কোন ক’ত ? আসনৰ অংকই লগাইছে জংক পংক…

কোন ক’ত ? আসনৰ অংকই লগাইছে জংক পংক…

দীপ জ্যোতি শৰ্মা

সমাগত ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন । বিধান সভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দল সমূহে দিছপুৰ দখলৰ বাবে উঠি পৰি লাগিছে । ৰাজনৈতিক দল সমূহে বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুত কৰিছে বিভিন্ন ধৰনৰ ৰণনীতি ।

কিন্ত মিত্ৰতা হ'লেও মিলা নাই অংক বহুতৰে । কোন দলে কিমান সমষ্টিত নিৰ্বাচনত প্ৰতিদন্দিতা কৰিব সেই উত্তৰ এতিয়াও ওলোৱা নাই । ৭ ৰাজনৈতিক দলৰ মহা মিত্ৰজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে উমৈহতীয়া নুন্যতম কাৰ্যসূচী এতিয়াও স্থাৱৰ কৰিব পৰা নাই । দল কেইটাৰ মাজত সমষ্টি কেন্দ্ৰিক বুজাপৰা চলি আছে যদিও ২৭ মাৰ্চৰ নিৰ্বাচনৰ পূৰ্বে কোন সমষ্টিত কোনে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব সেই অনুষ্ঠানিক সিদ্ধান্ত ল'বলৈ এতিয়াও বাকী ।

ৰাইজৰ দল আৰু আসম জাতীয় পৰিষদৰ সমষ্টি ভা গবতৰা সন্দৰ্ভত কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । লুৰীন জ্যোতি গগৈ আৰু অখিল গগৈয়ে আলোচনাত বহিছে যদিও সেই তালিকা প্ৰকাশ কৰা হোৱা নাই । এইবাৰ নিৰ্বাচনত অসমত মূলত তিনিটা শিবিৰ ।

এফালে বিজেপি নেতৃত্বধীন এডিএ । য'ত বিজেপি আৰু অগপ প্ৰধান দল । আন এটা শিবিৰত কংগ্ৰেছ,বিপিএফ আৰু বাওদল সমূহ আৰু তৃতীয়টো শিবিৰত এজেপি আৰু ৰাইজৰ দল । মূলত এই তিনি পক্ষৰ মাজতে এইবাৰ নিৰ্বাচনী যুঁজ অসমত সীমাবদ্ধ হৈ থাকিব ।

অসম গণ পৰিষদৰ নেতৃত্বই এইবাৰ নিৰ্বাচনত পূৰ্বতকৈ অধিক আসনত প্ৰতিদন্দিতা কৰা ইচ্ছা ব্যক্ত কৰিছে । সেই অনুসৰি অগপ নেতৃত্বই ৪০ খন বিজেপিৰ পৰা বিছাৰিছে । উল্লেখযোগ্য যে ২০১৬ চনৰ নিৰ্বাচনত অসম গণ পৰিষদে ১৪ খন আসনত প্ৰতিদন্দিতা কৰিছিল ।

২০১৬ অসম বিধান সভা নিৰ্বাচনত অসম গণ পৰিষদে ১৪ খন আসনত জয়লাভ কৰিছিল । দলটোৱে মুঠ ১,৩৭৭,৪৮২ টা ভোট লাভ কৰিছিল । মুঠ ভোটৰ ১.০৮ শতাংশ ভোট লাভ কৰিছিল অসম গণ পৰিষদে । বিজেপি নেতৃত্বই এইবাৰ অসম গণ পৰিষদক এৰি দিব বিচাৰিছে ১০ খন আসন ।

সেই সমষ্টি সমূহৰ হ'ল বিশ্বনাথ, সৰুক্ষেত্ৰী, মানকাছৰ,বকো,হাজো, নাওঁবৈছা আৰু ছয়গাওঁৰ লগতে অগপ সভাপতি অতুল বৰাৰ দখলত থকা বোকাখাত সমষ্টি, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু যোগান মন্ত্ৰী ফনীিভূষন চৌধুৰীৰ দখলত থকা কলিয়াবৰ আৰু বঙাইগাওঁ সমষ্টি অগপক দিছে ।

২০১৬ বিধানসভা নিৰ্বাচনত অগপই দখল কৰিছিল ১৪ টাকৈ সমষ্টি আছিল – বৰপেটা, পশ্চিম গুৱাহাটী, কমলপুৰ,তেজপুৰ, বঢ়মপুৰ, কলিয়াবৰ, বোকাখাত, দেৰগাওঁ, টিয়ক, আমগুৰি, লখিমপুৰ, নাহৰকটীয়া,পাটাছাৰকুছি । কিন্ত এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰাৰম্ভিক বৈঠকত অগপৰ দখলত তিনি সমষ্টিক অগপৰ হাতত দি বাকী ১১ টা সমষ্টি অগপক দিব বিচৰা নাই বিজেপিয়ে ।

২০১৬ৰ বিধানসভা নিৰ্বাচনত বকো সমষ্টিৰ পৰা জয়লাভ কৰিছিল কংগ্ৰেছৰ নন্দিতা দাসে । নন্দিতা দাসে নিৰ্বাচনটোত লাভ কৰিছিল ৬৯,৯৮৯ টা ভোট আনহাতে বকো সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰা অগপ প্ৰাৰ্থী জ্যোতি প্ৰসাদ দাসে লাভ কৰিছিল ৫২,৩৯২ টা ভোঠ । ১৭,৫৯৪ টা ভোটত বকোত জয়লাভ কৰিছিল কংগ্ৰেছৰ নন্দিতা দাসে ।

