'অসমৰ আটাইতকৈ চঞ্চল, উশৃংখল ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা'- অখিল গগৈ

‘’অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা।‘’- তেজপুৰত আজি এই মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। 

author-image
Asomiya Pratidin
New Update
'অসমৰ আটাইতকৈ চঞ্চল, উশৃংখল ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা'- অখিল গগৈ

ডিজিটেল সংবাদ, তেজপুৰঃ ‘’অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা।‘’- এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ। 

আজি তেজপুৰৰ বিহগুৰিত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ এক প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি সংবাদিকৰ আগত ড০ শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ তেওঁ কয়, ‘’অসমৰ আটাইতকৈ চঞ্চলমতীয়া ৰাজনৈতিক নেতাজনৰ নাম হিমন্ত বিশ্ব শৰ্মা।‘’

তাৰোপৰি তেওঁ কয়, অসমৰ আটাইতকৈ উশৃংখল, জপিয়াই থকা, স্থিৰতা নথকা আৰু ভৰিত চকা লাগি থকা মুখ্যমন্ত্ৰীজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসৰ আটাইতকৈ গাম্ভীৰ্যতা নথকা তৰল বক্তব্য প্ৰকাশ কৰা মুখ্যমন্ত্ৰী জনৰ নামেই হিমন্ত বিশ্ব শৰ্মা৷ 

তেজপুৰ ড০ হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