'আজি দেউতা থকা হ'লে কিমান যে সুখী হ'ল হয়…'- এইদৰে কৈ উচুপি উঠিছিল মেঘাশ্ৰী। ঘৰখনত আনন্দমুখৰ পৰিৱেশ। ভাল নহয়, অতি ভাল ৰিজাল্ট কৰিছে মেঘাশ্ৰীয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা ছোৱালীজনীৰ আক্ষেপ আছিল এয়া।
হাতত দেউতাকৰ এখন ফটো লৈ দেউতাৰ স্মৃতি সুঁৱৰিছিল তাই। কান্দোন ধৰি ৰাখিব পৰা নাছিল মাকেও। 'দেউতাকে বৰ যত্ন লৈছিল ইহঁতৰ। এনে এক ফলাফল লাভ কৰা মুহূৰ্তত আমি অতি সুখী। কিন্তু আজি অভাৱ অনুভৱ কৰিছো দেউতাকৰ।'- মেঘাশ্ৰীৰ মাতৃ বন্তি বৰায়ো উচুপি উঠিছিল কেমেৰাৰ সন্মুখতেই।
সুখআৰু আনন্দৰ সেই মুহূৰ্তত ঘৰখনত নাছিল মূল মানুহজন। এবছৰৰ পূৰ্বে মৃত্যু হৈছিল গকুলবৰাৰ। মেঘাশ্ৰীৰ পিতৃ গকুল বৰাই কাম কৰিছিল সেনা বাহিনীৰ চিকিৎসা বিভাগত। দুজনীছোৱালী বন্তি বৰাৰ। ডাঙৰজনী পঢ়ি আছে দৰং কলেজত। সৰু ছোৱালী মেঘাশ্ৰীয়েও দৰংকলেজতে পঢ়িব। চিকিৎসক হোৱাৰ লক্ষ্য মেঘাশ্ৰীৰ।
যোৰহাটৰ চিন্ময় হাজৰিকাৰ ঘৰতো একেই পৰিৱেশ। এন আৰ এলৰ কৰ্মচাৰী চিন্ময়ৰ পিতৃ ৰূপক হাজৰিকা। মাতৃৰ নাম ৰুলী হাজৰিকা। সন্তানক মৰমেৰে আৱৰি ধৰি মাতৃয়ে কৈছিল মনৰ কথা। কি ফলাফল লাভ কৰিব লাগিব তাতোকৈ ভালদৰে পঢ়া-শুনা কৰাত গুৰুত্ব দিছিল চিন্ময়ে। এই ফলাফল লাভ কৰাত দুয়ো যথেষ্ট সুখী। ভাল ফলাফল লাভ কৰিব বুলি তেওঁলোকে আশা কৰিছিল। কিন্তু অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰা খবৰে সেই সুখৰ মাত্ৰা বঢ়াইছিল পৰিয়ালটোৰ। ভৱিষ্যতে চিকিৎসকে হ'ব খোজে চিন্ময়ে।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,৩৬,২০৩গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে ২,২৫,৫০৮গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। এইবাৰ ছাত্ৰীতকৈ ছাত্ৰই দেখুৱাইছে ভাল ফলাফল। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬২.৬৯ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৭.৯৯ শতাংশ।
২০১৯বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪৮,৫৯৯গৰাকীয়ে প্ৰথম স্থান, ৭১,০২০গৰাকীয়ে দ্বিতীয় স্থান আৰু ৮২,৮৮৯গৰাকীয়ে তৃতীয় স্থান লাভ কৰিছে। ২০১৯বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬০.২৩শতাংশ। ১,৩৩,৬৯৫গৰাকী ছাত্ৰ-ছাত্ৰী অনুত্তীৰ্ণ হৈছে এই পৰীক্ষাত।
মৰাণৰ ছেন্ট যোচেফ হাইস্কুলৰ ছাত্ৰী অৰ্চিতা দুৱৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিছে নৱম স্থান। শান্তনু দুৱৰা আৰু মুনমী দুৱৰাৰ একমাত্ৰ কন্যা অৰ্চিতাই ভৱিষ্যতে এগৰাকী সু-চিকিৎসক হ'ব খোজে। পৰীক্ষাৰ বাবে যথেষ্ট কষ্ট কৰিছিল অৰ্চিতাই। প্ৰতিদিনে তেওঁ নিৰ্দিষ্ট লক্ষ্য লৈ অধ্যয়নত নামিছিল।
