বিকল্প মূল্যায়নত অনুত্তীৰ্ণ শিক্ষাৰ্থীক স্কুল ভিত্তিক পৰীক্ষা পাতি দ্ৰুত ফলাফলৰ দাবী..

বিকল্প মূল্যায়নত অনুত্তীৰ্ণ শিক্ষাৰ্থীক স্কুল ভিত্তিক পৰীক্ষা পাতি দ্ৰুত ফলাফলৰ দাবী..

author-image
asomiyapratidin
New Update
পশ্চিম গাৰো পাহাৰত পুনৰ  ভূমিস্খলন…

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰিস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত বৃহস্পতিবাৰে এছ ইউ চি আইৰ ভাতৃ সংগঠন সৰ্ব ভাৰতীয় গণতান্ত্ৰিক ছাত্ৰ সংগঠন চমুকৈ এ আই ডি এছ অ'য়ে এক প্ৰতিবাদী সমদল কৰি মেট্ৰিক অনুত্তীৰ্ন শিক্ষাৰ্থী সকলক নিজৰ নিজৰ বিদ্যালয়ত পৰীক্ষা পাতি দ্ৰুত ফলাফল দিয়াৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত এ আই ডি এছ অ'ৰ হাটশিঙিমাৰী শাখাৰ উদ্যোগত এক প্ৰতিবাদী সমদল উলিওৱা হয়। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ নেতা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত উপস্থিত হয়। জিলা উপায়ুক্তৰ জৰিয়তে অসম মাধ্যমিক শিক্ষা পৰিষদলৈ এখন লিখিত স্মাৰক পত্ৰ প্ৰদান কৰে। ছাত্ৰ সংগঠনটোৰ প্ৰশ্ন পৰীক্ষা নপতাকৈ শিক্ষাৰ্থী সকলক কি যুক্তিত ফেইল কৰাই দিলে। মেট্ৰিকত যি সকলে ইতিমধ্যে অনুত্তীৰ্ন হৈছে তেওঁলোকক সোনকালে নিজৰ নিজৰ বিদ্যালয়ত পৰীক্ষা পাতি দ্ৰুত ফলাফল প্ৰদান কৰিব লাগে বুলি তেওঁলোকে দাবী কৰিছে।