেষ্ঠতা বুটলি ১০জনক সংস্থাপন দিয়া, ৰাজ্যৰ কৃষি আৰু মীন খণ্ডলৈ বৰঙণি আগবঢ়োৱা এই কৃষকসকলক লৈ এনেও চৰকাৰী পক্ষৰ নাই বিশেষ উদ্যোগ।
নতুন দিল্লীত বাপুকণ বৰ্মনে কিছুদিনৰ পূৰ্বে এক অনুষ্ঠানত অংশ লৈছিল। দেশৰ ২০০গৰাকী আদৰ্শ কৃষকৰ তালিকাত স্থান লাভ কৰিছিল এইজন যুৱ খেতিয়কে। ২০০৬ চনতে তেওঁ আৰম্ভ কৰিছিল নলবাৰীৰ লখোপুৰত এই ফাৰ্মখন।
নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সৰ্বভাৰতীয় কৃষি আৱিষ্কাৰ নেডাক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। অত্যন্ত সংগ্ৰামৰ মাজেৰে তেওঁ গঢ়ি তুলিছিল লখোপুৰৰ এই আদৰ্শ ফাৰ্ম। পৰোক্ষ-প্ৰত্যক্ষভাৱে ৩০জনৰো বেছি যুৱকক সংস্থাপন দিয়া বাপুকণ বৰ্মনক ২০১৯ চনৰ ১০ জুলাইত গুৱাহাটীত মীন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ ৰূপে সন্মানিত কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/d092c3d2-09f5-4b4f-945b-cb1a20d818b7-1024x682.jpg)
বানপানী আহিল, বানপানী গ'ল। নিঃশেষ কৰি গ'ল এইজন কৃষকৰ সপোন। চৰম হতাশাত ভুগি এতিয়া কেৰালালৈ যাব ওলাইছে তেওঁ। এখন-দুখন নদী নহয়, তিনিখন নদীৰ বানপানীত উটি-ভাহি গ'ল ফাৰ্মৰ সকলো। কানাইখুন্দা, মৰাপাগলাদিয়া আৰু বুঢ়াদিয়াৰ পানীৰ এই অঞ্চলটোত চলাইছিল মহাপ্ৰলয়।
২০০৬চনত বাপুকণে আৰম্ভ কৰিছিল এইখন ফাৰ্ম। তাৰপাছত দুবাৰকৈ বানত বিধ্বস্ত হৈছিল। তথাপিও ধৈৰ্য্য ধৰি তেওঁ গঢ়ি তুলিছিল দেশ-বিদেশে জৈৱিক পদ্ধতিৰে খেতি কৰি সন্মান আৰু প্ৰশংসা বুটলিছিল। এতিয়া পুখুৰীত বাপুকণৰ এটাও মাছ নাই।
'২০০৬ত যেতিয়া মই এই ফাৰ্মখন আৰম্ভ কৰিছিলো, তেতিয়া হাতত টকা নাছিল। চেণ্ডেল বা চাইকেল এখন কিনিবলৈও মোৰ হাতত টকা নৰখাই কেৱল সময় দিছিলো ফাৰ্মখনত। আৰ্থিকভাৱে মই তেতিয়া দুৰ্বল আছিলো। পানী আহিছিল তেতিয়াও, কিন্তু ভাগি পৰা নাছিলো। আন সকলো কাম বাদ দি কৃষি কৰ্মতে মনোনিবেশ কৰিছিলো। মোৰ এই আৰ্থিক দুৰৱস্থাৰ বাবে পাতিবলৈ লোৱা বিয়াখনো নপতাকৈ থাকি গ'ল।'- এয়া বাপুকণৰ মনৰ কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/400be395-056e-4a47-abd3-e6129aa30c09-1024x576.jpg)
'মাছৰ লগতে বহুতো কৃষিকৰ্মত মই মনোনিবেশ কৰিছিলো। ব্লেক ৰাইচৰ খেতি কৰিছিলো, কল সাৰ উৎপাদন কৰিছিলো, বাচন ধোৱাৰ বাবে এক জৈৱিক পাউদাৰ প্ৰস্তুত কৰিছিলো। এই সকলোবোৰ শেষ। পানীত বহু ব্লেক ৰাইচ নষ্ট হ'ল। এতিয়া মোৰ এই ফাৰ্মত একোৱেই নাই…'- বাপুকণৰ দুখৰ কথা এইবোৰ। ফিচাৰীৰ কথাতো বাপুকণে এতিয়া ভাবিবই নোৱাৰে। ধানৰ কঠিঁয়াবোৰ পানীৰ তলত নষ্ট হ'ল। আকৌ কঠিঁয়া পাৰি ধান ৰুবলৈ বাপুকনৰ হাতত সময় নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/dhaan-21bcb053-8675-486c-a831-5698b25f7ddb-1024x576.jpg)