প্ৰথম স্থান লাভ কৰা মেঘাশ্ৰী বৰাই ৬০০ নম্বৰৰ ভিতৰত ৫৯৪ নম্বৰ লাভ কৰিছে। ৯৯ শতাংশ নম্বৰেৰে প্রথম স্থান লাভ কৰা মেঘাশ্ৰীয়ে প্ৰথমে এই খবৰ বিশ্বাস কৰাই নাছিল। অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰি সুখী মেঘাশ্ৰী। তেওঁৰ এই সফলতাৰ আঁৰত আছিল মাতৃ আৰু প্ৰায়ত পিতৃ।
শংকৰদেৱ বিদ্যা মন্দিৰ, গৌৰীসাগৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৫৮৬ নম্বৰেৰে অষ্টম স্থান লাভ কৰিছে দেৱাশ্ৰী শইকীয়াই। দেৱাশ্ৰীৰ সফলতাত গৌৰাৱান্বিত অঞ্চলবাসী। বিদ্যালয়খনত উৎসৱমুখৰ পৰিৱেশ। ঘৰতো একেই পৰিৱেশেই বিৰাজ কৰিছে।
পঞ্চম স্থান লাভ কৰিছে মুঠ ৫জনে। তাৰ ভিতৰত আছে গোলাঘাট জাতীয় বিদ্যালয়ৰ উপাশা মুদৈয়ে। মুঠ ৫৮৯ নম্বৰ লাভ কৰিছে উপাশাই। উপাশাৰ সফলতাত গৌৰাৱান্বিত গোলাঘাটবাসী। গোলাঘাটৰ পৰা উপাশাৰ লগতে আন এগৰাকী ছাত্ৰয়ো এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিছে।
গোলাঘাটৰ পৰা আন এগৰাকী ছাত্ৰই দশম স্থান লাভ কৰিছে। তেওঁ হ'ল অচ্যুৎ কুমাৰ চেতিয়া। অচ্যুৎ আৰু উপাশা একেখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰী। দুয়ো পঢ়িছিল গোলাঘাট জাতীয় বিদ্যালয়ত। অচ্যুতে লাভ কৰিছে ৫৮৩ নম্বৰ।
ফলাফল লাভ কৰাৰ পাছতেই উপাশাৰ বাসগৃহত ভিৰ কৰিছেহি গুণগ্ৰাহীয়ে। অঞ্চলটোলৈ এনে কৃতত্ব কঢ়িয়াই অনাৰ বাবে কোনোবাই যদি তেওঁক গামোচা পিন্ধাইছে, আন কোনোবাই তেওঁক খুৱাইছে মিঠাই।
পুৰণিগুদাম বিদ্যা নিকেতনৰ ছাত্ৰ মন্টু গায়নে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৩ নম্বৰেৰে দশম স্থান লাভ কৰি নগাঁৱলৈ সফলতা কঢ়িয়ালে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ নগাঁৱত ৮জনকৈ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত আৰ্ফেন আহমেদে তৃতীয় স্থান, অংকু ৰাজ কাশ্যপে সপ্তম স্থান, নিক্ষীতা খাটনিয়াৰে অষ্টম স্থান, ইশান ভূঞাই অষ্টম স্থান, দীপ শইখীয়াই অষ্টম স্থান, ইৰ্ফান হকে অষ্টম স্থান, ছাদনিক বনিকে অষ্টম স্থান লাভ কৰিছে।
অষ্টম স্থান লাভ কৰা নীক্ষিতা পঢ়া-শুনাৰ লগতে আন বিষয়তো ৰাপ আছে। অতি ধুনীয়াকৈ গীত গাব পাৰে নীক্ষিতাই। ফলাফল লাভ কৰি সুখী নীক্ষিতা। তাৰ মাজতে নীক্ষিতাৰ মুখত শুনা পোৱা গ'ল এটা পুৰণি গীত। নীক্ষিতাই গালে- জীৱনে মৰণে চিৰদিন অসমীয়া শীৰ্ষ গীতটি-
নীক্ষিতাৰ ঘৰ নগাঁও জিলাৰ বৰজাহাৰত। দিপালী খাটনিয়াৰ আৰু মন্টু খাটনিয়াৰৰ কন্যা নীক্ষিতা। এইবাৰ বেবেজীয়া আৰ্য জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল নীক্ষিতা। ৬০০ নম্বৰৰ ভিতৰত ৫৮৬ নম্বৰ লাভ কৰা নীক্ষিতাই উচ্চতৰ মাধ্যমিক নগাঁৱতে পঢ়িব। ভৱিষ্যতে তেওঁৰ এজন সু-চিকিৎসক হোৱাৰ সপোন আছে।
কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলক লৈ অঞ্চলবাসী অতি গৌৰাৱান্বিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা মেঘাশ্ৰীক অঞ্চলবাসীয়ে ঘৰৰ পৰা আদৰি আনি বিদ্যালয়ত পাতিলে অভিনন্দন অনুষ্ঠান। এই মৰম আৰু আন্তৰিকতা কেৱল মেঘাশ্ৰীৰ প্ৰতি আছিল সকলোৰে শুভেচ্ছা।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ শইকীয়াৰ ঘৰত সুখৰ মাজতে দেখা পোৱা গ'ল দুখৰ পৰিৱেশ। পুত্ৰৰ ফলাফলত সুখী পিতৃয়ে ক'লে- ৰোগত আক্ৰান্ত দীপৰ মাতৃ অনিমা শইকীয়া। মাতৃ সুস্থ হৈ থকা হ'লে পুত্ৰৰ এই সফলতাৰ মাদকতা অন্য হ'ল হয়। তথাপিও অঞ্চলবাসীয়ে দীপক ঢোলে-ডগৰে আদৰি নি জনালে সম্বৰ্ধনা। কেইবাখনো বাহনত দীপক উঠাই তেওঁক লৈ যোৱা হ'ল বিদ্যালয়লৈ।
লক্ষণীয় কথাটো হ'ল- এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীৰেই ভৱিষ্যতৰ লক্ষ্য চিকিৎসক হোৱা। দশম স্থান লাভ কৰা অচ্যুৎ চেতিয়াও এই লক্ষ্য বান্ধিয়ে উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিব।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত লগতে হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলো এইবাৰ ঘোষণা কৰা হ'ল। এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৯,১২৭গৰাকী ছাত্ৰ-ছাত্ৰী। হাই মাদ্ৰাছা পৰীক্ষাত প্ৰথম তিনিটা স্থান লাভ কৰিছে ক্ৰমে- চেলিম আহমেদ, আব্দুল আজিজ আৰু ইলিয়াছ আলীয়ে।
অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আব্দুল আজিজে ৫৫৩ নম্বৰেৰে হাই মাদ্ৰাছা পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিছে। এটা সাধাৰণ জুুপুৰি ঘৰত বাস কৰে আব্দুল। নিজ চেষ্টাৰ ফলতেই আজিজে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ফলাফল লাভ কৰাত সুখী আজিজৰ পিতৃ-মাতৃ। পিতৃৰ মতে, তেওঁ নিজৰ কষ্টৰ বলত এই সফলতা বুটলিছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰো ১০০ শতাংশ উত্তীৰ্ণ হৈছে অসম জাতীয় বিদ্যালয়ৰ পৰা। বিদ্যালয়খনৰ প্ৰিয়ংকা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে ৫৮৯ নম্বৰ লাভেৰে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
পশ্চিম দৰঙলৈ ষষ্ঠ স্থান দখলেৰে গৌৰৱ বুটলি আনিলে অনুৰাগ বৰ্মনে। অমিতাভ বৰ্মন আৰু উষাৰাণী বৰ্মনৰ পুত্ৰ অনুৰাগ উদয়ন শান্তি নিকেতন, বেজেৰাৰ ছাত্ৰ আছিল। ভৱিষ্যতে তেওঁ এজন অভিযন্তাৰ হোৱাৰ লক্ষ্য লৈছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ মহানগৰীৰ ছেন্ট মেৰিছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ তিনিগৰাকীকৈ ছাত্ৰীয়ে লাভ কৰিলে স্থান। তাৰ ভিতৰত প্ৰত্যাশা মেধিয়ে দ্বিতীয় স্থান, অনুশ্ৰী ভূঞাই ৫৯১ নম্বৰেৰে তৃতীয় স্থান, সৃষ্টি শইকীয়াই ৫৯০ নম্বৰেৰে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ বছৰৰ তুলনাত চৰকাৰী খণ্ডৰ বিদ্যালয়েও কিছু সফলতাৰ মুখ দেখিছে। অৱশ্যে প্ৰথম ৫টা স্থানত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েই দখল কৰিলে। নাৰায়ণপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত ডন বস্ক হাইস্কুল, বাকছুং আৰু ছেন্ট মেৰিছ হায়াৰ ছেকেণ্ডাৰী, গুৱাহাটীৰ ছাত্ৰ-ছাত্ৰীৰ আছিল।
তৃতীয় স্থান লাভ কৰা দুয়াগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত বিদ্যালয়ৰ। চতুৰ্থ স্থান লাভ কৰে মহানগৰীৰ এখন আগশাৰীৰ ব্যক্তিগত বিদ্যালয় ছেন্ট মেৰিছৰ ছাত্ৰী সৃষ্টিয়ে। চৰকাৰী বিদ্যালয়ৰ ভিতৰত বৰপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।
বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে ষষ্ঠ স্থান লাভ কৰিছে। তেওঁলোক ক্ৰমে- ৰাজশ্ৰী পাঠক আৰু অভিপশ্যা দাস। জিলাখনৰ আন দুজন ছাত্ৰয়ো এই ফলাফলত স্থান লাভ কৰিছে। পাঠশালা শিক্ষাবিদ আদৰ্শ হাইস্কুলৰ হিৰকজ্যোতি চৌধুৰীয়ে নৱম স্থান আৰু উত্তৰ বজালি হাইস্কুলৰ উদিত্য কলিতাই দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কামৰূপ গ্ৰাম্যৰ আগদলা চাৰিআলি হাইস্কুলৰ বৰ্ষা ডেকাই লাভ কৰিছে অষ্টম স্থান। নগাঁও বইজ হাইস্কুলৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইশান ভূঞাই লাভ কৰিছে অষ্টম স্থান।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা ৩৯ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮জন নগাঁৱৰ, ৪জন কামৰূপ মেট্ৰ'ৰ, ৪জন বৰপেটাৰ, ৫জন কামৰূপ গ্ৰাম্যৰ, ডিব্ৰুগড়ৰ ২জন, শিৱসাগৰৰ ২জন, বাক্সাৰ ২জন, নলবাৰীৰ ৩জন, দৰঙৰ ১জন, লখিমপুৰৰ ৪জন, গোলাঘাটৰ ২জন, গোৱালপাৰাৰ ১জন, যোৰহাটৰ ১জন আছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ বিপৰীতে এই পৰীক্ষাৰ আন কিছু দিশ এইবাৰ লক্ষণীয় হ'ব। জিলা পৰ্যায়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষত আছে ধেমাজি জিলা। পূৰ্বৰ বছৰৰ দৰে ধেমাজি জিলাত এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৩.২৭ শতাংশ। মুঠ ১২,৬৫০গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ১০,৫৩৫গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
উত্তীৰ্ণ হাৰৰ তালিকাৰ শেষৰ ফালে আছে হাইলাকান্দি। জিলাখনত উত্তীৰ্ণৰ হাৰ মাত্ৰ ৩৯.০১ শতাংশ। ইফালে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ সন্তোষজনক বুলিব নোৱাৰি। ২০১০চনৰ পৰা ২০১৯চনলৈকে উত্তীৰ্ণৰ শতকৰা হাৰ লক্ষ্য কৰিলে দেখা যায়, যোৱা তিনিবছৰত এই হাৰ যথেষ্ট হ্ৰাস পাইছে। ২০১০চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৬৩.২৩ শতাংশ। ২০১১চনত সেই হাৰ বৃদ্ধি হৈছিল ৭০.৩৮ শতাংশলৈ। ২০১২চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৬৯.৬৩ শতাংশ।
