/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/bikhekh-pratibedon-222.jpg)
২৭ আগষ্টৰ পুৱাই আহিল এক দুঃখবৰ। ৰাজ্যবাসীয়ে হেৰুৱালে এগৰাকী বিশিষ্ট কন্ঠশিল্পী অৰ্চনা মহন্তক। মহানগৰীৰ হেলথ চিটীত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত বৃহস্পতিবাৰে পুৱা ১১.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। নিগাজীপামস্থিত বাসগৃহত বহুজনে আহি তেওঁক জনালে শেষ শ্ৰদ্ধাঞ্জলি। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ মৃদুল কুমাৰ সন্দিকৈৰ এক প্ৰতিবেদন।
এই ঘৰখন আছিল বহুতৰে চিনাকি। অম্বিকাগিৰি নগৰৰ নিগাজীপামত সংগীত সাধনাৰে তেওঁলোকে এক নতুন ধাৰাৰে লোকসংগীতক তুলি ধৰিছিল। খগেন মহন্ত আৰু অৰ্চনা মহন্ত। একেটা মুদ্ৰাৰেই যেন ইপিঠি-সিপিঠি।
আজি একেবাৰেই উকা হৈ গ'ল সেই ঘৰখন। ২০১৪চনত খগেন মহন্তৰ মৃত্যুৰ পাছত ২০২০ৰ ২৭ আগষ্টত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অৰ্চনা মহন্তই। অসমৰ ৰাইজৰ মাজত জনপ্ৰিয়তা আছিল চিৰস্থায়ী। খগেন মহন্তৰ নাম উচ্চাৰণ হ'লেই উচ্চাৰিত হৈছিল অৰ্চনা মহন্তৰো নাম।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/home-archana-1024x768.jpg)
নশ্বৰদেহ তেতিয়া হেলথ চিটী হাস্পতালৰ পৰা অনা হোৱাই নাছিল। কিন্তু ঘৰখনত চলিছিল আয়োজন। বাৰান্দাত পাৰি থোৱা হৈছিল বগা কাপোৰেৰে ঢকা এখন বিচনা। কিয়নো তেওঁৰ এই ঘৰত হ'ব অন্তিম শয়ন। লাহে লাহে মানুহবোৰ গোট খাইছিল তেওঁক শেষ বিদায় জনাবলৈ।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল তেওঁ। প্ৰায় ডেৰমাহ কাল হাস্পতালৰ বিচনাৰ পৰা মৃত্যুৰ এই শীতল কোলালৈ…
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/archana-bed-1024x768.jpg)
অৰ্চনা মহন্ত আছিল খগেন মহন্তৰ অনুপ্ৰেৰণাৰ অন্য নাম। ১৯৪৯চনৰ ১৮ মাৰ্চত জন্ম হৈছিল অৰ্চনা মহন্তৰ। গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত জন্মগ্ৰহণ কৰা অৰ্চনা মহন্তৰ দেউতাকৰ নাম আছিল মাধৱ দাস।
বৰপেটাত তেওঁলোকৰ ঘৰ যদিও মাধৱ দাস গুৱাহাটীৰেই বাসিন্দা আছিল। সৰুৰে পৰা গীত গাইছিল অৰ্চনা মহন্তই। শাস্ত্ৰীয় সংগীত আৰু লোক সংগীত শিকিছিল তেওঁ। ১৯৬৫চনত আকাশবাণীৰ শিল্পী ৰূপে তেওঁ স্বীকৃতি লাভ কৰিছিল। ১৯৬৬চনত প্ৰথম গীত ৰেকৰ্ড কৰিছিল অৰ্চনা মহন্তই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/324f238b-54e7-4d63-ad77-9684a04e4dc5-1024x768.jpg)
সেই অৰ্চনা মহন্তকে বিদায় দিবলৈ আজি মানুহবোৰ হুকহুকাই কান্দি উঠিল। বিশিষ্ট সংগীত পৰিচালক তথা বিশিষ্ট বাঁহী বাদক প্ৰভাত শৰ্মা আহিল অৰ্চনা মহন্তক শেষ বিদায় দিবলৈ। তেতিয়া সময় দিনৰ ১.৩৮ বজা মান হৈছিল।
হঠাৎ ৰ'দ দি থকা বতৰটো মেঘাচন্ন হৈ পৰিছিল। কিনকিনিয়া বৰষুণ জাকে যেন এগৰাকী প্ৰিয় শিল্পীক হেৰুওৱা বেদনাতেই উচুপি উঠিছিল। এখন এম্বুলেন্সেৰে লৈ অহা হৈছিল তেওঁৰ নশ্বৰ দেহ। সেই এম্বুলেন্সতেই আহিছিল পুত্ৰ পাপন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/ambulance-archana-1024x768.jpg)
তাৰপাছত পূৰ্বৰে পৰা সজাই থোৱা বিচনাখনত তেওঁক শুৱাই দিয়া হৈছিল। প্রথম বাৰৰ বাবে তেওঁ আহিছিল এইদৰে নিজৰ প্ৰিয় ঘৰখনলৈ। চাৰিজন মানুহে ষ্ট্ৰেচাৰত তেওঁৰ নশ্বৰ দেহ উঠাই লৈ গৈছিল ঘৰৰ বাৰান্দালৈ।
