/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bikhekh-lekha-11.jpg)
দীপজ্যোতি শৰ্মা
আকৌ এবাৰ কোৰোনাৰ সংহাৰ । ২০২০ বৰ্ষত কোৰোনাৰ বাবে লকডাউন ঘোষণা কৰিছিল । এবছৰৰ পিছত পুনৰ আহিছে কোৰোনা সংক্ৰমণৰ দুখবৰ । ভয়াবহ ৰূপত সমগ্ৰ দেশ জুৰি সংক্ৰমিত হৈছে কোৰোনা ভাইৰাছ । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পত্নী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ।
বলিউদৰ চুপাৰষ্টাৰ আমিক খানৰ দেহতো কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰিছে । ৰাজ্য খনত ২৬ মাৰ্চৰ পৰা পুনৰ লকডাউন দিয়াৰ সম্ভাবনাই দেখা দিছে । গুজৰাটৰ চৰকাৰে মহাৰাষ্ট্ৰৰ পৰা ৰাজ্য খনলৈ অহা যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ২৪ মাৰ্চ ২০২১ত ।
এতিয়াৰ পৰা মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈ অহা লোক সকলে লগত কোভিড নিগেটিভৰ ৰিপ'ৰ্ট আনিব লাগিব । আৰু এই ৰিপ'ৰ্ট ৭২ ঘন্টাৰ পুৰনি হ'ব নোৱাৰিব । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে এই নিৰ্দেশ ।
সকলোৱে ভাবিছিল কোৰোনাৰ পৰা পৰিত্ৰান পালো । আবিস্কাৰ হ'ল কোৰোনাৰ ভেকক্সিন । ছাত্ৰ-ছাত্ৰী সকলে এবছৰ জোৰা অনলাইন ক্লাছৰ অন্তত শ্ৰেণী কোঠালৈ যাবলৈ সাজু হৈছিল । কোৰোনাৰ বাবেই স্মাৰ্ট ফোনৰ ক্লাছ ৰুম,ৱাটছএপ পৰীক্ষা,জুমৰ ভিডিঅ' কনফাৰেণ্স আদি আন্ত পৰিব বুলি ভবা হৈছিল ।
কিন্তু বৰ্তমানৰ পৰিবেশ পৰিস্থিতিয়ে তেনে ইংগিত বহন কৰা নাই । বুধবাৰে অৰ্থাত ২৪ মাৰ্চ ২০২১ত কোভিড ১৯ৰ সংক্ৰমনৰ সংখ্যাই চৰকাৰকো চিন্তিত কৰি তুলিছে । সন্মুখত হোলী । কেইবাখনো ৰাজ্যই কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি হোলী উদযাপনতো কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।
গুজৰাট চৰকাৰে ঘোষণা কৰিছে এইবাৰ ৰাজহুৱা স্থানত হোলী উদযাপন কৰিবলৈ দিয়া নহ'ব । কোভিডৰ সংক্ৰমণৰ সংখ্যা অসমতো বাঢ়িছে । যোৱা ২৪ ঘন্টাত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতহে কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ অহা নাই ।
মনিপুৰ, মেঘালয়.মিজোৰাম.চিকিম,ত্ৰিপুৰা,আন্দামান,নাগালেণ্ড,অৰুনাছল প্ৰদেশ,লাডাখ,উৰিষ্যা আদি ৰাজ্যত কোভিডত মৃত্যু হোৱা তথ্য নাই যদিও আনবোৰ ৰাজ্যত কোভিডৰ মৃত্যুৰ নতুন নতুন তথ্য আহিছে । তেলেংগানাত যোৱা ২৪ ঘন্টাত নতুনকৈ ৪৩১ জন লোকৰ দেহত কোভিড সংক্ৰমণৰ খবৰ পোৱা গৈছে । ৰাজ্যখনত ২ জন লোকৰ মৃত্যু হৈছে কোভিডত ।
পশ্চিম বংগতো কোভিডে ভয়াবহ ৰূপ লোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে । ৰাজ্য খনৰ ১৯ খন জিলাক ইতিমধ্য ৰেড অঞ্চল বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে । মহাৰাষ্ট্ৰৰ বীড জিলাত প্ৰশাসনে ২৬ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে লকডাউন ঘোষণা কৰিছে ।
জাৰ্মানীতো কোভিডৰ সংক্ৰমন বাঢ়িছে । এদিনতে দেশ খনত ১৫,৮১৩ জন লোক সংক্ৰমন হৈছে । বিশ্বৰ আন দেশ বোৰতো কোভিডৰ সংক্ৰমণ বৃদ্ধি হোৱা দেখা পোৱা গৈছে । ভাৰতত কোৰোনা ভাইৰাছৰ নতুন সংক্ৰমনৰ বাবে উদ্বিগ্ন হৈছে স্বাস্থ্য মন্ত্ৰনালয় ।
কোভিড ১৯ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত প্ৰথম বাৰৰ বাবে চিন্তা ব্যক্ত কৰিছে । কোভিড ১৯ক লৈ উদ্বিগ্ন চৰকাৰে চিঠি লিখি কোভিড ১৯ৰ প্ৰট'কল কঠোৰ ভাবে মানিবলৈ অনুৰোধ জনাইছে । ২৩ মাৰ্চ ২০২১ত অসমত নতুনকৈ ৫২ জন লোকৰ দেহত কোভিড ১৯ৰ উপস্থিতি ধৰা পৰে । ইয়াৰ ভিতৰত ৩৮ জনেই গুৱাহাটী মহানগৰীৰ ।