২০১৭চনত সেই হাৰ ৪৭.৯৪শতাংশলৈ হ্ৰাস পাইছিল। ২০১৮ত ৫৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। আৰু এইবাৰ সেই হাৰ ৬০.২৩ শতাংশ।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হৈ গ'ল। পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ সকলো ব্যস্ত। কিন্তু তাৰ মাজতে ২০১৮বৰ্ষত কেইবাখনো চৰকাৰী বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ আছিল শূন্য। সেই বিদ্যালয়ত এইবাৰৰ ফলাফল কি হ'ল সেয়াও লক্ষণীয় হ'ব। কিয়নো পূৰ্বৰ ২০১৭চনত তেনে কেইবাখনো বিদ্যালয়ৰ মুৰব্বীক মাতি আনি তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা অনুষ্ঠান পাতি বিদ্যালয়ৰ ফলাফল উন্নত কৰিবলৈ হুংকাৰ দিছিল।
দুবছৰৰ পাছত সেই বিদ্যালয়সমূহৰ ফলাফল কি হয় সেয়া সকলোৱে লক্ষ্য কৰিব। ইয়াৰ লগতে গুণোৎসৱত উন্নত প্ৰদৰ্শন লাভ কৰা বিদ্যালয়সমূহৰ ফলাফলৰ প্ৰতিও দৃষ্টি থাকিব সকলোৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ ৰাজ্যত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়। সেই পৰিৱেশ কম-বেছি পৰিমানে আজিও অটুট আছে।
স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে কম নম্বৰৰ বাবে স্থান লাভ কৰিব নোৱাৰা বা পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিও আছে সমাজৰ দায়িত্ব। প্ৰায় ১.৩৩ লাখ ছাত্ৰ-ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফল হ'ব নোৱাৰিলে।
যি সময়ত চিবিএছই আন কেন্দ্ৰীয় শিক্ষানুষ্ঠানে অনুষ্ঠিত কৰা পৰীক্ষাত ৯০ শতাংশতকৈ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰে, সেই সময়ত ছেবাই অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰাটো সৰু কথা নহয়। বিশেষকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত উত্তীৰ্ণৰ হাৰ যথেষ্ট হ্ৰাস পাইছে পূৰ্বৰ তুলনাত।
কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ। যাৰ বাবে মুঠ উত্তীৰ্ণ হাৰত তাৰতম্য নঘটিলেও পৃথক পৃথকে ব্যক্তিগতখণ্ড বা চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ উলিয়ালে দুই পৰ্যায়ৰ বিদ্যালয়ৰ মাজত যথেষ্ট ব্যৱধান দেখা পোৱা যাব।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সময়তহে এইবোৰ কথা আলোচনা হয়। তাৰপাছত সকলো পূৰ্বৰ দৰেই চলি যায়। কিন্তু পূৰ্বৰ তুলনাত কিছু হ'লেও সংস্কাৰমুখী আৰু স্বচ্ছ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অৱশ্যে এতিয়াও এই ফলাফলত যদি কিবা ক্ৰুটি-বিচ্যুতি ঘটিছে সেয়া এতিয়াও পোহৰলৈ আহিবলৈ সময় আছে।