বিডিঅ'ৰ ভুৱা তথ্যৰ সহায়ত নীতি বিৰুদ্ধভাৱে সুৰাৰ বিপনী খোলাৰ গোপন প্ৰস্তুতি

বিডিঅ'ৰ ভুৱা তথ্যৰ সহায়ত নীতি বিৰুদ্ধভাৱে সুৰাৰ বিপনী খোলাৰ গোপন প্ৰস্তুতি

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বাকৰী দলনী গাঁও পঞ্চায়তৰ পঞ্চায়ত সভাপতি, সচিৱ আৰু ছয়দুৱাৰৰ বিডিঅ'ক মেনেজ কৰি লাভ কৰা ভুৱা তথ্যৰ এখন প্ৰমাণ পত্ৰক মূল সমল হিচাপে লৈ গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বাকৰী দলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত খাটৰবাৰী(বৰতানী চুক)ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশে অৱস্থিত বি.এম ৰেষ্টুৰেণ্ট এণ্ড ধাবাত এখন বিলাতী মদৰ বিপনী খুলিবলৈ গোপন প্ৰস্তুতি চলাই থকাৰ এক গভীৰ ৰহস্য শেহতীয়াভাৱে পোহৰলৈ আহিছে।

এইক্ষেত্ৰত প্ৰাপ্ত অভিযোগ অনুসৰি, শোণিতপুৰ জিলাৰ ৰঙাপাৰা টাউনৰ নৰেন শইকীয়াৰ জীয়ৰী তৃষ্ণাৰাণী শইকীয়া আৰোৰাই উক্ত বি.এম ৰেষ্টুৰেণ্ট(ম্যাদী পট্টা নং ২১,দাগ নং ৫৩)ৰ ধাবাৰ মুকলি অংশত এখন বিলাতী সুৰাৰ ৱাইন বাৰ খুলিবলৈ যো-জা চলাইছিল। সেয়া আছিল ২০২১ চনৰ কথা। সেই অনুসৰি বি.এম ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী বৰঙাবাৰীৰ প্ৰাঞ্জল ভূঞাৰ লগত উক্ত স্থানত বাৰ খোলাৰ বন্দোবস্তিৰে তৃষ্ণা ৰাণী শইকীয়া আৰোৰাৰ এক নটাৰী এগ্ৰিমেণ্ট সম্পাদন হৈছিল। ইয়াৰ পিছত ১৬/০৮/২০২১ তাৰিখে ট্ৰেজাৰী চালানসহ উক্ত বাৰৰ বাবে আবকাৰী বিভাগত আবেদন জনাইছিল তৃষ্ণা ৰাণী শইকীয়া আৰোৰাই।

যিহেতু গাঁও পঞ্চায়ত এলেকাত ৱাইন শ্বপ বা ৱাইন বাৰ স্থাপন কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুন্যতম দূৰত্ব ২২০ মিটাৰ হোৱাটো চৰকাৰীভাৱে বাধ্যতামূলক সেইবাবে আবেদনকাৰীয়ে আবেদনত ৱাইন বাৰ খুলিবলগীয়া স্থান আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰত্ব ২২০ মিটাৰ বুলি দেখুৱাবলৈ চুড়ান্ত মিথ্যাচাৰৰ আশ্ৰয় লৈছিল। উল্লেখযোগ্য ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বি এম ৰেষ্টুৰেণ্ট এণ্ড ধাবাৰ পোনপটীয়া দুৰত্ব প্ৰায় ২৫ৰ পৰা ৩০ মিটাৰহে হ'ব। সেইবাবে তেওঁলোকে আবেদনৰ লগত দাখিল কৰা মেপত ৱাইন বাৰখনৰ সন্মুখভাগ পথাৰৰ ফালে দেখুৱাই পথাৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথলৈ এটা একা-বেঁকা পথ আঁকি পথটোৰ দৈৰ্ঘ্য ২২০ মিটাৰ বুলি প্ৰতিপন্ন কৰিবলৈ কূট কৌশল অৱলম্বন কৰিছিল।

কাৰ্য্যক্ষেত্ৰত পথাৰৰ মাজেৰে কোনো ধৰণৰ পথ নথকা স্বত্বেও মেপত এটা ভুৱা পথ দেখুৱাই বাৰৰ বাবে জনোৱা আবেদন পৰৱৰ্তী সময়ত নাকচ কৰে আবকাৰী বিভাগে।তদুপৰি সেইসময়ত উক্ত বাৰ স্থাপনৰ প্ৰস্তুতিৰ বিৰুদ্ধে স্থানীয় শ্ৰীশ্ৰী জাৰণীয়াল সত্ৰৰ লগতে শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন অভিযোগ পত্ৰ দিয়া হৈছিল বিশ্বনাথ জিলাৰ তদানীন্তন উপায়ুক্তক। এনে পৰিপ্ৰেক্ষিতত যোৱা প্ৰায় ডেৰ বছৰ ধৰি উক্ত ৱাইন বাৰ স্থাপনৰ বিষয়টো গাপ লাগি থকাৰ পিছত এতিয়া আকৌ উক্ত আপত্তিজনক বিষয়টোৰ উকমুকনি ঘটিবলৈ লৈছে।

