/asomiyapratidin/media/media_files/2026/01/09/1-2026-01-09-19-53-47.jpg)
ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ ঢেকীয়াজুলি অঞ্চলত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ লগতে নৱ-প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই ভ্ৰাম্যমাণ গ্ৰন্থমেলা আৰম্ভ কৰিছে ৷
ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় চৌহদত আয়োজিত উদ্বোধন অনুষ্ঠানৰ জৰিয়তে ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰা হয় ৷ বিয়লি ২ বজাত আয়োজিত উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই ভ্ৰাম্যমাণ গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে ৷
এই উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয় ৷ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্বোধনী ভাষণত জ্যেষ্ঠ সাংবাদিক অঞ্জন কুমাৰ শৰ্মাই কয়, সুস্থ চিন্তা অবিহনে এখন আদৰ্শ সমাজ গঢ়িব নোৱাৰি ৷
এজন মানুহে সুস্থ চিন্তা কৰিবলৈ হ’লে মানুহজনৰ অধ্যয়নৰ প্ৰয়োজন৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক পুষ্টি লাভ কৰিব পাৰি ৷ মানসিক পুষ্টি হীনতাই এজন ব্যক্তিক প্ৰকৃত মানুহ হোৱাৰ পৰা বঞ্চিত কৰে ৷ সেই গতিকে আমি গ্ৰন্থ অধ্যয়ন কৰিব লাগে বুলি শৰ্মাই মত প্ৰকাশ কৰে ৷
উল্লেখ্য যে, ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েলে আতঁধৰা সভাখনত ঢেকীয়াজুলি সম-জিলা আয়ুক্ত দ্যেতিভা বৰাই মুখ্য অতিথিৰ ভাষণ দিয়ে ৷ তেওঁ কয়, আমি সকলোৱে গ্ৰন্থ অধ্যয়ন কৰিব লাগে ৷
ভ্ৰাম্যমাণ গ্ৰন্থমেলাই গ্ৰামাঞ্চলৰ পাঠক ৰাইজক উপকৃত কৰিব বুলি তেওঁ মতপোষণ কৰে ৷ উক্ত সভাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নাজিমা চুলতানা, নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক অজিত চহৰীয়া, ধৰ্মেন্দ্ৰনাৰায়ণ দেৱ, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া খগেন্দ্ৰনাথ শৰ্মা, নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ দাস, খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সমল ব্যক্তি দুলাল দাস, কবি-লেখক কৰুণাদত্ত বৰা, খগেন ভূঞা, ভূৱন দাস, গোকুল বছনেত, ডা:উমেশ চন্দ্ৰ দাস, যাদৱ বড়ো, ৰিপেন ৰাভাৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us