Advertisment

সৰভোগত লকডাউনৰ মাজতে চলিছে অবৈধভাৱে শিল-বালি সৰবৰাহ…

সৰভোগত লকডাউনৰ মাজতে চলিছে অবৈধভাৱে শিল-বালি সৰবৰাহ…

author-image
asomiyapratidin
New Update
সৰভোগত লকডাউনৰ মাজতে চলিছে অবৈধভাৱে শিল-বালি সৰবৰাহ…

ডিজিটেল সংবাদ, সৰভোগ: ৰাজ্যৰ বিভিন্ন ঠাইত কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্ৰতি লকডাউন চলি আছে। দীৰ্ঘদিনীয়া তথা দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন স্থানত মানুহৰ মাজত আৰ্থিক দুৰাৱস্থাৰ লগে লগে ভয়াৱহভাৱে খাদ্য সংকটে দেখা দিছে। আনকি বহু লোকে অনাহাৰে থাকিবলগীয়া ঘটনা পোহৰলৈ আহিছে।

Advertisment

কৃষিপ্ৰধান অঞ্চল বৰপেটা জিলাৰ সৰভোগতো বিভিন্ন স্তৰৰ লোকৰ লগতে কৃষি কৰ্মত জড়িত লোক সকলৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে। বিশেষকৈ কৃষকসকলৰ বৰ্তমানৰ ৰবিশস্যৰ ফচল শাক-পাচলি আৰু অসম বিখ্যাত সৰভোগৰ দৈ-ক্ৰীমৰ লগতে গো-পালকসকলৰ উৎপাদিত শ শ লিটাৰ গাখীৰ অপচয় হৈ আহিছে। কিন্তু এনে এক সময়তে চৰকাৰে বলৱৎ কৰা লকডাউন উলংঘন কৰি সৰভোগ খণ্ড বন বিষয়াৰ অন্তৰ্গত বেঁকী আৰু নলঝৰা নৈৰ পৰা অবৈধভাৱে শিল, বালিৰ সৰবৰাহ চলি আছে।

প্ৰাপ্ত অভিযোগ অনুসৰি, সৰভোগ খণ্ড বন বিষয়াৰ অন্তৰ্গত বেঁকী নৈৰ উপনৈ নলঝৰা নদীত থকা বৈধ-অবৈধ মহলৰ পৰা লকডাউনৰ সময়তো বন বিভাগৰ লগত ব্যৱসায়ী সকলে গোপন বুজাবুজিৰে প্ৰতিদিনে দুই-তিনিখন ডাম্পাৰ আৰু ট্ৰাকেৰে শিল-বালিৰ দ্বিধাহীনভাৱে সৰবৰাহ চলি আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে। সৰভোগস্থ খণ্ড বন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলে শিল-বালিৰ লগত জড়িত ব্যৱসায়ীৰ লগত গোপন বুজাবুজি কৰি লকডাউন অমান্য কৰি ডাম্বাৰ আৰু ট্ৰাকেৰে প্ৰতিদিনে শিল-বালি কঢ়িয়াই আছে।

সৰভোগৰ বেঁকী নৈৰ উপনৈ নলঝৰাত প্ৰকাণ্ড প্ৰকাণ্ড ফকলেন আৰু ডাম্পাৰেৰে ভয়াৱহভাৱে নৈৰ বুকুত খনন কৰি লকডাউন অমান্য কৰি শ্ৰমিকৰ হতুৱাই শিল-বালি জিলাখনৰ বিভিন্ন ঠাইলৈ নিয়মিতভাৱে সৰবৰাহ চলি থকাৰ অভিযোগ পোৱা গৈছে। আনকি নিশাও নৈৰ বুকুত অবৈধভাৱে খনন চলি থাকে বুলি প্ৰত্যক্ষদৰ্শী ৰাইজে অভিযোগ কৰে।

বেঁকী আৰু নলঝৰা নৈত প্ৰতিদিনে কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লকডাউন চলি থকা সময়তে শুকুৰবাৰে সৰভোগ নগৰৰ মাজেৰে দৈনিক বজাৰৰ মাজেৰে বৰনগৰ মহাবিদ্যালয়ৰ সমীপেৰে পাৰ হৈ ৰাষ্ট্ৰীয় পথ হৈ যোৱা শিল-বালি কঢ়িওৱা ট্ৰাক এখনৰ ছবি অসমীয়া প্ৰতিদিনৰ সাংবাদিকৰ কেমেৰাত বন্দী হয়। যিসময়ত চৰকাৰৰ নীতি-নিৰ্দেশনা মানি মানুহে ঘৰতে থাকি সুৰক্ষিত হৈ থকাত মনোনিবেশ কৰি আহিছে, অতি আৱশ্যকীয় শাক-পাঁচলি, গাখীৰ বিক্ৰীৰ বাবে মানুহ ওলাই অহা নাই। তেনেস্থলত লকডাউনৰ সময়ত কেনেকৈ প্ৰতিদিনে চালানবিহীনভাৱে শিল-বালি কঢ়িয়াই ট্ৰাক, ডাম্বাৰ চলি আছে বুলি স্থানীয় ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে।

লকডাউন অমান্য কৰি জিলা প্ৰশাসনক উপেক্ষা কৰি আশ্বৰ্যজনকভাৱে কেনেকৈ শিল-বালি কঢ়িয়াব পাৰিছে তাত ৰাইজে আচাৰ্য প্ৰকাশ কৰিছে । তদুপৰি দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লকডাউন কঠোৰ হ'ব বুলি সকীয়াই দি অপ্ৰয়োজনত ঘৰৰ বাহিৰত নোলাবলৈ অনুৰোধ কৰাৰ সময়ত কি সাহসত শিল, বালি মহলত শ্ৰমিকক নিয়োজিত কৰি আহিছে বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে। উল্লেখ্য যে, বেঁকী আৰু নলঝৰা নৈৰ বুকুত অবৈধ খননৰ ফলত নৈৰ গতি সলনি হৈ অদূৰ ভৱিষ্যতে সৰভোগ অঞ্চলত গৰাখহনীয়া আৰু বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে।