/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/banana-main-face-main-face-banana-666-Untitled-6-copy.jpg)
কোৰোনা ভাইৰাছে সৃষ্টি কৰা সংকটৰ সময়তে আহিছে এটা ভাল খবৰ। কলগছৰ পটুৱাৰ পৰা প্ৰস্তুত কৰা হ'ব সূতা। অসমত স্থাপন হ'ব কলগছৰ পৰা সূতা প্ৰস্তুত কৰা উদ্যোগ। ইতিমধ্যে এই সন্দৰ্ভত বহুখিনি আগবাঢ়িছে। এজোপা ভীম কলৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব ১৫-২০ হাজাৰ টকা।কিন্তু তাৰ বাবে কি কৰিব লাগিব? মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন।
কলগছ অসমীয়া সমাজ জীৱনৰ এৰাব নোৱাৰা অংগ। কলৰ প্ৰতিটো অংশই ব্যৱহাৰ কৰা হয়। কিন্তু কল লগাৰ পাছত পুৰঠ কলগছ জোপা পেলাই দিব লাগে। নষ্ট হয় কলৰ গা গছ। গ্ৰাম্য সমাজত কলগছৰ পটুৱাৰে ভোজ খোৱা বা জা-জলপান খোৱাৰ ডোং প্ৰস্তুত কৰা হৈছিল যদিও সেয়া এতিয়া পাহৰণি সদৃশ।
তাৰমাজতে আহিছে এটা ভাল খবৰ। যোৰহাটৰ এজন বিশেষ ব্যক্তিৰ উদ্যোগত অসমত এনে এক উদ্যোগ স্থাপন কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে যে, এই উদ্যোগ স্থাপন হ'লে এজোপা কলগছৰ কোনো অংশই পেলাই দিব লগা নহ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/banana-555-Untitled-6-copy-1.jpg)
অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত যোৰহাটৰ বিশিষ্ট নাগৰিক তথা সমাজ সেৱক প্ৰমথ কুমাৰ বৰুৱাই জানিবলৈ দিয়া মতে, তেওঁলোকে তিনি বছৰ পূৰ্বেই গঠন কৰিছিল ছ'চাইটী ফৰ ছ'চিঅ' ইক'ন'মিক ৰিছাৰ্জেঞ্চ চমুকৈ এছএছইআৰ।
ইয়াৰ সৈতে জড়িত হৈ আছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। গুৱাহাটী আই আই টিৰ চৌহদত থকা ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক ডঃ মুকুল চন্দ্ৰ বৰা, কৃষি বিজ্ঞানী ৰূপম কাকতি, ভাস্কৰ ভাগৱতীকে ধৰি এই ব্যক্তিসকলৰ চিন্তাৰ ফচল আছিল কলগছৰ পৰা কেনেদৰে ফাইবাৰ প্ৰস্তুত কৰি ইয়াক এক ব্যৱসায়িক মাত্ৰা দিব পাৰি।
দীৰ্ঘদিনৰ চিন্তা-চৰ্চা, অধ্যয়নৰ পৰিণতিত এছ এছ ই আৰয়ে লৈছে বিশেষ উদ্যোগ। বহিঃৰাজ্যৰ কেইবাগৰাকীও বিশেষজ্ঞৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিংযোগে হৈছে আলোচনা। এই দিশত তথ্য প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত আন ৰাজ্যৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ তেওঁলোক আগবাঢ়িছে এক বিশেষ কামৰ বাবে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/banana-444-Untitled-6-copy-1.jpg)
