/asomiyapratidin/media/media_files/2025/10/15/1-2025-10-15-09-06-51.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ বিভিন্ন স্থানত বাইক ,মটৰ চাইকেল সঘনাই চুৰি হৈ থকাৰ মাজতে এইবাৰ জামুগুৰিহাটৰ এখন চুৰি বাইক উদ্ধাৰ হৈছে লখিমপুৰৰ নাৰায়ণপুৰত। প্ৰায় সাতদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ সুন্দৰ লাহনৰ গৃহৰ পৰা নিশা চোৰে চুৰি কৰি নিছিল AS- 12-AH- 4952 নম্বৰৰ বাইকখন।
ইয়াৰ পিছতে বাইকৰ গৰাকীয়ে জামুগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । মঙলবাৰে নিশা নাৰায়ণপুৰৰ পথৰ দাতিত চোৰে এৰি থৈ যোৱা বাইকখন উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে উদ্ধাৰ হোৱা চুৰি বাইকখন নাৰায়ণপুৰ আৰক্ষীয়ে জামুগুৰি আৰক্ষীক চমজাই দিয়ে।