দক্ষিণ শালমাৰাত সমবায় সমিতিৰ সুলভ মূল্যৰ কেৰাচিন তেল ক’লা বজাৰত বিক্ৰী, গ্ৰেপ্তাৰ এজনক…

দক্ষিণ শালমাৰাত সমবায় সমিতিৰ সুলভ মূল্যৰ কেৰাচিন তেল ক’লা বজাৰত বিক্ৰী, গ্ৰেপ্তাৰ এজনক…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰাত সমবায় সমিতিৰ সুলভ মূল্যৰ কেৰাচিন তেল ক’লা বজাৰত বিক্ৰী, গ্ৰেপ্তাৰ এজনক…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানা এলেকাৰ নিচ মণিৰচৰত যোৱা নিশা প্ৰায় ১০ বজাত এজন লোকক সমবায় সমিতিৰ সুলভ মূল্যৰ নীলা কেৰচিন সহ আটক কৰি আৰক্ষীক গতাই দিয়াৰ পাছত উক্ত ঘটনাৰ লগত জড়িত সমবায় সমিতিৰ দোকানীক আজি গ্ৰেপ্তাৰ কৰে।

Advertisment

উল্লেখযোগ্য নিচ মণিৰ চৰ গাঁৱৰ হাফিজুৰ ৰহমান নামৰ সুলভ মূল্যৰ দোকানী জনে ধুবুৰী জিলাৰ চৰ মণিৰচৰ গাঁৱৰ নজৰুল ইছলাম নামৰ চোৰাং ব্যৱসায়ী জনৰ দ্বাৰা দোকানৰ পৰা বৃহৎ পৰিমাণৰ চৰকাৰী নীলা কেৰচিন বিক্ৰী কৰিবলৈ পঠায়। নিশা দোকান খনৰ পৰা চাইকেল যোগে তেল খিনি নিয়া অৱস্থাত ৰাইজে কেৰচিন সহ আটক কৰি দক্ষিণ শালমাৰা থানাত গতাই দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পাছত উক্ত চোৰাং ব্যৱসায়ৰ লগত জড়িত দোকানী হাফিজুৰ ৰহমানক সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জব্দ কৰা তেলৰ পৰিমাণ ৮০ লিটাৰ বুলি জানিব পৰা গৈছে।