প্ৰমথ কুমাৰ বৰুৱাই জানিবলৈ দিয়া মতে, ইতিমধ্যে ৫০গৰাকী যুৱক-যুৱতী আগবাঢ়ি আহিছে এই কামৰ বাবে। ঘৰৰ বাৰীত থকা কলগছ সাধাৰণতে কল লগাৰ পাছত পেলাই দিয়ে । গা গছজোপা কটাৰ পাছত পেলাবলৈ মানুহৰ ঠাইৰ অভাৱ হয়। কিন্তু এতিয়াৰ পৰা সেই কাম কলখেতিয়কসকলে কৰিব নালাগে।
এই কলগছৰ পৰা ফাইবাৰ উৎপাদন কৰিব পৰা এক মেচিন যাতে সমগ্ৰ ৰাজ্যতে স্থাপন কৰিব পাৰি তাৰ বাবে তেওঁলোকে এক কৰ্ম আঁচনি প্ৰস্তুত কৰি উলিয়াইছে। কেৰালা, গুজৰাট আৰু অন্যান্য ৰাজ্যত কলগছৰ পৰা আঁহ আৰু সেই আঁহৰ পৰা সূতা প্ৰস্তুত কৰাৰ বাবে অসমৰ নিবনুৱা তথা কল খেতিয়কসকলক যাতে যোগান ধৰিব পাৰে তাৰ বাবে অতি কম মূ্ল্যত এনে মেচিন প্ৰস্তুত কৰা প্ৰতিষ্ঠানৰ সৈতেও যোগাযোগ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/banana-333-Untitled-6-copy-1.jpg)
এছএছইআৰৰ এই উদ্যোগ সন্দৰ্ভত তেওঁ জনাই যে, ইয়াক আমাৰ কোনো আৰ্থিক লাভালাভৰ কথা নাহে। আমি কেৱল চিন্তা কৰিছো যাতে কল খেতিয়কসকলে এই মেচিন ক্ৰয় কৰি কলগছৰ গা গছ অৰ্থাৎ পটুৱাৰ পৰা সূতা প্ৰস্তুতৰ এক প্ৰক্ৰিয়াৰে আৰ্থিক বাবে সবল হ'ব পাৰে। প্ৰাথমিক পৰ্যায়ত আমি এনে মেচিন ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰি কলগছৰ পৰা আঁহ প্ৰস্তুত কৰা আৰু পৰৱৰ্তী সময়ত সেই আঁহৰ পৰা সূতা প্ৰস্তুত কৰিব পৰা সূতা কটা দুটা উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা কৰিছো।
বৰুৱাই লগতে কয়- ইয়াৰ বাবে এছএছইআৰে কোনো ধন যোগান নধৰে। কিন্তু কিধৰণে এনে কামৰ প্ৰতি আগ্ৰহ থকা লোকসকল আগবাঢ়িব পাৰে সেই দিহা পৰামৰ্শহে প্ৰদান কৰিব। উল্লেখ্য যে, এজোপা ভীম কলগছৰ ওজন প্ৰায় ২ কুইন্টেল হয়। কল লগাৰ পাছত এই গছজোপা কাটি পেলাই দিয়া হয়। কিন্তু ইয়াৰ বিশেষ ব্যৱহাৰ নাথাকে।
বৰুৱাই জনায়- তেনে কাটি পেলাই দিয়া ভীম কলগছ এজোপাৰ পৰা আমি যথেষ্ট পৰিমানৰ ফাইবাৰ আৰু তাৰ পৰা সূতা প্ৰস্তুত কৰিব পাৰো। সাধাৰণতে কলগছৰ গা গছত ৮০ শতাংশ পানী থাকে। ইয়াৰে ৮০ শতাংশ পানী বাদ দি ৪০ কেজি পৰ্যন্ত ফাইবাৰ পাব পাৰি এজোপা কলগছৰ পৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/banana-111-Untitled-6-copy-1.jpg)
লগতে তেওঁ জনায়- কলগছৰ পৰা ফাইবাৰ প্ৰস্তুত কৰাৰ সময়ত যি পানী বাহিৰ হ'ব সেই ৮০ শতাংশ পানী কিছুদিন ৰখাই তাক পচন সাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। কিয়নো কলগছৰ এই পানীত উদ্ভিদৰ বাবে প্ৰয়োজনীয় যথেষ্ট মৌল থাকে। এনে পানী প্ৰতি লিটাৰ বটলত ১০ টকা মূল্যত বিক্ৰী কৰিলেও কল গছৰ খেতিয়কসকল লাভৱান হ'ব।
