/asomiyapratidin/media/media_files/2025/11/19/1-2025-11-19-21-40-14.jpg)
ডিজিটেল সংবাদ, বিহালীঃ উত্তৰ অসমত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ অসমৰ এচাম ধূৰন্দৰ গৰু বেপাৰীৰ নেতৃত্বত অব্যাহত আছে চোৰাং গৰু বেহা ৷ জানিব পৰা মতে, উত্তৰ অসমৰ দৰঙ জিলাস্থিত চোৰাং গৰু চিকিণ্ডিকে চক্ৰটোৱে উত্তৰ অসমৰ এচাম ধূৰন্দৰ গৰু বেপাৰীৰে মিলি ধেমাজী ,লক্ষীমপুৰ, বিশ্বনাথ জিলাৰ পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ মাজেদি দৰং জিলাৰ দলগাঁও হৈ বাংলাদেশত চোৰাংভাৱে গৰু বিক্ৰি কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে ৷
প্ৰাপ্ত তথ্য মতে, বুধবাৰে পুৱতি নিশা প্ৰায় ২ বজাত বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বিহালীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ পৰা বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বুচিং বে'ৰ নেতৃত্বত এক আৰক্ষী সঁজাতি দলে গোপন সুত্ৰৰ পম খেদি অবৈধভাৱে সৰবৰাহ কৰা ৪ খন বাহনসহ ৯৮টা চোৰাং গৰু আৰু ১৬ টা গৰু বেপাৰী আটক কৰে ৷
উল্লেখযোগ্য যে, যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে গৰু বেহা কাৰ্যত কঠোৰ নীতি গ্ৰহণ কৰাত অবৈধ্য গৰু ব্যৱসায়ী গেঙটো শ'লঠেঁকত পৰিছে যাৰ বাবে চোৰাং গৰু বেপাৰী গেঙটোৱে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে ট্ৰাকযোগে অতি সংগোপনে গৰু সৰবৰাহ কৰাত লাগিছে ৷
আৰক্ষীৰ পৰা জানিব পৰা মতে, উত্তৰ অসমৰ চোৰাং গৰু বেপাৰী গেঙটোৱে চোৰাং গৰু সমূহ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথেদি লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ জিলা হৈ দৰং জিলাৰ দলগাঁওত মজুত কৰি পৰবৰ্তী সময়ত বাহনযোগে বাংলাদেশত বিক্ৰী কৰে ৷
শেহতীয়াভাৱে উত্তৰ অসমৰ এই বৃহৎ চেৰাং গৰু বেহাকাৰী চক্ৰটোৱে উত্তৰ অসমৰ ধেমাজী-লক্ষীমপুৰ জিলাৰ পৰা অবৈধভাৱে গৰু ক্ৰয় কৰি চুবুৰীয়া বাংলাদেশত বিক্ৰীৰ বাবে ফান্দ পাতি ৪ খনকৈ ট্ৰাকৰে সৰবৰাহ কৰাৰ সময়তে বিশ্বনাথৰ বিহালী আৰক্ষীৰ জালত পৰে৷
তথ্য অনুসৰি বুধবাৰে পুৱতি নিশা বিহালী আৰক্ষী দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত গোপন সুত্ৰপমখেদি আটক কৰা ট্ৰাকৰ পৰা ১৬টা গৰু চোৰক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷ আৰক্ষীয়ে সদৰি কৰামতে- উত্তৰ অসমৰ ধেমাজী জিলাৰ পৰা AS25-FC-4310, AS25-FC-4372, AS01-RC-4323 আৰু AS-23Q-9644 নম্বৰৰ ৪ খন ট্ৰাক বাহনৰ পৰা মুঠ ৯৮ টা গৰু উদ্ধাৰ কৰে৷
আনহাতে, জানিব পৰা মতে, বিহালী ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত বিহালী আৰক্ষীয়ে তালাচী চলাই উত্তৰ অসমত অব্যাহত থকা চোৰাং গৰু গেঙটোৰ ১৬ টা গৰু চোৰ ক্ৰমে- ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ৰৌতা বাগান বস্তীৰ মহম্মদ ইছাফিল আলি(২২বছৰ),শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত মৌপুৰিজুৰি গাঁৱৰ অনিল হ'ক(২১বছৰ),ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিৰজোৰা গাঁৱৰ জয়নাল আলি(২৯বছৰ),দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত 5নম্বৰ বৰুৱা জুৰিগাঁৱৰ জুলফিকাৰ আলি(২০বছৰ),দৰং জিলাৰ দলগাঁও থানাৰ ৫ নম্বৰ বৰুৱা জুৰিগাঁৱৰ ছহিদুৰ ৰহমান(৩৫),দৰং জিলাৰ চিকুন মাটি গাঁৱৰ আদম আলি(২৮বছৰ),দৰং জিলাৰ বেচিমাৰী গাঁৱৰ মানজালুন হ'ক(২৮বছৰ),দৰং জিলাৰ বেচিমাৰী গাঁৱৰ আশ্ৰাফুল ইছলাম(৩৫বছৰ),লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত কদমতিনিআলিৰ তমিজউদ্দিন আহমেদ(৩০বছৰ),লখিমপুৰ জিলাৰ বগীনদীৰ থানাৰ অন্তৰ্গত কদমটেঙাবস্তিৰ ফজল আলি(৩৫বজৰ),মৰিগাঁও জিলাৰ মৰিগাঁও থানাৰ অন্তৰ্গত জামুগুটি গাওৰ ইণ্টাজুল হ'ক(২৪বছৰ),দৰং জিলাৰ অন্তৰ্গত মগৰবস্তী বেচিমাৰী গাঁওৰ শ্বাহ আলম(৩০বছৰ),দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত বেচিমাৰী গাৱৰ মানিক আলি(২০বছৰ) আৰু দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত মাজগাওৰ ছাদাম আলি(৩২বছৰ)ক বিহালী আৰক্ষীয়ে আটক কৰি বিয়লি বিশ্বনাথ ন্যায়িৰ আদালতত হাজিৰ কৰি বিশ্বনাথ জেললৈ প্ৰেৰণ কৰে৷ সিফালে আৰক্ষীয়ে চোৰাং গৰু বেপাৰী গেঙটোৰ কৱলৰ পৰা উদ্ধাৰ কৰা ৯৮ টা গৰুৰ স্বাস্থ্য পৰীক্ষা কৰি গো-শালালৈ প্ৰেৰণ কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us