এদিন তাত এখন কৃষি ফাৰ্ম আছিল। এতিয়া সেই ফাৰ্মৰ যেন অস্তিত্ব নাই। বাপুকনহঁতে ঋণ বিচাৰি গ'লে বেংকে নিদিয়ে। কৃষকক ঋণ দি দায়িত্ব ল'ব নোখোজে বেংকে। এতিয়া কি কৰিব-নকৰিব ভাবি কেৰালালৈ যোৱাৰ সিদ্ধান্ত লৈছে বাপুকণে।
কৃষি মন্ত্ৰী মহোদয়, ৰাজ্যৰে শ্ৰেষ্ঠ কৃষকজনে সংস্থাপন বিচাৰি কেৰালালৈ যাব বিচাৰিছে। মীন মন্ত্ৰী মহোদয়, উত্তৰ-পূবৰ শ্ৰেষ্ঠ মীন পালক তথা মীন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰগৰাকীয়ে এই সিদ্ধান্ত লৈছে। তেওঁৰ সৈতে যাব খুজিছে আন কেইবাজনো স্থানীয় খেতিয়ক। লখোপুৰৰে খৰ্গেশ্বৰ বৰ্মন, হেমন্ত বৰ্মন, ধৰ্মেশ্বৰ বৰ্মন, দশৰাথ কাকতি, কুমুদ বৰ্মন, দেৱজিৎ হালৈ, ধিৰাজ বৰ্মন, বসন্ত বৰ্মন, ৰাজেশ বৰ্মন, ভগৱান বৰ্মন, তৰুণ বৰ্মন, শৰৎ হালৈ আদিয়ে এই কথা চিন্তা কৰিছে।
৫টা ল'ৰা-ছোৱালীৰ পিতৃ শৰৎ হালৈ আছিল সেই অঞ্চলটোৰ গৰু-মহ পালনৰ নাম থকা এজন বিখ্যাত খেতিয়ক। বাৰে বাৰে তেওঁ বানত বিধ্বস্ত হৈছে। সৰ্বহাৰা হৈ হালুৱা গৰুহালকে ২৪ হাজাৰ টকাত বিক্ৰী কৰিছে। সেই ধনৰ কিছু অংশ পৰিয়ালক চলিবলৈ দি তাৰে কিছু টকাৰে ধাৰ মাৰি তেওঁ কেৰালালৈ যোৱাৰ সিদ্ধান্ত লৈছে।
ধৰ্মপুৰ সমষ্টিৰ খেতিয়কৰ বিলৈ এয়া। লখোপুৰৰ এচাম উদ্যোগী যুৱকৰ সিদ্ধান্ত এয়া। উদ্যোগ মন্ত্ৰী মহোদয়, আপোনাৰ সমষ্টিৰে এইসকল কৃষকৰ বিলৈ এবাৰ শুনিবলৈ আৰু তেওঁলোকৰ এই দুখৰ মুহূৰ্তত সহায়ৰ হাত আগবঢ়াবলৈ আছেনে কিবা ব্যৱস্থা আপোনাৰ হাতত?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/5aa8847c-dea6-4db7-8fb1-5a48a9d2e56b-1024x576.jpg)
বান শুকাই গ'ল। বানপানী থকাৰ সময়ত বান সাহায্যৰ নামত দাইল-চাউল দিয়া হ'ল। কোনোবাই পালে, কোনোবাই নাপালে। কিন্তু বান শুকোৱাৰ পাছতহে সৃষ্টি হৈছে আচল সমস্যা। ৰাজ্যৰ এই সকল কৃষকৰ দুখৰ কাহিনী শুনিবলৈ বা তেওঁলোকক সহায় কৰিবলৈহে নাই কোনো আঁচনি।
বান সাহায্যৰ বাবে, বানত ক্ষতিগ্ৰস্ত সকলক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে আজিও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো দাবী নজনালে। এছডিআৰএফৰ দিয়া টকা কেইটাকে লৈ বহুতে ঢাক-ঢোল বজালে। মুখ্যমন্ত্ৰীয়ে বান সাহায্য পুঁজিলৈ বহুতে অনুদান আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/4f08f8ff-e83b-4bf5-aa3c-5f95cff6683e-1024x576.jpg)
উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিতেই এই পৰিৱেশ। খবৰ ল'বলৈ তেওঁৰ আজৰি নাই। প্ৰশাসনে বাপুকনহঁতৰ খবৰ লৈয়ে দায়িত্ব সামৰিছে। জীয়াই থকা গৰু-মহ কেইটাৰ বাবে কিছু খাদ্য আগবঢ়াইছে। ২০১৮চনত এই বাপুকণ বৰ্মনসহ ৰাজ্যৰ ৬জন কৃষকক সম্ভাষণ জনাইছিল সদৌ অসম পশুপালন আৰু পশু চিকিৎসা সন্থাই।
