/asomiyapratidin/media/media_files/2025/08/16/edd-2025-08-16-23-38-34.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে পশুধনৰ চোৰাং কাৰবাৰ। দক্ষিণ শালমাৰা থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী চকীচৰ আৰু কালাইবাৰী চৰত বিএছএফে দুটা পৃথক স্থানৰ পৰা ১৩টাকৈ চোৰাং গৰু জব্দ কৰিছে।
প্ৰাপ্ত বাতৰি মতে, সীমান্তত টহলধাৰী ১৫০ নং বেটেলিয়ান বিএছএফে চকীচৰ সীমান্তৰ পৰা ১১ টা চোৰাং গৰু জব্দ কৰাৰ লগতে কালাইবাৰী চৰ সীমান্তৰ পৰা ১১ টা পশুধন জব্দ কৰা হৈছে। জব্দ কৰা পশুধন কেইটা বিএছএফে ইতিমধ্যে দক্ষিণ শালমাৰা থানাত জমা কৰাত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰিছে বুলি জানিব পৰা গৈছে।
লক্ষণীয় যে, প্ৰতিবছৰ বাৰিষা আৰু শীতৰ সুযোগত লৈ চোৰাং সৰবৰাহকাৰী জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ চোৰাং ভাৱে পশুধন সৰবৰাহ কৰে। বৰ্তমান ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধি পোৱাৰ সুযোগ লৈ ইতিমধ্যে জিলাখনত চোৰাং সৰবৰাহকাৰী সক্ৰিয় হৈ উঠিছে।
বিশেষকৈ নদী তথা উন্মক্ত চৰ সীমান্তয়েদি চোৰাং কাৰবাৰ বৃদ্ধি পাবলৈ ধৰিছে। লক্ষণীয় যে, সীমান্তৰ পৰা বিএছএফে চোৰাং গৰু কেইটা আজি জব্দ কৰিছে যদিও আৰক্ষীৰ চকুত ধূলি দি সৰবৰাহকাৰীয়ে কিদৰে সীমান্তলৈ পশুধন সৰবৰাহৰ বাবে নিবলৈ সক্ষম হয় তাকে লৈ ভিন্ন মহলত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।