প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ আগদিনাই ক্ষোভ উজাৰিলে ৰাজ্যবাসীয়ে। ৰাজ্যজুৰি 'কা'ৰ বিৰুদ্ধে জোঁৰ লৈ সমদল, নিজৰ প্ৰাপ্য বিচাৰি ২০ সহস্ৰাধিক শিক্ষকে কৰিলে প্ৰতিবাদ। ঘেৰাও কৰিলে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ। গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্দয়ভাৱে লাঠীচালনা। আগন্তুক নিৰ্বাচনত পৰিবনে ২২ জানুৱাৰীৰ দিনটোত সাব্যস্ত প্ৰতিবাদৰ প্ৰভাৱ? সকলোবোৰ বিষয় সামৰি অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ বিশেষ প্ৰতিবেদন।
গণতান্ত্ৰিক শাসন ব্যৱস্থা। য'ত থাকে সকলোৰে সমান অধিকাৰ, সন্মান আৰু গুৰুত্ব। য'ত প্ৰতিগৰাকী গণতান্ত্ৰিক দেশৰ নিবাসীয়ে নিজৰ অধিকাৰৰ বাবে মাতিব পাৰে মাত। কিন্তু জনসাধাৰণে নিজৰ অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিলেই জানো দূৰ হয় সমস্যা? চৰকাৰেও জানো দিব নালাগিব তেওঁলোকৰ প্ৰাপ্য?
শুকুৰবাৰে জাতিৰ স্বাৰ্থত তথা নিজৰ অধিকাৰৰ দাবীতেই উত্তপ্ত হৈ পৰিল অসম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। সন্মুখত ২০২১ৰ বিধানসভা নিৰ্বাচন। কিছুদিনৰ পূৰ্বে ৰাজ্যৰ প্ৰতি গৰাকী অসমীয়াই উদযাপন কৰিলে ভোগালী বিহু। সেই অসমীয়াৰ স্বাৰ্থ-অধিকাৰৰ বাবেই পুনৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ জাগি উঠিছে আছু।
শুকুৰবাৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিলে তিনিদিনীয়া কাৰ্যসূচী। ২২ জানুৱাৰী, ২০২০ত আন্দোলনৰ কাৰ্যসূচী প্রথমটো দিনতে ৰাজ্যজুৰি এই জাতিধ্বংসী আইনৰ বিৰুদ্ধে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে সাব্যস্ত কৰে প্ৰতিবাদ। সকলোৰে শ্ল'গান কেৱল এটাই- 'বাতিল কৰক কা'।
গুৱাহাটী মহানগৰীৰ শ্বহীদ ন্যাসৰ পৰা ওলোৱা হয় 'কা' বিৰোধী এক দীঘলীয়া জোঁৰ সমদল। কিন্তু আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আন বহু শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা এই সমদল ওলোৱাৰ কিছু সময়ৰ পাছতে বাধা প্ৰদান কৰিবলৈ উক্ত স্থানত আহি উপস্থিত হয়হি আৰক্ষী।
জোঁৰ সমদল ওলালে সমদলকাৰীয়ে হাতে হাতে জোঁৰ লৈ শ্ল'গান দি শান্তিপূৰ্ণভাৱে নিজৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও আছুৱে একেধৰণেই সাব্যস্ত কৰিছিল এই সমদল। কিন্তু তাৰপাছতো কিয় আৰক্ষীৰ বাধা?
আৰক্ষীৰ বাধাৰ পাছতেই মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰে ফেচিষ্ট মনোভাবেৰে আছুৰ এই জোঁৰ সমদলত বাধা প্ৰদান কৰি জনতাৰ যি গণতান্ত্ৰিক অধিকাৰ সেই অধিকাৰ কাঢ়ি নিয়া বুলি মন্তব্য কৰে ভট্টাচাৰ্যই। ইফালে, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে কয়- যেতিয়ালৈকে অসম চৰকাৰে 'কা' বাতিল নকৰে, তেতিয়ালৈকে আন্দোলন চলাই যাব আছুৱে।
কেৱল সেয়াই নহয়, ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰে। ড০ ভট্টাচাৰ্যই কয়- 'এটা অগণতান্ত্ৰিক কাম অসম আৰক্ষীয়ে মহানগৰীত কিন্তু কৰিছে। অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে কৰিছে। গুৱাহাটীৰ মাজমজিয়াত দুজন ফুলকুমলীয়া ছাত্ৰ যুৱকক হত্যা কৰিলে। আজিলৈকে কিন্তু তদন্তও নাই, আৰু সেই আৰক্ষী বিষয়া সকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থাও লোৱা নাই…।'
আমি অহিংস, গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীয়ে বাহাল ৰাখিম বুলি উল্লেখ কৰি তেওঁ লগতে কয়- 'যিটো শ্বহীদ ভৱনৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ল, সেইজন সৰ্বানন্দ সোণোৱালে এই শ্বহীদ ভৱনৰ পৰা ওলোৱা আন্দোলনকাৰীক বাধা দিছে। ইয়াক মই ধিক্কাৰ আৰু গৰিহণা দিছো। লাজ পাব লাগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।'