বিহু,ফাকুৱা,ঈদ আদি উৎসৱৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্য মন্ত্ৰনালয়ে । অচিৰেই ৰাজ্য চৰকাৰে পৰিস্থিতিৰ লগত সংগতি ৰাখি এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাবনা আছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/WhatsApp-Image-2021-03-24-at-4.58.11-PM.jpeg)
লক্ষনীয় যে অসমত এতিয়া চৌদিশে ৰাজনৈতিক সমাবেশ । অথচ স্বাস্থ্য মন্ত্ৰনালয়ে এনে সমাবেশ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে ৰাজ্য চৰকাৰক । কোভিডৰ সংক্ৰমনৰ নতুন ৰূপে অসমৰ নিৰ্বাচনত প্ৰভাব পেলোৱাৰ সম্ভাবনা নথকাও নহয় ।
শাসকীয় বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ অহা সূচীতো কিছু সালসলনি ঘটোৱা হৈছে বুলি জানিব পৰা গৈছে । কোভিডৰ বাবেই লক্ষ্য ৰাখি ছিপাঝাৰত প্ৰধানমন্ত্ৰী ভ্ৰমণ অগতীয়াকৈ কৰা হ'ল বুলিও চৰ্চা চলিছে ।
উল্লেখযোগ্য যে বিটিচি নিৰ্বাচনৰ সময়ত কোভিডৰ বাবেই ভোটগ্ৰহনৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল । চলিত বৰ্ষত কোভিডত একেদিনাই ২০০ৰো অধিক লোকৰ মৃত্যুৰ পিছত অসমৰ নিৰ্বাচনত ইয়াৰ প্ৰভাব পৰিলেও আচৰিত হ'ব লগা একো নাথাকিব ।
নিৰ্বাচন আয়োগে কোভিডৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ প্ৰচাৰ আৰু ভোট গ্ৰহনৰ সময়ত বহু নিৰ্দেশনা তথা প্ৰট'কল নিৰ্ধাৰন কৰি দিছে । কিন্তু প্ৰায়বোৰ ৰাজনৈতিক দলে সেই নীতি নিৰ্দেশনা ধোৱাচাঙত তুলি লাখ লাখ লোক সমাগম কৰি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ।
২৩ মাৰ্চত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ে প্ৰকাশ কৰা নিৰ্দেশনাত কোৱা হৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহত লকডাউনৰ নিৰ্দেশনা কঠোৰ ভাবে মানি লোৱা নাই । সেই নিয়ম সমূহ কঠোৰ ভাবে পালন কৰিবলৈ আৰু কন্টেইমেন্ট জ'ন সমূহত এই নিৰ্দেশনা মানি চলিচে নে নাই সেই সন্দৰ্ভত জিলা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে ।
টেষ্ট-ট্ৰেক-ট্ৰিট প্ৰট'ক'ল দেশৰ প্ৰতিটো প্ৰান্তত মানি চলাটো অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰি গৃহ মন্ত্রণালয়ে নিৰ্দেশনাটোত কয় কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাত আৰটি-পিচিআৰ টেষ্ট অতি কম পৰিমানত কৰা হৈছে।
এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাসমূহত এই টেষ্টসমূহৰ পৰিমান ৭০ শতাংশ বা তাতকৈ অধিকলৈ বৃদ্ধি কৰাৰ বাবে নিৰ্দেশ দিয়ে গৃহমন্ত্রণালয়ে। উল্লেখ্য যে, অহা ৩০ এপ্ৰিল, ২০২১লৈ এই নিয়মসমূহ কঠোৰভাৱে মানিব লাগিব ৰাজ্য চৰকাৰসমূহে।
ৰাজ্যত এতিয়া তুংগত নিৰ্বাচনী প্ৰচাৰ ।ষ্টাৰ কেম্পেনাৰেৰে লাখ লাখ মানুহ গোটাই প্ৰচাৰ অব্যাহত ৰাখিছে শাসক -বিৰোধী প্ৰতিটো ৰাজনৈতিক দলে । ক্ষমতাৰ লালসাত যেন নেতা সকলে পাহৰি গৈছে কোৰোনাৰ ভয়াবহতা । ভোটৰ স্বাৰ্থত ভোটাৰৰ জীৱনৰ সৈতে যেন হেতালি খেলিছে নেতাই । কোৰোনাক লৈও যেন হৈছে ৰাজনীতি ।
কোৰোনাৰ এই ভয়াবহ সময়ত যেন নেতা,মন্ত্ৰীৰ লগতে জনসাধৰন সজাগ নহয় । স্বাস্থ্য মন্ত্ৰানালয়ে বাৰে বাৰে সকলোকে মাস্ক ছেনিটাইজাৰৰ বাবে আহ্বান জনাইছে যদিও জন সমাবেশ সমূহত কোভিডৰ সকলো প্ৰট'কল ভংগ হোৱা দেখা গৈছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ লগতে চৰকাৰে কি ধৰনে ব্যৱস্থা গ্ৰহন কৰিব সেয়াহে লক্ষনীয় হ'ব ।