সোৱণশিৰি নদীবান্ধঃ নদীবান্ধত উৎপন্ন বিদ্যুৎশক্তি প্ৰবাহিত হ’ব সোৱণসিৰি-দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে, বিপন্ন জীৱকূল…

সোৱণশিৰি নদীবান্ধঃ নদীবান্ধত উৎপন্ন বিদ্যুৎশক্তি প্ৰবাহিত হ’ব সোৱণসিৰি-দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজেৰে, বিপন্ন জীৱকূল…

ডিজিটেল ডেস্কঃ সোৱণশিৰিত বৃহৎ নদীবান্ধ নিৰ্মাণৰ পাছত এনএইচপিচি-য়ে এইবাৰ পাৱাৰ গ্ৰিডে বিদ্যুৎশক্তি প্ৰবাহিত কৰিবলৈ সোৱণশিৰি আৰু দুলুং সংৰক্ষিত বনাঞ্চলৰ জীৱকুল ধ্বংসৰ আঁচনি গ্ৰহণ কৰিছে। নদীবান্ধত উৎপন্ন হোৱা বিদ্যুৎ শক্তি প্রবাহিত কৰিবলৈ গেৰুকামুখৰ পৰা বিশ্বনাথলৈ টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা যুগুত কৰিছে। এই পৰিকল্পনা অনুসৰি সোৱণশিৰি আৰু দুংলুং সংৰক্ষিত বনাঞ্চলৰ ওপৰেদি উচ্চ ভাল্টেজ সম্পন্ন তাঁৰ টানিব। ইয়াৰ ফলত সোৱণশিৰি বনাঞ্চলত অৱস্থিত হাতী চলাচলৰ বাট ধ্বংস হ'ব। এই আঁচনি কাৰ্য্যকৰী কৰিলে হাজাৰ হাজাৰ ডাঙৰ ডাঙৰ গছ-গছনি কটা যাব। উচ্চ ভল্টেজ টাৱাৰৰ পৰা নিগৰিত উচ্চ-কম্পনাংকৰ শব্দই জীৱকূলৰ বিস্তৰ ক্ষতি সাধন কৰিব।  বহুতো জীৱকূল অঞ্চলটোৰ পৰা বহিষ্কাৰ হ'ব।

ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্ত্তন মন্ত্রণালয়ৰ গুৱাহাটীত অৱস্থিত আঞ্চলিক (Regional Empowered Committee) কার্যালয়ে ইতিমধ্যে সোৱণশিৰি আৰু দুলুং বনাঞ্চলৰ ওপৰেদি তাঁৰ টানিবলৈ উচ্চ ভল্টেজ সম্পন্ন টাৱাৰ স্থাপনৰ অনুমোদন দিছে। দুয়োখন বনাঞ্চল জৈৱ বৈচিত্ৰৰ দিশৰ পৰা অতি চহকী। নানান ধৰণৰ জীৱ-জন্তু, চৰাই-চিৰিকতিৰে দুয়োখন বনাঞ্চল অতি সমৃদ্ধ। ভাৰত চৰকাৰৰ দ্বাৰা প্রকাশিত তথ্যত সোৱণশিৰি বনাঞ্চলত হাতী অহা-যোৱা কৰা বাটৰ অস্তিত্বৰ কথা উল্লেখ আছে। একেখন তথ্যত এইটোও প্রকাশ পাইছিল যে নামনি সোৱণশিৰি বাদে সোৱণশিৰি বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যাৰ ওপৰত ইতিমধ্যে কুপ্রভাৱ পেলাইছে।

আঞ্চলিক কাৰ্যালয়ৰ উচ্চ ক্ষমতাসম্পন্ন কমিটিখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য্যই অসমৰ বিশেষজ্ঞ হিচাবে অসমক প্রতিনিধিত্ব কৰিছিল। ওপৰত উল্লেখ কৰা হাতী সম্পৰ্কীয় প্রতিবেদনখনত অধ্যাপক ভট্টাচার্য্য সদস্য আছিল। সেই একেজন অধ্যাপক ভট্টাচাৰ্যই এইবাৰ বনাঞ্চলৰ ওপৰেদি উচ্চ ভল্টেজৰ তাঁৰ টানিলে জীৱকূলৰ কোনো ক্ষতি নহয় বুলি অনুমোদন দিছে। এই বিষয়ে কোনো সন্দেহ নাই যে অধ্যাপক ভট্টাচাৰ্যই অসমৰ স্বাৰ্থক জলাঞ্জলি দিছে। উল্লেখ কৰা প্রয়োজন যে অধ্যাপক ভট্টাচাৰ্য বর্তমান উজান বজাৰত অৱস্থিত বিবেকানন্দ কেন্দ্ৰৰ গবেষণা প্রতিষ্ঠানৰ সঞ্চালক।

আঞ্চলিক কাৰ্য্যালয়ৰ এই কমিটিখনে সোৱণশিৰি আৰু দুলুং বনাঞ্চলৰ ওপৰেদি অতি ক্ষতিকৰ উচ্চ ভাল্টেজৰ তাঁৰ টানি টাৱাৰ স্থাপন কৰিবলৈ অনুমোদন দিওঁতে এটা অতি নাভুত-নাশ্ৰুত চৰ্তও সন্নিবিষ্ট কৰিছে। এই চৰ্ত অনুসৰি পাৱাৰ গ্রিড কর্তৃপক্ষই ভাৰত চৰকাৰ আঞ্চলিক কাৰ্যালয়ক এখন টয়টা ইনভা গাড়ী উপহাৰ দিব লাগিব। অসমৰ দুখন অন্যতম বনাঞ্চলৰ পৰা জীৱকূলক বহিষ্কাৰ কৰাৰ বিনিময়ত আঞ্চলিক কাৰ্য্যালয়ক এখন ইন'ভা গাড়ী বিচাৰিছে। ইয়াৰ জৰিয়তে আঞ্চলিক কমিটিখনে গোটেই অসমৰ মানুহৰ বিবেকত আঘাট হানিছে আৰু অপমান কৰিছে।

আঞ্চলিক কাৰ্য্যালয়ৰ কমিটিখনে কোনো ধৰণৰ অধ্যয়ন নকৰাকৈ উচ্চ ভল্টেজ সম্পন্ন তাঁৰ টানিবলৈ আৰু টাৱাৰ স্থাপন কৰিবলৈ অনুমতি লিখিতভাবে প্ৰদান কৰিছে। অনুমতি প্ৰদান কৰাৰ পিছতহে এতিয়া অসমৰ বন বিভাগৰ ৱার্ডেনৰ পৰা এখন প্রতিবেদন বিচাৰিছে। ইয়াৰ জৰিয়তে কমিটিখনে নিজকে অতি তুচ্ছ কৰাৰ লগতে জনসাধাৰণৰ সাধাৰণ জ্ঞান খিনিকো উপলুঙা কৰিছে। প্ৰথমে অনুমতি দিছে আৰু পিছতহে বনাঞ্চলত কি আছে বন বিভাগৰ বার্ডেনৰ পৰা এখন প্রতিবেদন বিচাৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in