অসমীয়া প্ৰতিদিনৰ সাংবাদিক দিব্যজ্যোতি নাথক জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব

সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ত আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি মিন্টু হেমৰমৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,তেজপুৰ: সদৌ শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু)ই আজি সৰ্বসন্মতিক্ৰমে অসমীয়া প্ৰতিদিনৰ তেজপুৰ সদৰৰ জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি নাথক শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পন কৰে।

উল্লেখ্য যে সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ তেজপুৰস্থিত মুখ্য কাৰ্যালয়ত আজি দিনৰ ১১ বজাত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি মিন্টু হেমৰমৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা অনুষ্ঠিত হয়।

সেই অনুসৰি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাতেই আজু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দিব্যজ্যোতি নাথক শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰে।

এইক্ষেত্ৰত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক অপুৰ্ব বৰাই আতধৰা সভাত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয়।

শোণিতপুৰ