/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/7d8cf793-2c49-421f-aa61-5b3a99b358bf.jpg)
ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীৰ 'বন্দেছ আলী মেম'ৰিয়েল একাডেমী'ৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে 'ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস' উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে পুৱা ছাত্ৰ-ছাত্ৰীসকলে একাডেমী চৌহদত চাফাই অভিযান চলায়৷ দুপৰীয়া একাডেমীৰ বিজ্ঞান শিক্ষয়িত্ৰী মৰ্জিনা পাৰবিনৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞানৰ বিভিন্ন আহিলা প্ৰস্তত কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/9cc37a20-c8e3-4d40-a2f5-6b899fdf1002.jpg)
উল্লেখ্য যে, শিক্ষাৰ্থীসকলক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ, নিউটনৰ কাঁহী, বিদ্যুৎ হিটাৰ, হাইড্ৰক্ল'নিক ক্ষমতা, এচিড বৰষুণ, আধুনিক চেল' মেচিন, জুই জ্বলাবলৈ অক্সিজেনৰ ব্যৱহাৰ, এচিডৰ জলীয় দ্ৰৱ্যই বিদ্যুৎ পৰিবহন কৰে আদি বিষয়ৰ বিভিন্ন আহিলা প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। ইয়াৰোপৰি আহিলাসমূহৰ প্ৰস্তুত আৰু প্ৰণালীৰ বিষয়ে বিতংকৈ বুজায়ো দিয়া হয়।
সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ আৰু অৱসৰপ্ৰাপ্ত বিষয়া ছকিম উদ্দিন আহমেদে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন বিজ্ঞানৰ আহিলা প্ৰস্তুত-প্ৰণালী সম্পৰ্কে নানা প্ৰশ্নৰ অৱতাৰণা কৰে। জানিব পৰামতে একাডেমীৰ সঞ্চালকপ্ৰধান মোজাম্মেল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অসম ৰাজ্যিক পৰিবহন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ছকিম উদ্দিন আহমেদ, সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ, একাডেমীৰ পৰিচালক সম্পাদক আব্দুল হাই, কেইবাগৰাকী সংবাদকৰ্মী শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/cbcbaf6d-e761-4eae-8576-f7ff29089a94.jpg)
সভাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ তাৎপৰ্য সম্পৰ্কে অতিথিয়ে ভাষণ দিয়ে৷ আনহাতে পুৰস্কৃত শিক্ষাৰ্থীক অতিথিসকলে ভূয়সী প্ৰশংসা কৰে।