এছএছইআৰক এই সন্দৰ্ভত বিশেষভাৱে সহায় কৰিছে এগৰাকী গুজৰাটৰ বিশেষজ্ঞই। তেওঁৰ নাম সুনীল ত্ৰিবেদী। লকডাউনৰ মাজতে যোৱা ১৭ আৰু ২১ জুনত ভিডিঅ' কনফাৰেঞ্চিংযোগে এই বিষয়ে আলোচনা কৰিছে শেহতীয়াভাৱে। ইফালে, নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনৰ এগৰাকী ফেকাল্টী আহিব এই কল ফাইবাৰৰ উদ্যোগৰ বাবে আগবাঢ়ি অহা যুৱক-যুৱতীসকলক পৰামৰ্শ প্ৰদানৰ বাবে।
সমগ্ৰ ৰাজ্যত ক'ত কিমান কলখেতি হয় সেই সন্দৰ্ভত এক ছাৰ্ভে কৰাৰো প্ৰস্তুতি চলাইছে তেওঁলোকে। বৰুৱাৰ মতে, উজনি অসমৰ বহু কেইগৰাকী লোকে এই সন্দৰ্ভত আগ্ৰহ ব্যক্ত কৰিছে। এনে কলগছৰ গা গছৰ পৰা ফাইবাৰ প্ৰস্তুত কৰিব পৰা মেচিন কল উৎপাদন কৰা দুখন গাঁৱৰ মাজত এটাকৈ স্থাপন কৰিব পাৰিলে কল খেতিয়কসকলে যথেষ্ট উৎপাদন কৰিব পাৰি।
এনে মেচিন প্ৰস্তুত কৰা প্ৰতিজনৰ সৈতে এছএছইআৰে কথা পাতিছে। ৪০-৫০ হাজাৰ টকা মূল্যত যাতে সেই মেচিনসমূহ ক্ৰয় কৰিব পাৰি তাৰ বাবে তেওঁলোকে তেনে প্ৰতিষ্ঠান সমূহৰ সৈতে যোগাযোগ কৰিছে। উল্লেখ্য যে, কলগছৰ আঁহৰ পৰা প্ৰস্তুত কৰা সূতা যথেষ্ট উচ্চমানৰ হয়।
সাধাৰণতে ভীম কলগছৰ পৰা ভাল কলৰ আঁহ সৃষ্টি হয়। সকলো ধৰণৰ কলগছৰ পৰাই এই আঁহ প্ৰস্তুত কৰিব পৰা যায়। বৰ্তমান বজাৰত প্ৰতিমিটাৰ এনে কলৰ আঁহৰ পৰা প্ৰস্তুত কৰা কাপোৰৰ মূল্য ন্যূনতম ১৫০০ টকা। পাটকাপোৰৰ দৰে হয় এই কলৰ আঁহৰ পৰা প্ৰস্তুত কৰা সূতা।
এছএছইআৰৰ লক্ষ্য আছে থলুৱা ভাৱে উৎপাদন হোৱা এই সামগ্ৰীসমূহক থলুৱাভাবেই বজাৰৰ উপযোগী গুণগত উৎপাদিত সামগ্ৰীলৈ পৰিৱৰ্তন কৰাত স্থানীয় যুৱক-যুৱতীসকলক সহায় কৰা। সেই উদ্দেশ্যেই প্ৰমথ কুমাৰ বৰুৱাকে ধৰি বহু কেইজন লোকে দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ আগবাঢ়িছিল। এতিয়া সেই সপোন দিথক পৰিণত হোৱাৰ পথত।
অসমীয়া মানুহৰ বাৰীত প্ৰায় কলগছ থাকে। ভীম কলজোপা কল লগাৰ পাছত কাটি পেলাই দিয়া হয়। কিন্তু এতিয়াৰ পৰা কলৰ এই গা গছ অংশ কৃষকসকলে পেলাব নালাগে। কল, পচলা আদিৰ উপৰিও কলৰ আঁহৰ পৰা একো একো জোপা কলগছৰপৰা অতি কমেও ১০-১৫ হাজাৰ টকা ব্যৱসায় কৰিব পৰা যাব।
নিঃসন্দেহে অসমৰ বাবে এয়া ভাল খবৰ। অসমীয়া ল'ৰা-ছোৱালী এই কাৰ্যত জড়িত কৰাব পাৰিলে কলৰ আঁহৰ পৰা প্ৰস্তুত কৰা এনে কাপোৰৰ এখন বজাৰ সৃষ্টি হ'লে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ আহিব বহু পৰিৱৰ্তন। গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ এনে কামবোৰেহে গঢ়ি তুলিব।