/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/0e997b68-03e1-4e86-a961-f15df6ee9002.jpg)
নিজৰ ১০ বিঘা মাটি কোৰোনা ভাইৰাছৰ চিকিৎসালয়ৰ নামত দান কৰিবলৈ আগবাঢ়ি আহিছে এজন অসমীয়া। তেওঁ বিচাৰে সৰ্বস্ব ত্যাগ কৰি হ'লেও এই যুঁজত আমি জয়ী হ'ব লাগিব। কি ক'লে এইজন অসমীয়াই? প্রথমবাৰৰ বাবে সংবাদমাধ্যমৰ সৈতে কথা পাতিলে কলিয়াবৰৰ কৃষ্ণ মহন্তই। মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।
কোৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে তাণ্ডৱ আৰু আতংকময় পৰিৱেশ সৃষ্টি কৰা সময়ত এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ অসম চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসাৰ আন্তঃগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি COVID-19ৰে যুঁজিবলৈ ৰাজ্যখনত ৪-৫খন চিকিৎসালয় নিৰ্মাণৰ বাবে তৎপৰ হৈছে ৰাজ্য চৰকাৰ।
ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে তেনে চিকিৎসালয় নিৰ্মাণৰ বাবে উপায়ুক্তসকলক মাটিৰ সন্ধান কৰিবলৈ নিৰ্দেশ দিছে। সেই সময়তে অসমৰ এজন ব্যক্তিয়ে স্বইচ্ছাই এই ভাইৰাছৰ ফলত নামি অহা সংকটৰ প্ৰতি সহায়ৰ হাত আগবঢাবলৈ আগবাঢ়ি আহিছে।
এখন চিকিৎসালয় নিৰ্মাণৰ বাবে কলিয়াবৰত ১০ বিঘা মাটি চৰকাৰক দিবলৈ প্ৰস্তাৱ আগবঢ়াইছে কৃষ্ণ মহন্ত নামৰ ব্যক্তিগৰাকীয়ে। কৃষ্ণ মহন্তৰে হোৱা বাৰ্তালাপত এই সন্দৰ্ভত তেওঁ কয়- 'মই আজি আবেলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলখন চাইছিলো। মোৰ পত্নীয়ে মোক মাতি দেখুৱাইছিল সেই সংবাদমেলখন। তেওঁ কৈছিল- ডিব্ৰুগড় আৰু গুৱাহাটীত ২খন চিকিৎসালয় নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আন স্থানত চিকিৎসালয় নিৰ্মাণৰ বাবে উপায়ুক্তসকলক মাটিৰ সন্ধান কৰিবলৈ দিয়া হৈছে।
এই সংবাদমেলখন চাই মই ভাবিলো এই সংকটৰ সময়ত ময়ো কিছু পৰিমানে হ'লেও চৰকাৰৰ এই প্ৰচেষ্টাৰ অংশীদাৰ হ'ব পাৰো। দুৱাৰবাগাৰ মৌজাৰ ৰামলুৰ দিচামত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মোৰ ১০ বিঘা মাটি আছে। সেয়েহে মই এই মাটিখিনি কোৰোনা ভাইৰাছৰ চিকিৎসাৰ বাবে নিৰ্মাণ কৰিবলৈ লোৱা চিকিৎসালয় নিৰ্মাণৰ বাবে স্বইচ্ছাই দান দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি মহোদয়ক এক প্ৰস্তাৱ প্ৰদান কৰো।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/brthdaylanddonat-11111-Untitled-15-copy.jpg)
