নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰাক্তন সম্পাদিকাৰ বিয়োগ

মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত মীৰা তামুলী বিগত কিছুদিন ধৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাতে যোৱা কালি বিয়লি ৫-২০ মান বজাত ইহলীলা সম্বৰণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰৰ বালিপৰা নিৱাসী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ প্ৰাক্তন ৰাজ্যিক সম্পাদিকা, বামপন্থী নেত্ৰী মীৰা তামুলী (৭৫)ৰ বাৰ্ধক্যজনীত কাৰণত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

মধুমেহকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত মীৰা তামুলী বিগত কিছুদিন ধৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাতে যোৱা কালি বিয়লি ৫-২০ মান বজাত ইহলীলা সম্বৰণ কৰে।অবিবাহিতা তামুলী একেৰাহে বামপন্থী নেত্ৰী হোৱাৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

আজি পুৱা তেখেতৰ নশ্বৰ দেহত চি পি আই এমৰ বালিপৰা আঞ্চলিক সমিতিকে ধৰি একাধিক অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, প্ৰয়াত বামপন্থী নেত্ৰী মীৰা তামুলীয়ে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে নিজৰ দেহ দান কৰি গৈছে ।

জামুগুৰিহাট