/asomiyapratidin/media/media_files/2025/12/03/1-2025-12-03-22-05-05.jpg)
ডিজিটেল সংবাদ, ঢেকীয়াজুলি: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ শিঙৰীৰ ও পি কানৈ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সমাজকৰ্মী শচীন্দ্ৰ দাস(৫৪)ৰ যোৱা নিশা ১০-৩০ মান নতুন শিঙৰীত অসম মালা পথত এক পথ দুৰ্ঘটনাত মৃত্যু হয় ৷ অতি অমায়িক শিক্ষকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পৰিছে ৷
তেওঁৰ মৃত্যুত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকল মৰ্মাহত হৈ পৰিছে৷ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি বিদ্যালয়খনত পাঠদান বন্ধ ৰখা হয় ৷ আজি দুপৰীয়া তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত তেওঁ মৃতদেহ নতুন শিঙৰী স্থিত বাসগৃহত অনা হয় ৷ ইয়াৰ লগে লগে কান্দোনৰ ৰোল উঠে ৷
উল্লেখ্য যে, ১৯৯৯ চনত ও পি কানৈ মধ্য ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰা শচীন্দ্ৰ দাসে ২০২৩ চনত এপ্ৰিলত বিদ্যালয়খনত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ তেওঁ শিঙৰী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷
নতুন শিঙৰী বৰনামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ লগতে জ্ঞান বিজ্ঞান সমিতি অসমৰ ঢেকীয়াজুলি শাখাৰ সদস্য হিচাপে সংগঠনটোৰ কাম-কাজত সক্ৰিয় ভূমিকা পালন কৰিছিল ৷ তেওঁ তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল ৷
তেওঁৰ বিয়োগত তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সভাপতি চুচেন নাথ, উপ-সভাপতি সঞ্জয় কুমাৰ দাস আৰু সম্পাদক চন্দন নাথে গভীৰ শোক প্ৰকাশ কৰি কয়, শিক্ষক শচীন্দ্ৰ দাস এগৰাকী আদৰ্শ শিক্ষক আছিল ৷ তেওঁৰ বিয়োগত শিক্ষক সমাজ তথা ৰাইজে এজন নিষ্ঠাবান শিক্ষকক হেৰুৱালে বুলি সংস্থাৰ বিষয়ববীয়াকেইজনে প্ৰকাশ কৰে ৷
লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনায় ৷ তেওঁৰ বিয়োগত জ্ঞান বিজ্ঞান সমিতি অসমৰ প্ৰধান সচিব সুস্নাতা গোস্বামীয়ে শোক প্ৰকাশ কৰিছে ৷ তেওঁৰ বিয়োগত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চ, নতুন শিঙৰী বৰনামঘৰ পৰিচালনা সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শিঙৰী আঞ্চলিক সমিতিয়ে শোক প্ৰকাশ কৰিছে ৷ তেওঁ মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুজন ভাতৃৰ লগতে বহু গুনমুগ্ধক এৰি থৈ যায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us