বাপুকণে ইমান নিষ্ঠাৰে এই কৰ্ম কৰিছিল যে, মাছকো জৈৱিক আহাৰেই খুৱাইছিল। তেওঁৰ পুখুৰীৰ মাছৰ নাম আছিল। তেওঁ উৎপাদন কৰা কৃষি দৈব্যই আন্তঃৰাষ্ট্ৰীয় বজাৰত নাম পাইছিল। সেইবোৰ কথা কৈ যাওঁতে বাপুকণে হুমনিয়াহ এৰিছিল। ঘৰত বাপুকণৰ মাক আৰু ককায়েক।
ধাৰ কিছু বাপুকণৰ আছে। বেংকৰ নহয়, বিভিন্ন গোট আৰু ব্যক্তিৰ পৰা লোৱা ধন। আমি সুধিছিলো বাপুকণক- আপোনাৰ দৰে ৰাজ্যৰ শ্ৰেষ্ঠ কৃষকজনে কেৰালালৈ কাম বিচাৰি যাব। কি কৰিবগৈ তাত? বাপুকনে কৈছিল-' তাত বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিব পাৰিব। কৃষি কৰ্মৰ সৈতেও জড়িত হ'ব পাৰিলে ভাল। অসমৰো বহু ল'ৰা তাত আছে। এতিয়া মই এটা ল'ৰাও ফাৰ্মত ৰখাব পৰা অৱস্থাত নাই।'
বাপুকণৰ মতে, 'বয়স ৰৈ নাথাকে। প্ৰকৃতিৰ লগত আৰু কিমান যুদ্ধ কৰিম মই । এতিয়া মোৰ বাবে এই ফাৰ্ম অভিশপ্ত। বাপুকণৰ আন এক দুখ আছে। উন্মুক্ত মথাউৰিটোৰে সোমোৱা পানীয়ে সকলো শেষ কৰিলে। কিমানবাৰ ক'লো সেই মথাউৰিটো বান্ধিব লাগে। কিন্তু চৰকাৰে সেয়া নকৰিলে। আমিটো নিজেই মথাউৰি বান্ধিব নোৱাৰো।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/46c92d8d-96ef-442b-b9eb-77ada25e1716-576x1024.jpg)
সেই বাপুকণ এতিয়া এটা উদাহৰণ। ৰাজ্যৰ শ্ৰেষ্ঠ কৃষকজনেই এতিয়া সৰ্বহাৰা। কৃষিমন্ত্ৰী মহোদয়, মীন মন্ত্ৰী মহোদয় আৰু ধৰমপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কাণ দি শুনক। শুনক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। ৰাজ্যৰ কৃষকৰ এই বিলৈ।
অসমৰ মীন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ, শ্ৰেষ্ঠ কৃষক তথা দেশৰ ২০০ আদৰ্শ খেতিয়কৰ ভিতৰত স্থান পোৱা বাপুকণ বৰ্মনে সিদ্ধান্ত লৈছে। খেতি পথাৰ সকলো এৰি কেৰালালৈ গুচি যাব তেওঁ। লগত যাব সেই অঞ্চলৰে আন ৩০জন যুৱক আৰু খেতিয়ক। এই খবৰ আপোনালোকৰ বাবে সৰু হ'ব পাৰে। কিন্তু ৰাজ্যৰ কৃষি ক্ষেত্ৰখনৰ বাবে এয়া সৰু খবৰ নহয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/11113ec5354d-c388-49ba-8f2c-ef23d9c64b03-1024x576.jpg)
আন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰসকলক কোটি কোটি ধন দিয়া হয়। কিন্তু এই সকলে খাটি খোৱা লোকে নিজৰ কষ্টৰ বলত এক পৰ্যায়লৈ গৈছিল। চকুত অলেখ সপোন ৰচিছিল। পানীয়ে চাৰখাৰ কৰা সেই সপোন এতিয়া তেওঁলোকৰ চকুত নাই। বান বিধ্বস্ত এই খেতিয়ক সকলৰ চকুত এতিয়া দুখৰ চকুপানী। বাপুকণ বৰ্মনৰ দৰে লোকেই যদি কাম বিচাৰি কেৰালালৈ গুচি যাব লগা হয়, তেন্তে কি প্ৰয়োজন ৰাজ্যত মীন বিভাগৰ, কৃষি বিভাগ, উদ্যোগ বিভাগ তথা আপোনালোকৰ দৰে মন্ত্ৰীবোৰৰ?