বৰপুখুৰী পাৰত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ভূমি আবন্টন প্ৰশাসনৰ

শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ চহৰৰ মাজমজিয়াৰ অনুপম পৰিবেশৰে ভৰা বৰ পুখুৰী পাৰত আকৰ্ষণীয়ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ২কঠা মাটি আবন্টন দিয়াৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰঃ  অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ মহান শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন অহা কালিলৈ সাংস্কৃতিক নগৰী তেজপুৰত উদযাপন কৰাৰ বাবে বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰস্তুতি চলাইছে।

এনে সময়তে মহান শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ প্ৰাকক্ষণত শিল্পী গৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ চহৰৰ মাজমজিয়াৰ অনুপম পৰিবেশৰে ভৰা বৰ পুখুৰী পাৰত আকৰ্ষণীয়ৰূপত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ২কঠা মাটি আবন্টন দিয়াৰ বাবে প্ৰশংসনীয় 
পদক্ষেপ গ্ৰহণ কৰিছে।

এই ক্ষেত্ৰত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই আজি এইকথা সদৰি কৰিছে। উল্লেখ্য যে বিধায়ক ৰাভাই আজি উক্ত ভূমিক্ষেত্ৰ পৰিদৰ্শন কৰি অনাগত সময়ত জুবিন ক্ষেত্ৰত শিল্পীগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে প্ৰতিমূৰ্তি নিৰ্মাণৰ লগতে পৰ্য্যটনস্থলী তেজপুৰলৈ অহা দেশী বিদেশী পৰ্য্যটক সকলৰ আকৰ্ষণৰ এক স্থান হিচাপে গঢ়ি তোলা হ'ব বুলিও জানিবলৈ দিয়ে।

 প্ৰাণৰ শিল্পী গৰাকীৰ সোঁৱৰণত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনে দুকঠা ভূমি আবন্টন দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পাৰি ৰাইজ উৎফুল্লিত হৈ পৰিছে। ইয়াৰ বাবে প্ৰশাসনৰ শলাগ লৈছে। আনহাতে শিল্পী গৰাকীৰ ৫৩ সংখ্যক জন্ম দিনটোত জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ তেজপুৰ আৰু জামুগুৰিহাটত এটাকৈ ৰক্তদান শিৱিৰৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

জুবিন গাৰ্গ