শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক…

শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক…

ডিজিটেল সংবাদ, তেজপুৰঃ দীৰ্ঘদিন ধৰি শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে বাইক চুৰি কৰি ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টিকৰি অহাৰ দুধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলিক বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শোণিতপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতুৰ নেতৃত্বত বাইক চোৰৰ বিৰুদ্ধে চলা এই অভিযানত চুৰি হোৱা ৯ খনকৈ বাইকো উদ্ধাৰ হয় ।

এই ক্ষেত্ৰত আৰক্ষী সূত্ৰে জানিব পৰা মতে, জীয়াভৰলী নদীৰ লালেটাপু চাপৰিত বৃহৎ সংখ্যাক চুৰি বাইক থকা বুলি লাভ কৰা এক গোপন সূত্ৰৰ পমখেদি বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে জীয়াভৰলী নদী পাৰ হৈ লালেটাপু চাপৰিত অভিযান চলায়।

শোণিতপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোৰ নেতৃত্বত অতি গোপনে চলা এই অভিযানতে দুধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেজপুৰ সদৰ আৰক্ষী থানাৰ অধীনস্থ বৰঘাট আৰক্ষী চকীৰ এলেকাত চলা এই অভিযানতে আৰক্ষীয়ে অভিযান চলাই একেলগে ৯ খনকৈ বাইক উদ্ধাৰ কৰে।

শোনিতপুৰ জিলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা দুধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলি পাঁচ মাইলৰ আবু তালেবৰ পুত্ৰ বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। আৰক্ষীয়ে পাছত দুৰ্ধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলিৰ লগতে উদ্ধাৰ হোৱা ৯ খনকৈ বাইক নাৱেৰে জীয়াভৰলী নদী পাৰ কৰি তেজপুৰলৈ লৈ আনে।

এইক্ষেত্ৰত শোনিতপুৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোয়ে কয়- 'শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে বাইক চুৰি কৰি দুধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলিয়ে ৰাইজৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। এক গোপন সূত্ৰৰ পমখেদিয়েই আমি পুৱতি নিশা অভিযান চলাই দুধৰ্ষ বাইক চোৰ ইব্ৰাহীম আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in