কংগ্ৰেছে বিজেপিৰ নোম এডালো লৰাব নোৱাৰেঃ পদ্ম হাজৰিকা

প্ৰায় ১০ সহস্ৰাধিক জনতাৰ উপস্থিতিত এই সভাতে বিধায়ক গৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে এটি ভিডিঅ' গান মুকলি কৰে। উক্ত সভাত সমষ্টিটোৰ কংগ্ৰেছ,অগপ দলৰ পৰা প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নদুৱাৰঃ   "কংগ্ৰেছে বিজেপিৰ নোম এডালো লৰাব নোৱাৰে। নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ হৈ যদি ৰাহুল গান্ধী,প্ৰিয়ঙ্কা গান্ধীৰ লগতে বাঘা বাঘা নেতা আহিলেও আমাৰ ইয়াত বিজেপিৰ নোম এডালো লৰাব নোৱাৰে।" এই মন্তব্য নদুৱাৰ সমষ্টিৰ প্ৰভাৱশালী বিধায়ক পদ্ম হাজৰিকাৰ।

২০২৬ ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ গড়মৰাত অনুষ্ঠিত এখন বিশাল জনসভাত এনেদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত এক বিশাল মটৰচাইকেল ৰেলিৰে প্ৰথমবাৰৰ বাবে নদুৱাৰ সমষ্টিত নিৰ্বাচনী ৰণশিঙা বজালে বিজেপিয়ে।

 প্ৰায় ১০ সহস্ৰাধিক জনতাৰ উপস্থিতিত এই সভাতে বিধায়ক গৰাকীয়ে আগন্তুক নিৰ্বাচনৰ বাবে এটি ভিডিঅ' গান মুকলি কৰে। উক্ত সভাত সমষ্টিটোৰ কংগ্ৰেছ,অগপ দলৰ পৰা প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে।

নদুৱাৰ সমষ্টি