অৰ্চনা মহন্তই বহু কেইখন অসমীয়া ছবিত কন্ঠ নিগৰাইছিল। ললিতা, উপগ্ৰহ, ৰশ্মি ৰেখা, প্ৰাণগংগা, ৰতনলাল, মেঘমুক্তি, মইনাজান আদি অনেক ছবি। অৰ্চনা মহন্তৰ কন্ঠই মানুহক মোহিত কৰি পেলাইছিল। ৩ শতাধিক গীতত কন্ঠ নিগৰাইছিল অৰ্চনা মহন্তই।
১৪ জুলাই, ২০২০ত ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হোৱাৰ পাছত তেওঁক সেইদিনাই ভৰ্তি কৰা হৈছিল হেলথ চিটী হাস্পতালত। কিন্তু তেওঁ চেতনা ঘূৰাই পোৱা নাছিল। তাৰমাজতেই তেওঁক নিজৰ ঘৰতে ৰাখি শুশ্ৰূষা কৰিবৰ বাবে কন্যা পাঁহীয়ে লৈ গৈছিল ঘৰলৈ। কিন্তু স্বাস্থ্য পুনৰ অৱনতি ঘটাত ভৰ্তি কৰা হৈছিল একেখন হাস্পতালত।
এসপ্তাহৰ পূৰ্বেই মুম্বাইৰ পৰাও আহি পাইছিল পুত্ৰ পাপন। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা মাতৃৰ সৈতে কটাইছিল এই কেইটা দিন। তেওঁৰ চিকিৎসাৰ সৈতে ব্যস্ত হৈ পৰিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/papon-archana-bed-1024x768.jpg)
মাধৱ দাস আৰু লাবণ্য দাসৰ জীয়াৰী অৰ্চনা মহন্তৰ মাতৃও আছিল সংগীতৰ প্ৰতি বিশেষ অনুৰাগী। মাতৃ লাবণ্য দাসেই অৰ্চনা মহন্তক আব্দুল হুছেইন নামৰ এজন সংগীতজ্ঞৰ ওচৰত সংগীতৰ তালিম দিয়াইছিল। অৰ্চনা মহন্তই কেৱল গানেই গোৱা নাছিল। তেওঁ এখন ছবিত নায়িকাৰ ভূমিকাতো অভিনয় কৰিছিল। সেই ছবিখনৰ নাম আছিল মাটিৰ স্বৰ্গ। সেই ছবিখনত অভিনয় কৰোতে তেওঁ আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰী।
অৰ্চনা মহন্তৰ মোমায়েক প্ৰয়াত গিৰীণ চৌধুৰী আৰু অনিল চৌধুৰীৰ উৎসাহতে ভালে কেইখন নাটকতো তেওঁ অভিনয় কৰিছিল। খগেন মহন্তলৈ বিয়া পোৱাৰ পূৰ্বে তেওঁ আছিল অৰ্চনা দাস। বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতো শাস্ত্ৰীয় শিক্ষা গ্ৰহণ কৰিছিল অৰ্চনা মহন্তই। শাস্ত্ৰীয় সংগীতৰ গুৰু অনিমেষ দত্তৰ ওচৰত শিকিছিল শাস্ত্ৰীয় সংগীত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/prabhat-das-bahi-768x1024.jpg)
প্রথমা পৰীক্ষাত তেওঁ ভাতখাণ্ডেৰ অধীনত তৃতীয় স্থান লাভ কৰিছিল।অৰ্চনা মহন্তৰ বিয়োগে এটা যুগৰ অন্ত পেলালে। পুৰুষোত্তম দাসে অৰ্চনা মহন্তক মাতি নিছিল ৰেডিঅ' চেন্টাৰত গান গোৱাবলৈ। সেই গানে শ্ৰোতাক এনেদৰে আকৰ্ষণ কৰিছিল যে আকাশবাণীৰ ডি হাই গ্ৰেডৰ শিল্পী ৰূপে তেওঁক স্বীকৃতি দিয়া হৈছিল।
অৰ্চনা মহন্ত আৰু খগেন মহন্তই একেলগে প্ৰথম গীতটি গাইছিল আকাশবাণীৰ এখন সংগীতালক্ষত। এই সংগীতালক্ষখনৰ 'বাঁহৰ কাঠি তোলাই বাঁহনীটো সাজিলো' শীৰ্ষক গীতটি গাইছিল। অৰ্চনা মহন্ত আৰু খগেন মহন্তৰ গীতসমূহ এতিয়া মানুহৰ মুখে মুখে । অৰ্চনা মহন্তৰ বিয়োগৰ পাছত বলিউডত প্ৰতিষ্ঠিত কন্ঠশিল্পী পাপন মহন্তই মাতৃৰ নশ্বৰ দেহৰ কাষত ৰৈ ভগ্নীক সাৱটি উচুপি উঠা দৃশ্য আছিল অতি আৱেগিক।
সংগীতৰ প্ৰণালীবদ্ধ শিক্ষা গ্ৰহণ কৰা অৰ্চনা মহন্তই অভিনয় আৰু সংগীত দুয়োটাতেই আছিল পাৰ্গত। কিন্তু তেওঁ অভিনয় বাদ দি পাছলৈ স্বামী খগেন মহন্তৰ সৈতে সংগীতৰ ক্ষেত্ৰখনৰ সৈতেই জড়িত হৈ পৰিছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি সেয়েহে সকলোৱে ভিৰ কৰিছেহি সেই ঘৰখনত।
মুখত সদায় এটা মিঠা হাঁহি লৈ ফুৰা অৰ্চনা মহন্তই খগেন মহন্তৰ সৈতে সংগীতৰ ক্ষেত্ৰখনত যি আধাৰ আৰু শিল্পী সত্ত্বাৰ চানেকী দাঙি ধৰি গ'ল সেয়া তেওঁলোকৰ কালজয়ী গীতবোৰে সোঁৱৰাই থাকিব। ৰাজ্যিক মৰ্যাদাৰে এইগৰাকী শিল্পীক শেষ বিদায় জনোৱা হ'ব বুলি জনালে ৰাজ্য চৰকাৰে। তেওঁ সদায় থাকি যাব শ্ৰোতাৰ বুকুত।