কেৱল মহানগৰীতেই নহয় সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে। পিছে তেজপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা জোঁৰ সমদলকাৰীক বাধা দিবলৈ আৰক্ষীয়ে কৰিলে লাঠীচালনা। জানিব পৰা মতে, আৰক্ষীৰ এই লাঠীচালনাত শোণিতপুৰ জিলা আছুৰ সাধাৰণ সম্পাদক মনোজ দাস আৰু জাতীয়তাবাদী নেতা প্ৰশান্ত দাসসহ বহু কেইজন গুৰুতৰভাৱে আহত হৈছে। তেওঁলোকক ইতিমধ্যে তেজপুৰ চিভিল হাস্পতালত কৰা হৈছে ভৰ্তি। ইফালে, শোণিতপুৰ জিলাই ছাত্ৰ সন্থাই ২৩ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শোণিতপুৰ জিলা বন্ধ ঘোষণা কৰিছে।
কিন্তু প্ৰশ্ন হয়- কিয় এই গণতান্ত্ৰিক দেশত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো আৰক্ষীয়ে কৰিব লগা হ'ল নিৰ্দয়ভাৱে লাঠীচালনা? তেওঁলোকে জানো ৰাজহুৱা কোনো সম্পত্তি নষ্ট কৰিছে? তেওঁলোকে কেৱল চৰকাৰক দাবী জনাইছে যে বাতিল হ'ব লাগে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন।
২৩ জানুৱাৰী, ২০২০ত অসমলৈ আহিব দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাৰ পূৰ্বে যাতে ৰাজ্যত কোনোৱে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ বাবেই এনেদৰে কৰা হৈছে নেকি প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা? এয়া এতিয়া সমগ্ৰ ৰাজ্যবাসীৰেই প্ৰশ্ন।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটাৰযোগে অসমীয়াতে লিখিলে- 'কাইলৈ পুৱা মই অসমৰ জনসাধাৰণৰ মাজত থাকিম। শিৱসাগৰৰ এক অনুষ্ঠানত ১.০৬ লাখ ভূমি পট্টা/আবণ্টন প্ৰমানপত্ৰ বিতৰণ কৰা হ'ব। মহান ৰাজ্য অসমৰ অধিকাৰ আৰু অনন্য সংস্কৃতি ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ।'
অসমৰ অধিকাৰ ৰক্ষাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰিছে এই টুইটটোত। কিন্তু অসমবাসীয়ে অসমচুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰিবলৈ আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ যে দাবী উত্থাপন কৰি আহিছে সেই বিষয়েও জানো বিবেচনা কৰাৰ প্ৰয়োজন নাই।
ঠিক একেদৰে এই আইন বাতিলৰ দাবীত লখিমপুৰতো আছুৱে বাহিৰ কৰে জোঁৰ সমদল, য'ত দেখা গ'ল আৰক্ষীৰ একেই ভূমিকা। কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে। এতিয়া ৰাজ্যজুৰি সাব্যস্ত কৰা এই জোঁৰ সমদল চৰকাৰৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ ক্ষোভৰ জুই। যাৰ বহিঃপ্ৰকাশ পুনৰ ঘটিছে প্রধানমন্ত্ৰী গৰাকী অসমলৈ অহাৰ এদিন পূৰ্বে।
ইফালে, শুকুৰবাৰৰ দিনটোতে মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। তিনিটাকৈ অভিযোগ উত্থাপন কৰি ২২ জানুৱাৰীত লখৰাৰ উদয়ন কৃষ্টি সংঘৰ বাকৰিত সমবেত হয় প্ৰায় ২০ সহস্ৰাধিক শিক্ষক।
লখৰাৰ পৰা পদযাত্ৰা কৰি উজান বজাৰস্থিত মুখ্যমন্ত্ৰী বাসভৱন ঘেৰাও কৰে। বেতন বঞ্চিত শিক্ষকৰ সমস্যা শীঘ্ৰেই সমাধান কৰা, নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি অসমত বাতিল কৰি পুৰণি পেঞ্চন দিবৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা, ঠিকাভিত্তিক শিক্ষকৰ মৰগীয়া বানচ আৰু গ্ৰেড পে আদায় দিয়া, শিক্ষকৰ আৰ্জিত ছুটি বছৰি ৩০ দিনলৈ বৃদ্ধি কৰা, খালী হৈ থকা বিভিন্ন পৰ্যায়ৰ শিক্ষা বিষয়াৰ পদসমূহত স্থায়ী বিষয়া সোনকালে নিযুক্তি দিয়া আদিৰ লগতে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কৰ্তন কৰা ৮৭০০ টকাৰ গ্ৰেড পে' ঘূৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি শিক্ষকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।
কিন্তু লক্ষণীয় যে, নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা বহু কেইগৰাকী শিক্ষককো আৰক্ষীয়ে কৰিছে আটক। প্ৰতিবাদকাৰী শিক্ষকসকলে তেওঁলোকৰ মৰ্যাদা হানি কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাতে মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ৰক্ষা কৰে তাৰ আহ্বান জনায়।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ আগদিনাখন এনেদৰেই ৰাজ্যজুৰি সাব্যস্ত হ'ল প্ৰতিবাদ। নিজৰ অধিকাৰ, প্ৰাপ্য বিচাৰি চৰকাৰৰ বিৰুদ্ধে থিয় দিলে ছাত্ৰ সন্থা, শিক্ষক আৰু সাধাৰণ ৰাইজ। ইয়াৰ প্ৰভাৱ নিশ্চয় ২০২১চনৰ নিৰ্বাচনত পৰিব। কিয়নো নিৰ্বাচনত চলিব প্ৰজাৰ ৰাজ। জনসাধাৰণে যি সিদ্ধান্ত ল'ব, সেয়াই হ'ব চূড়ান্ত ফলাফল, সেয়াইটো হ'ব ৰাজ্যবাসীৰ ৰায়!