
ডিজিটেল সংবাদ জামুগুৰিঃ পুখুৰীৰ পানীৰ তলত থকা মাছ বিচাৰি নহয়, চুৰি কৰি আনি লুকুৱাই থোৱা লোহাৰ ৰড বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান৷ জামুগুৰিহাটৰ পানীভৰ্তি মেটেকাৰে আগুৰা এটা পুখুৰীৰ তলত মাছৰ পৰিৱৰ্তে ওলাইছে লোহাৰ ৰড৷
যাৰবাবে এইবাৰ আৰক্ষীয়ে অভিযান চলাইছে পানীৰে পৰিপূৰ্ণ এটা পুখুৰীত৷ জামুগুৰিহাটৰ কোৱামৰা গাঁৱৰ এটা পুখুৰীত লোহাৰ ৰডৰ সন্ধানত জামুগুৰি আৰক্ষী বিষয়া কল্পজ্যোতি বৰাৰ নেতৃত্বত অভিযান চলাইছে আৰক্ষীয়ে৷
কাৰণ এই পুখুৰীৰ পানীৰ তলতেই আছে চুৰি কৰি অনা ৰডৰ বাণ্ডোল৷ উদ্ধাৰ হৈছে কুইন্টলৰো অধিক ৰড৷ চুৰি কৰি অনা লোহাৰ ৰডৰ লগত জড়িত আইনুল হক আৰু মনজিত আলি নামৰ চোৰ দুটাক গ্ৰেপ্তাৰ কৰিছে জামুগুৰি আৰক্ষীয়ে৷
জামুগুৰিহাটত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা B N Company আৰু চকিঘাট দলং নিৰ্মাণৰ দায়িত্বত থকা RSM Company য়ে কামত ব্যৱহাৰ কৰা ৰড আৰু ছাটায়িং দীৰ্ঘদিন ধৰি এটি চক্ৰই চুৰি কৰি বিক্ৰী কৰি থকাৰ বিষয়ে অৱগত কৰিছিল জামুগুৰি আৰক্ষীক৷ যাৰবাবে এইদৰে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই ৰড আৰু ছাটায়িঙ লগতে দুজনক আটক কৰে৷
অৱশ্যে ৰডবোৰ লুকুৱাই থোৱা পুখুৰীটোৰ গৰাকী পলাই সাৰিবলৈ সক্ষম হয়। তেওঁক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।