/asomiyapratidin/media/media_files/2025/09/16/whatsapp-image-2-2025-09-16-17-47-50.jpeg)
ডিজিটেল সংবাদ,তেজপুৰঃ শৰীৰ এক মন্দিৰ আৰু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী শাৰীৰিক, মানসিকভাৱে সুস্থ হৈ থকাৰ বাবে নিতৌ খেলাধূলাৰ লগতে ব্যায়াম,যোগাসন আদি কৰাটো অপৰিহাৰ্য।
এনে অনন্য চিন্তা আৰু সুপৰিকল্পনাৰেই অসমীয়া মাধ্যমৰ চৰকাৰী প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় সমূহত একোখন বৃহৎ শিশু উদ্যান আটক ধুনীয়াকৈ স্থাপন কৰি ছাত্ৰ-ছাত্ৰী সকলক খেলাধূলাৰ সুবিধা প্ৰদানৰ বাবে তেজপুৰৰ মাৰুতী বাহন বিক্ৰেতা আৰ ডি মটৰ্ছ কোম্পানী আগবাঢ়ি আহিছে।
উল্লেখ্য যে, তেজপুৰ নিকামূলৰ আৰ ডি মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টে আজি স্বৰ্গীয় গোলোক চন্দ্ৰ শইকীয়া সোঁৱৰণী কেতেকীবাৰী বালিকা মজলীয়া বিদ্যালয়ৰ চৌহদত আটকধুনীয়াকৈ নিৰ্মাণ কৰা বৃহৎ শিশু উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে।
সেই অনুসৰি স্থানীয় সমাজকৰ্মী কৰবী দত্তৰ সভাপতিত্বত আজি দিনৰ ১১ বজাত শিশু উদ্যানখন মুকলি কৰাৰ কাৰণে বিদ্যালয়খনৰ সভাকক্ষত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাখনত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি শোণিতপুৰৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া নীলোজ্জ্বল শৰ্মাই নিজ ভাষণত আৰ ডি মটৰ্ছৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে।
শৰ্মাই কয়, আৰ ডি মটৰ্ছ চেৰিটেবল ট্ৰাষ্টে এনেকৈ ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ কাৰণে শিশু উদ্যান মুকলি কৰি সম্পূৰ্ণ সামাজিক দায়বদ্ধতাৰে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহক সহায় কৰিবলৈ আগবাঢ়ি অহাটো অতিকৈ প্ৰশংসনীয় কাম। এনেধৰনৰ কামে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক খেলাধূলাৰ লগতে ব্যায়াম আদিৰ প্ৰতিও আগ্ৰহী কৰি তোলে।
সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি আৰ ডি মটৰ্ছৰ তেজপুৰৰ জেনেৰেল মেনেজাৰ চবনমআৰা বেগমে ভাষণত কয়, আমি ৫২ সপ্তাহত ৫২ খন বিদ্যালয়ত একোখনকৈ শিশু উদ্যান মুকলি কৰাৰ বাবে পৰিকল্পনা যুগুতাই ইতিমধ্যেই গহপুৰ কলাবাৰীৰ পৰা আৰম্ভ কৰি ঢেকিয়াজুলিলৈকে বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বিদ্যালয়সমূহ নিৰ্বাচন কৰি সফলতাৰে আগবাঢ়িছো আজি কেতেকীবাৰী বালিকা মজলীয়া বিদ্যালয়ৰ পৰাই আৰম্ভ কৰিছো।
আনহাতে আৰ ডি মটৰ্ছৰ চেৰিটেবল ট্ৰাষ্টে বিদ্যালয়খনলৈ এনেদৰে একাধিক খেলনা সামগ্ৰী আৰু বিভিন্ন সা সজুলিৰে শিশু উদ্যানখন আগবঢ়োৱাৰ কৃতজ্ঞতাস্বৰূপে প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলী দেৱী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৰবী দাস স্বাক্ষৰিত এখন সম্বৰ্ধনা পত্ৰ জেনেৰেল মেনেজাৰ চবনমআৰা বেগমক প্ৰদান কৰে।
সভাত ছাত্ৰী ঋষিতা বিদ্যুৎ শইকীয়াই লোকগীত পৰিবেশন কৰি সকলোকে মুগ্ধ ধৰে। অনুষ্ঠানত সদৌ শোণিতপুৰ জিলা সাংবাদিক সন্থা (আজু)ৰ কাৰ্যকৰী সভাপতি দিব্যজ্যোতি নাথৰ লগতে আৰ ডি মটৰ্ছৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকে। এইক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলে অতিথি সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে ১৯৪১ চনত স্থাপন হোৱা কেতেকীবাৰী বালিকা মজলীয়া বিদ্যালয়খনত বৰ্তমানসময়ত ১৭৬ গৰাকী ছাত্ৰছাত্ৰী থকাৰ লগতে বিদ্যালয়খনে ইতিমধ্যে গুনোৎসৱত এ গ্ৰেদ লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পিছত আৰ ডি মটৰ্ছৰ জেনেৰেল মেনেজাৰ চবনমআৰা বেগমে জিলা প্ৰাথমিক শিক্ষা বিষয়া নীলোজ্জ্বল শৰ্মা,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৰবী দত্ত আৰু প্ৰধান শিক্ষয়িত্ৰী গীতাঞ্জলী দেৱীৰ উপস্থিতিত শিশু উদ্যানখন ছাত্ৰ ছাত্ৰীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে।
সভাত ছাত্ৰ ছাত্ৰী,অভিভাৱক,মাতৃ গোটৰ সদস্য,শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে গাঁওসভাৰ সদস্য আৰু বহু লোক উপস্থিত থাকে। উল্লেখ্য যে, শতাধিক ছাত্ৰ ছাত্ৰী থকা চৰকাৰী বিদ্যালয়সমূহতহে আৰ ডি মটৰ্ছে বৃহৎ শিশু উদ্যান স্থাপন কৰিব।