ছয়গাওঁ সমষ্টিত ২০১৬ বিধান সভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে ৭২,২৭১ টা ভোট লাভ কৰিছিল । ছয়গাওঁ সমষ্টিত অগপ প্ৰাৰ্থী ড০ কমলা কলিতাই লাভ কৰিছিল ৬৪,৩৯০ টা ভোট । ২০১৬ বিধান সভা নিৰ্বাচনত ৭,৮২১ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ৰেকিবুদ্দিন আহমেদ ।

হাজো সমষ্টিতো এইবাৰ অগপক এৰি দিব বিচাৰিছে বিজেপিয়ে । হাজো সমষ্টিত ২০১৬ চনৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াই ৫৫,০৯৬ টা ভোট লাভ কৰিছিল । বৰ্তমান অসম জাতীয় পৰিষদত যোগদান কৰা দুলু আহমেদে কংগ্ৰেছৰ প্ৰাৰ্থী হিছাপে হাজো সমষ্টিৰ পৰা লাভ কৰিছিল ৪৬,১৮৮ টা ভোট । এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়া ৮৯০৮ টা ভোটত জয়লাভ কৰিছিল ।

বিশ্বনাথ সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰে জয়লাভ কৰিছিল । প্ৰমোদ বৰঠাকুৰে নিৰ্বাচনটোত লাভ কৰিছিল ৬৪,২২৫ টা ভোট । আনহাতে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰজামাল চৰকাৰে লাভ কৰিছিল ৫৪,১০৫ টা ভোট । এই সমষ্টিটোত ১০,১২০ ভোটত জয়লাভ কৰিছিল বিজেপিৰ প্ৰমোদ বৰঠাকুৰে ।

বিজেপিয়ে অগপক এৰি দিব খোজা আন এটা সমষ্টি হৈছে নাওঁবৈচা । এই সমষ্টিটোত এআইইউডিএফৰ মামুন ইমাদাদুল হক চৌধুৰীয়ে ৫৬০০৩ টা ভোট লাভ কৰিছিল আৰু সেই সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙে লাভ কৰিছিল ৫৪,৭৭০ টা ভোট । ১২৩৩ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী গৰাকী ।

সৰুক্ষেত্ৰী সমষ্টিত ২০১৬ৰ বিধানসভা নিৰ্বাচনত ২৪,২৪৭ টা ভোটত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুচেইন শিকদাৰ । নিৰ্বাচনটোত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৭০,০৬২ টা ভোট ।সমষ্টিটোত অগপ প্ৰাৰ্থী চিত্তৰঞ্জন বৰ্মনে লাভ কৰিছিল ৪৫,৫১৫ টা ভোট ।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মানকাছৰ সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী মতিউৰ ৰহমানে ৫১,১৮১ টা ভোট লাভ কৰিছিল । ইফালে এই সমষ্টিটোত দ্বিতীয় স্থানত থকা এআইইউডিএফৰ প্ৰাৰ্থী মহম্মদ আমিনুলে লাভ কৰিছিল ৪৯,৮৬৮ টা ভোট । ৪,৩১৩ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী গৰাকী ।

২০২১ৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে অগপক এৰি দিব খোজা সমষ্টিৰ ভিতৰত আছে বঙাইগাওঁ সমষ্টি । অগপৰ জ্যেষ্ঠ নেতা ফনীভূষন চৌধুৰীয়ে এই সমষ্টিটোত ২০১৬ চনৰ বিধানসভা নিৰ্বাচন লাভ কৰিছিল ৭৭,২৯২ টা ভোট । সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে লাভ কৰিছিল ৪৫,৯৭২ টা ভোট । ৩১,৩২০ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ফণী ভূষন চৌধুৰী ।

বোকাখাত সমষ্টিত ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত অতুল বৰাই লাভ কৰিছিল ৬২৯৬২ টা ভোট । সমষ্টিটোত অতুল বৰা জয়ী হৈছিল ৪০,১৯৩ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল অগপ সভাপতি গৰাকী । আনহাতে কলিয়াবৰৰ সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী কেশব মহন্তই লাভ কৰিছিল ৬৪,৭৫৯ টা ভোট । ৩৭৯৯০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল কেশৱ মহন্তই ।

২০১৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল সমূহ লক্ষ্য কৰিলে দেখা যায় যে এই সমষ্টি সমূহত অগপৰ শক্তিশালী ভেটি নাই । গতিকে ২০২১ৰ নিৰ্বাচনত এই সমষ্টিত সমূহত কেনে প্ৰভাৱ পেলাব পাৰিব অগপই তাক লৈ বিভিন্ন মহলত চৰ্চা লাভ কৰিছে । বৰ্তমানেও আসন বুজাবুজি চূড়ান্ত হোৱা নাই লগতে অগপৰ কেন্দ্ৰীয় নেতৃত্বই এই সন্দৰ্ভত দিল্লী বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে এক বৈঠকতো মিলিত হ'ব ।অগপৰ কেন্দ্ৰীয় নেতৃত্বইও সোমবাৰে সন্ধিয়া এক বৈঠকত মিলিত হয় ।

২০২১ৰ বিধান সভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ মুখ্য নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও অসমত প্ৰচাৰ চলাব । আসন ভাগ বতৰাক লৈ ব্যস্ত ৰাজ্যৰ ৰাজনৈতিক দল সমূহ। নিৰ্বাচন পদূলী মুখত । কিন্তু প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰৰ সলনি কোনে ক'ত প্ৰতিদন্দিতা আগবঢ়াব তাকলৈ ব্যস্ত হৈ পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in