/asomiyapratidin/media/media_files/2025/08/09/1-2025-08-09-16-30-18.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিশ্ববাসীয়ে আজিও সোঁৱৰণ কৰে ইতিহাসৰ সেই ভয়াৱহ দিনটো। জাপানৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ সেই ক’লা দিনটোৰ সাক্ষী হৈ ৰৈছিল সমগ্ৰ বিশ্ব। ১৯৪৫ চনৰ ৬ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোছিমা আৰু নাগাচাকিত কৰা পাৰমাণৱিক আক্ৰমণত সেই বছৰৰে শেষৰফালে মৃত্যুক আঁকোৱালি লৈছিল প্ৰায় ২ লাখ লোকে।
বাকী যিসকল বাচি গৈছিল পাৰমাণৱিক বিস্ফোৰণৰ বিকিৰণৰ ফলত হোৱা ব্যাধিত চিৰ জীৱনৰ বাবে ঘুণীয়া হৈ পৰিছিল। সেই অভিশপ্ত দিনৰ স্মৃতি সুঁৱৰি বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত কৰি অহা হিৰোছিমা-নাগাচাকি দিৱসটি আজি দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়।
আমাক যুদ্ধ নালাগে,শান্তি লাগে বাণী আওৰাই মৰ্নিং ষ্টাৰ হাইস্কুলত চাৰিদিনীয়াকৈ পালন কৰা উক্ত দিৱসৰ আজি অন্তিম কাৰ্য্যসূচীৰ পুৱা ৯ বজাত বিদ্যালয়ৰ পৰা এক সমদল উলিওৱা হয়।আমাক যুদ্ধ নালাগে, শান্তি লাগে শ্ল'গানেৰে বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তোলা সমদলটোৰ জৰিয়তে সমাজত যুদ্ধই কেনেকৈ ধ্বংস মাতি আনে আৰু শান্তিয়ে কেনেকৈ প্ৰগতি আনে সেই বিষয়ে এক বাৰ্তা দিয়া হয়।
মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহা আৰু অধ্যক্ষ দীনেশ কুমাৰ কেচিয়ে উদ্বোধন কৰা এই সমদলটোৰ পিছত বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে এক মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰি যুদ্ধৰ বিৰূদ্ধে আৰু শান্তি প্ৰতিষ্ঠাৰ হকে শপত লয়।
ইয়াৰ পিছতে বিদ্যালয়খনৰ ডিজিটেল ক্লাছ ৰুমত এখন তথ্যচিত্ৰ মুকলি কৰা হয়। নৱম শ্ৰেণীৰ ছাত্র-ছাত্ৰী সকলে বিদ্যালয়খনৰ অতীত আৰু বৰ্তমান পৰিৱেশৰ কিছু সমল গোটাই আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা তথ্যচিত্ৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমীয়া প্ৰতিদিনৰ ছয়দুৱাৰৰ সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই।
ভাষণ প্ৰসংগত তেওঁ কয় যে ছাত্র ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ কাৰণে মৰ্ণিং ষ্টাৰ হাইস্কুলে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপ শলাগল'বলগীয়া।বিশেষকৈ ১৯৯৬ চনৰ পৰা একাদিক্ৰমে হিৰোছিমা-নাগাচাকি দিৱস পালন কৰি ছাত্র-ছাত্ৰী সকলৰ মাজত শান্তিৰ বাণী বিলাই মানৱ প্ৰেম জাগ্ৰত কৰি অহা পদক্ষেপ নিতান্তই আদৰণীয় বুলি ভাষণত উল্লেখ কৰে সাংবাদিক ভাস্কৰ জ্যোতি ভূঞাই।
উক্ত দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এখন মুকলি সভা আৰু তৰ্ক প্ৰতিযোগিতা।উক্ত মুকলি সভাখন উন্মোচন কৰে গহপুৰৰ সাংবাদিক নৱজিৎ শইকীয়াই। ইপিনে তৰ্ক প্ৰতিযোগিতাৰ সদনৰ বিষয় আছিল- "যুদ্ধ আমাক নালাগে"।উক্ত তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বিপক্ষৰ প্ৰণয় মহন্তই।দ্বিতীয় স্থান লাভ কৰে সপক্ষৰ আদ্ৰিত নাৰায়ণ কেচি আৰু তৃতীয় স্থান লাভ কৰে বিপক্ষৰ বেদান্ত শৰ্মাই।
হিৰোছিমা আৰু নাগাচাকি দিৱস অনুষ্ঠিত কৰি সমাজত শান্তি প্ৰতিষ্ঠাৰ হকে প্ৰবল জনমত গঢ়ি তুলি ছাত্র-ছাত্ৰীৰ মাজত প্ৰেম-ভাতৃত্ববোধ জগাই তুলিবলৈ মৰ্ণিং ষ্টাৰ হাইস্কুলে বিগত ২৯ বছৰ ধৰি গ্ৰহণ কৰি অহা পদক্ষেপ সঁচাকৈয়ে আদৰণীয় বুলি মন্তব্য কৰিছে বৌদ্ধিক সমাজে।