কলিয়াবৰত বৰ্তমান বাস কৰা কৃষ্ণ মহন্তই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰে হোৱা বাৰ্তালাপত এই কথাও ক'লে- তেওঁ ব্যৱসায় বা সাধাৰণ ঠিকা কৰি জীৱিকা নিৰ্বাহ কৰে। দান দিবলৈ লোৱা মাটিখিনি ২০১৩চনত তেওঁ ৪৬লাখ টকাত ক্ৰয় কৰিছিল। সেই মাটিৰ মূল্য এতিয়া কোটি টকাৰো বেছি হ'ব।
কিন্তু লক্ষণীয় কথাটো হ'ল- এনেদৰে কোনোবাই টকা দিলেও চিকিৎসালয় নিৰ্মাণৰ বাবে একেলগে ১০ বিঘা মাটি দিয়াৰ নজিৰ এই মুহূৰ্তত বিশ্বতেই নাই। ইতিমধ্যে কলিয়াবৰ মহকুমাৰ প্রশাসনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কৃষ্ণ মহন্তই প্ৰেৰণ কৰা এই আৱেদন প্ৰেৰণ কৰিছে।
নন কেয়াৰ এ বি ৩/২০২০/০৬৪০ নম্বৰ পত্ৰযোগে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। য'ত কৃষ্ণ মহন্তই বিয়া প্ৰস্তাৱ আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে দিনে-নিশাই এই সংক্ৰমণৰ ব্যাধিৰ পৰা অসমবাসীক ৰক্ষা কৰিবলৈ কৰা পৰিশ্ৰমত অনুপ্ৰাণিত হৈ নিজা ১০ বিঘা মাটি দিবলৈ বিচৰা কথা উল্লেখ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/brthdaylanddonat-222222-Untitled-15-copy.jpg)
কৃষ্ণ মহন্তৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা সঁচাকৈয়ে বিৰল। তেওঁৰ সৈতে কথা পাতোতে অতি সহজ-সৰল এই ব্যক্তিগৰাকীয়ে ক'লে- 'টকা-পইচাই ডাঙৰ কথা নহয়। টকা আহিব-যাব। কিন্তু এই সংকটৰ মুহূৰ্তত আমাৰো দায়িত্ব আছে। মই সেই দায়িত্ব পালন কৰিব বিচাৰো।বহুতে মোক এই কথা জানি ফোন কৰিছে। মই পৰাপক্ষত তেওঁলোকৰ সৈতে এই কথাখিনি পাতিব বিচৰা নাছিলো। কিয়নো প্ৰচাৰৰ বাবে মই এয়া কৰা নাই। আমাৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ইমানখিনি কৰিছে, আমি তাৰ তুলনাত নিঃস্বাৰ্থভাৱে এইখিনিও কৰিব নোৱাৰোনে?'
কৃষ্ণ মহন্তৰ এই সৰলতা আৰু দায়ৱদ্ধতাই সকলোৰে হৃদয় চুই যাব। লগতে তেওঁ কৈছিল- 'মই বৰ টকা-পইচা থকা মানুহ নহয়। কিন্তু সমাজমুখী মন এটা লৈ মই ফুৰো। কাৰোবাৰ কাৰণে কিবা এটা কৰিব পাৰিলে মোৰ পৰিয়ালটোৱে সন্তুষ্টি লাভ কৰে। মোৰ পত্নীয়েও মোক প্ৰেৰণা দিয়ে। সেয়াই আমাৰ সম্বল। বাকীবোৰ পাছৰ কথা। এই দুৰ্যোগৰ মুহূৰ্তত আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰো সেই কথাই চিন্তা কৰিব লাগে এতিয়া।'
কৃষ্ণ মহন্তৰ ইচ্ছা আৰু আশা, চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিব। কলিয়াবৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰাৰ দৰেই কোৰোনা ভাইৰাছৰ বাবে এখন চিকিৎসালয় হ'ব। অন্ততঃ তেতিয়া বহু মানুহৰ প্ৰাণ ৰক্ষা পৰিব। এয়াই অসমীয়া। কৃষ্ণ মহন্তৰ দৰে মানুহে প্ৰমাণ দি দিয়ে, বিপদৰ মুহূৰ্তত অসমীয়া কিমান উদাৰ।