/asomiyapratidin/media/media_files/2025/11/07/1-2025-11-07-21-16-17.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ খলিহামাৰি গাঁৱত আজি বিয়লি সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত গুৰুতৰ ভাবে আহত হয় এগৰাকী মহিলা। গাঁওখনৰ ৰামচন্দ্ৰ ৰায় নামৰ ব্যক্তিজনৰ ঘৰত অজ্ঞাত কাৰণত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ গৃহৰ এটা অংশ জুইত ভস্মীভূত হোৱাৰ লগতে তেখেতৰ পত্নী অঞ্জলি ৰায় গুৰুতৰ ভাবে আহত হয়। মুখমণ্ডল আৰু হাতত আঘাতপ্ৰাপ্ত হোৱা মহিলা গৰাকী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।ভয়ংকৰ অগ্নিকাণ্ডই ৰামচন্দ্ৰ ৰায়ৰ বাস গৃহৰ কেইবাবিধো সামগ্ৰী ভস্মীভূত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us