/asomiyapratidin/media/media_files/2025/04/14/xYhuVRCq3lM2jdY82ead.jpg)
ডিজিটেল ডেস্কঃ ঢেকীয়াজুৰি সমষ্টিৰ এগৰাকী কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে। সমষ্টিটোৰ পাণবাৰী জিলা পৰিষদৰ আসনৰ বাবে এইবাৰ কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল ৰীনা বিভাৰক। তেওঁ ইতিমধ্যে কংগ্ৰছ দলৰ প্ৰাৰ্থী হিচাপে উক্ত পদৰ বাবে মনোনয়নো দাখিল কৰিছে। কিন্তু আজি তেওঁ আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি পদত্যাগৰ কথা ঘোষণা কৰিছে।
দল ত্যাগৰ পাছত বিভাৰে তেওঁৰ প্ৰতিক্ৰিয়াত অসমৰ মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কাম-কাজ আৰু নেতৃত্বক গভীৰ প্ৰশংসা কৰি স্বেচ্ছাই এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে। কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কাৰণ সন্দৰ্ভত তেওঁ ঢেকীয়াজুলি সমষ্টিৰ ভিতৰত দলৰ দুৰ্বল নেতৃত্বৰ দিশটোলৈ আঙুলিয়াই দিয়ে। তেওঁ স্থানীয় নেতৃত্বৰ দৃষ্টিভংগীৰ অভাৱ, হতাশাজনক মনোভাৱ, আৰু স্বাৰ্থপৰ দৃষ্টিভংগীকো সমালোচনা কৰে। নেতৃত্বৰ এনে আচৰণৰ বাবে কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ জনতাৰ আস্থা হেৰাইছে বুলিও মন্তব্য কৰে।
বিভাৰে কয়, ঢেকীয়াজুলিবাসীয়ে ভাৰতীয় জনতা পাৰ্টি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি দৃঢ় বিশ্বাস প্ৰদৰ্শন কৰিছে। ৰাইজৰ ইচ্ছা আৰু বিশ্বাসক সন্মান জনাই মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছো।’
এই সন্দৰ্ভত ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে এক্সত লিখিছে "পাণবাৰী জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী শ্ৰীমতী ৰীনা বিভাৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বৰ প্ৰতি অনুপ্ৰাণিত হৈ আজি কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে। আমি তেওঁক বিজেপি পৰিয়াললৈ উষ্ম আদৰণি জনাইছো!"
Smt. Reena Bibhar, Congress candidate from Panbari Zila Parishad (Dhekiajuli LAC), resigned from Congress and joined @BJP4Assam today, inspired by the dynamic leadership of Hon’ble CM Dr. @himantabiswa ji.
— Ashok Singhal (@TheAshokSinghal) April 14, 2025
We warmly welcome her to the BJP family! pic.twitter.com/v0VRhwegWf