এইবাৰ তৃষ্ণা ৰাণী শইকীয়া আৰোৰাই উক্ত স্থানত ৱাইন বাৰৰ ঠাইত ৱাইন শ্ব'প খুলিবলৈ গোপন প্ৰস্তুতি চলোৱা বুলি অভিযোগ পোৱা গৈছে। ইয়াৰ বাবে তেওঁ যোৱা দুৰ্গা পূজাৰ প্ৰায় ১০/১২ দিন পূৰ্বে আবকাৰী বিভাগত পুনৰ জমা দিছে আবেদনৰ ফাইল। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দূৰত্ব(২২০ মিটাৰ) অনুসৰি উক্ত স্থানত ৱাইন শ্বপ বা ৱাইন বাৰ কোনোপধ্যেই খুলিব নোৱাৰে সেইবাবে এইবাৰ তৃষ্ণা ৰাণীয়ে ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল ভূঞাৰ সহযোগত বাকৰী দলনী গাঁও পঞ্চায়তক মেনেজ কৰি সংগ্ৰহ কৰা ভুৱা তথ্যৰ এখন প্ৰমাণ পত্ৰ শেহতীয়া আবেদনৰ লগত গাঁঠি দিছে।

যিহেতু নগৰ, পৌৰসভা কিম্বা উন্নয়ণমুখী এলেকাত ৱাইন শ্বপ বা ৱাইন বাৰ স্থাপনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দূৰত্বৰ ক্ষেত্ৰত কোনো সীমা নাথাকে সেইবাবে তেওঁলোকে এইবাৰ পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা ভুৱা তথ্যৰ উক্ত প্ৰমাণ পত্ৰখনক মূল হাথিয়াৰ হিচাপে লৈ ৱাইন শ্বপ খোলাৰ গোপন প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে।

জানিব পৰামতে-বাকৰী দলনী গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ দলে আৰু সেই সময়ৰ পঞ্চায়ত সচিৱ নিৰঞ্জন শৰ্মাই ২০/১০/২০২১ তাৰিখে বি এম ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী প্ৰাঞ্জল ভূঞাক এখন প্ৰমাণ পত্ৰ দিছিল। ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসে সহ: স্বাক্ষৰ কৰা প্ৰমাণ পত্ৰখনত খাটৰবাৰী(বৰতানীচুক) ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া (দাগ নং-৫৩,পট্টা-২১) অঞ্চলটো এটা উন্নয়ন মুখী অঞ্চল বুলি ভুৱাকৈ উল্লেখ কৰিছে। প্ৰমাণ পত্ৰখনত উল্লেখ কৰা ধৰণে উক্ত স্থানত বি.এম ৰেষ্টুৰেণ্ট এণ্ড ধাবাৰ বাহিৰে আন কোনোধৰণৰ হোটেল, ধাবা, ৰেষ্টুৰেণ্ট, পাইকাৰী প্ৰতিষ্ঠান, গেলামালৰ দোকান, হাৰ্ডৱেৰ দোকান নাই। তদুপৰি প্ৰমাণ পত্ৰখনত ক্ষুদ্ৰ উদ্যোগেৰে পৰিপূৰ্ণ এটা অঞ্চল বুলি লিখা হৈছে যদিও প্ৰকৃতাৰ্থত উক্ত স্থানত এটাও ক্ষুদ্র উদ্যোগ নাই।

একমাত্ৰ ৱাইন শ্ব'পখন হৈ উঠাৰ নিকৃষ্ট স্বাৰ্থত উক্ত স্থানক উন্নয়নমুখী অঞ্চল হিচাপে সজাব বিচাৰিছে পঞ্চায়ত কৰ্তৃপক্ষই। গাঁও পঞ্চায়ত এলেকাৰ ৱাইন বাৰ আৰু ৱাইন শ্বপৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হ'বলগীয়া ২২০ মিটাৰ দূৰত্বৰ প্ৰসংগক সহজ কৰি শূণ্য দূৰত্ব কৰি তোলাৰ স্বাৰ্থত উক্ত পঞ্চায়তে দিয়া ভুৱা তথ্যৰ প্ৰমাণ পত্ৰখনক লৈ এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে খাটৰবাৰী আৰু বৰঙাবাৰী অঞ্চলৰ ৰাইজৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান।

পথাৰৰ মাজত থকা উক্ত ৰেষ্টুৰেণ্টখনৰ আশে-পাশে কোনো ধৰণৰ ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ক্ষুদ্র উদ্যোগ নাই। কেৱল কৃষি ভূমিৰে পৰিপূৰ্ণ এটা স্থানক "উন্নয়নমুখী অঞ্চল" বুলি বাকৰী দলনী পঞ্চায়তে প্ৰমাণ পত্ৰ দিয়াৰ অন্তৰালত গোপন ধনৰ লেনদেন হোৱা বুলি ভাবিবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ। এইক্ষেত্ৰত বিশ্বনাথ জিলাৰ উপায়ুক্ত, আবকাৰী অধীক্ষক আৰু গহপুৰ মহকুমাৰ মহকুমাধিপতিৰ কঠোৰ পদক্ষেপ দাবী কৰি এক দণ্ডাধীশ পৰ্য্যায়ৰ পোষকতা কৰিছে স্থানীয় ৰাইজে।

বিডিঅ'ৰ ভুৱা তথ্যৰ সহায়ত নীতি বিৰুদ্ধভাৱে সুৰাৰ বিপনী খোলাৰ গোপন প্ৰস্তুতি
ভকতগাঁও কেওঁটখেল নামঘৰত কণ কণ শিশুৰ দ্বাৰা "অংগদৰ চন্দ্ৰ প্ৰতিজ্ঞা" অংকীয়া ভাওনা প্ৰদৰ্শন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in