পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিঃ হত্যাৰ বলি হ'ল ৩ সন্তানৰ পিতৃ...

তেজপুৰ কেতেকীবাৰী অঞ্চলৰ এটি ভাড়াঘৰত আছিল প্ৰয়াত সত্যেন গোৱালাৰ বিধবা পত্নী চম্পা গোৱালা৷ চম্পাৰ আকৌ শংকৰ নায়ক আৰু ৰফিকুল ইছলামৰ নামৰ দুজন ব্যক্তিৰে আছিল প্ৰেমৰ সম্পৰ্ক।

author-image
Tushar Pratim
New Update
পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতিঃ হত্যাৰ বলি হ'ল ৩ সন্তানৰ পিতৃ...

ডিজিটেল ডেস্কঃ পৰকীয়া প্ৰেমৰ পৰিণিতত তেজপুৰত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড৷এই গোটেই হত্যাকাণ্ডৰ আঁৰৰ কাহিনী ‘‘এক ফুল দমালি’’ কাহিনী। 

Advertisment

জানিব পৰা মতে তেজপুৰ হাৰিগাৱৰ পৰা আহি কেতেকীবাৰী অঞ্চলৰ এটি ভাড়াঘৰত আছিল প্ৰয়াত সত্যেন গোৱালাৰ বিধবা পত্নী চম্পা গোৱালা৷ চম্পা গোৱালাৰ আকৌ শংকৰ নায়ক আৰু ৰফিকুল ইছলামৰ নামৰ দুজন ব্যক্তিৰে আছিল প্ৰেমৰ সম্পৰ্ক।

ইয়াৰে ৰিফকুল ইছলাম তেজপুৰ পূৰ্বাঞ্চলৰ বাসিন্দা হোৱাৰ লগতে তেওঁ তিনি সন্তানৰো পিতৃ। এই ৰফিকুলৰ সৈতে আছিল চম্পাৰ অবৈধ সম্পৰ্ক৷

সেই কথা চম্পাৰ প্ৰেমিক শংকৰে নাজানিছিল৷ কিন্তু যেতিয়া এই সম্পৰ্কৰ কথা অৱগত হয়, তেতিয়াই শংকৰে চম্পাৰ সৈতে মিলি তৈয়াৰ কৰিছিল হত্যাৰ পৰিকল্পনা। দুয়োৰে প্ৰেমৰ বাটৰ কাঁট সদৃশ ৰফিকুলক হত্যা কৰাৰ উদ্দেশ্যৰে সোমবাৰে চম্পাই মাতি পঠিয়াইছিল ৰফিকুলক।

মিস্ত্ৰীৰ কাম কৰা ৰফিকুলে চম্পাৰ ফোন পোৱাৰ পিছতেই নিশা চম্পাৰ ভাড়াঘৰত উপস্থিত হয়হি। পিছত চম্পা আৰু শংকৰে মিলি ৰফিকুলক নৃশংসভাৱে হত্যা কৰি পথৰ কাষত পেলাই থয়৷

ইফালে ৰফিকুলৰ মৃতদেহ পথত পৰি থকা বুলিও ৰফিকুলৰ পৰিয়াললৈ চম্পায়েই ফোন কৰি খবৰ দিয়ে৷ পাছত কছাৰীগাও আৰক্ষীয়ে তাৎক্ষণিকভাৱে তদন্ত কৰি ৰফিকুলৰ হত্যাৰ আঁৰত যে চম্পা আৰু শংকৰেই জড়িত আছে সেয়া স্পষ্ট হয়।

পাছত হত্যাকাণ্ডৰ ১০ ঘন্টাৰ ভিতৰতেই দুয়ো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে চম্পা আৰু শংকৰ দুয়োৱে আৰক্ষীৰ জেৰাত এই হত্যাকাণ্ডৰ বিষয়ে স্বীকাৰ কৰিছে।

হত্যাকাণ্ড তেজপুৰ