ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ বিগত তিনিদিন ধৰি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ মাতিনেৰ চৰত আতংকময় পৰিবেশে বিৰাজ কৰিছে। হাটশিঙিমাৰী জিলা প্ৰশাসনৰ উদ্যোগত মঙলবাৰে মাতিনেৰ চৰত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালক উচ্ছেদ চলাবলৈ যোৱাত চৰকাৰী ভূমিত আশ্ৰয় লৈ থকা অৰ্ধ শতাধিক পৰিয়াল প্ৰতিবাদত বহে। প্ৰতিবাদকাৰীসকলক আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰী লোকসকলক অমানৱীয়ভাবে চোচৰাই উচ্ছেদ চলাবলৈ ধৰাত চৰকাৰী ভূমি দখলকাৰী সকলে নিজে নিজে ঘৰ-দুৱাৰ টানি নিয়াৰ বাবে সময় বিচাৰি জিলা প্ৰশাসনক দাবী জনায়। চৰকাৰী ভূমিত আশ্ৰয় লৈ থকা পৰিয়াল কেইটাৰ দাবীৰ ভিত্তীত জিলা প্ৰশাসনৰ ফালৰ পৰা তিনি দিনৰ সময় বান্ধি দিয়া হয়। এই তিনি দিনৰ দুদিন সময় ইতিমধ্যে উকলি যোৱাৰ লগতে শুক্ৰবাৰৰ ভিতৰত মাতিনেৰ চৰৰ চৰকাৰী ভূমি বেদখলমুক্ত নকৰিলে শনিবাৰে পুনৰ উচ্ছেদ অভিযান চলোৱা হব।
এনে পৰিস্থিতিৰ মাজত মাতিনেৰ চৰত অৰ্ধ শতাধিক পৰিয়ালৰ মাজত আতংকময় পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ৰেজাউল কৰিম সৰকাৰসহ আমছুৰ সজাতি দল এটাই দিনৰ প্ৰায় ১ বজাত উপস্থিত হয় মাতিনেৰচৰ গাঁৱত। আমছুৰ এই সজাতি দলক দেখি মাতিনেৰচৰৰ এই ভূক্তভূগী পৰিয়াল কেইটা আৱেগিত হৈ পৰে। ৰেজাউল কৰিমৰ ভৰিত ধৰি কান্দি কান্দি সহায় কৰাৰ বাবে দাবী জনায়।
প্ৰায় আধা ঘণ্টা সময় ধৰি ভূক্তভূগী পৰিয়াল কেইটা কান্দি কান্দি আৱেগিত হৈ পৰাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। ফলত আমছুৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয়, মাতিনেৰ চৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক বা চৰকাৰী কাৰ্যালয় হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু আমাক জীয়াই থকাৰ বাবে আশ্ৰয় দিয়ক, আমাক আশ্ৰয় নিদি উচ্ছেদ কৰিলে আমি কেতিয়াও মানি নলও। অন্যথা আমি সমগ্ৰ অসমজুৰি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম বুলি চৰকাৰ তথা জিলা প্ৰশাসনক আমছুৰ সভাপতি জনে এক প্ৰকাৰে হুমকি প্ৰদান কৰে।
প্ৰশ্ন হয়, এইসকল লোক কিয় চৰকাৰী ভূমিত এইদৰে আশ্ৰয় ল'বলগীয়া হৈছে। আচলতে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি জিলাখনৰ একাংশ স্থানৰ পৰা এইসকল লোক মাটি-ভেটি হেৰুৱাই লাখ লাখ টকাৰ বিনিময়ত এই চৰকাৰী ভূমি ক্ৰয় কৰি ২০-২৫ বছৰ ধৰি আশ্ৰয় লৈ আছে। কিন্তু মাতিনেৰ চৰত জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক আৰু কেইবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে উপযুক্ত ভূমি বিচাৰি নোপোৱাত এই স্থান বাছনি কৰি দুই শতাধিক পৰিয়ালক প্ৰায় দুবছৰ পূৰ্বে নতুনকৈ ভূমি আৱণ্টন দি উচ্ছেদ কৰিছিল।
ইয়াৰে অৰ্ধ শতাধিক পৰিয়ালে চৰকাৰী ভূমি আৱণ্টনৰ নথি পত্ৰ লাভ কৰিছে যদিও এতিয়ালৈ চৰকাৰী ভাবে মাটি চমজাই দিয়া হোৱা নাই। একেদৰে একাংশ পৰিয়ালক এখন দ-বিলৰ মাজত ভূমি আৱণ্টন দিয়াত তেওঁলোকে সেই স্থানত ঘৰ সাজিবলৈ সক্ষম হোৱা নাই। এই স্থানৰ কাষতেই চৰকাৰী ভাবে একাংশ ধনী শ্ৰেনীৰ লোকক চৰকাৰী ভাবে লাখ লাখ টকাৰ বিনিময়ত ভূমি আৱণ্টন দিয়াৰ অভিযোগ উত্থাপন হৈছে। পুজিপতি লোকক ওখ স্থানত ভূমি আৱণ্টন দিয়াৰ লগতে এইসকল ভূমিহীন দৰিদ্ৰ লোকক বিল, দ খাল আদিত ভূমি আৱণ্টন দিয়া ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলিও আমছুৰ সভাপতি জনে মন্তব্য কৰে।