/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/SONITPUR-BARSALA-CORRUPTION-IN-GOVERNMENT-FUND-DISTRIBUTION.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ পৰিস্থিতি ভয়াবহ কৰি তোলাত ৰাইজ আতংকিত হৈ পৰিছে। এনে সময়তে কোৰোনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনত আৱদ্ধ হৈ পৰা অসমৰ দৰিদ্ৰ পৰিয়ালক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে ঘোষণা কৰা ১ হাজাৰ টকাৰ সাৰ্হায্য প্ৰদানৰ নামত শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে। অগপৰ নিৰ্বাচিত গাঁও সভাৰ সদস্যক গুৰুত্বহীন কৰি একাংশ বিজেপি পঞ্চায়ত প্ৰতিনিধি আৰু বিজেপি নেতাই বিহগুৰি উন্নয়ন খণ্ডৰ অধীনষ্ঠ টুমুকী গাঁও পঞ্চায়তৰ এলেকাত দৰিদ্ৰ পৰিয়ালৰ বিপৰীতে ধনী আৰু কেইবাখনো গাড়ী, ট্ৰেক্টৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি থকা লোকৰ ঘৰতহে ৰাজ্য চৰকাৰৰ ১ হাজাৰ টকা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
আশ্বৰ্য্যজনক বিষয় এইয়ে যে উৱলি যোৱা ঘৰত বসবাস কৰা আৰু বিপিএল ৰেচনকাৰ্ড নথকা অতি দৰিদ্ৰ পৰিয়ালৰ দুৰ্ভগীয়া দিব্যাংগ লোককো এই সকল নেতাই ১ হাজাৰ টকা প্ৰদান নকৰাত টুমুকী গাঁও পঞ্চায়তৰ এলেকাৰ বালিগাঁও অঞ্চলত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে। ইফালে এই দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে ইতিমধ্যে টুমুকী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ গাঁওসভাৰ সদস্য ৰমেন নাথে বিহগুৰি উন্নয়ন খণ্ডৰ জেষ্ঠ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰিছে। এইক্ষেত্ৰত টুমুকী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ নিৰ্বাচিত গাওসভাৰ সদস্য ৰমেন নাথে উত্থাপন কৰা গুৰুতৰ অভিযোগ অনুসৰি বালিগাঁও শাখাত বিপিএল ৰেচনকাৰ্ড নথকা আৰু দিন হাজিৰা কৰি খোৱা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ দুই তৃতীয়াংশ লোকেই চৰকাৰে প্ৰদান কৰা ১ হাজাৰ টকাৰ আৰ্থিক সাৰ্হায্য নাপালে।
ইয়াৰ পৰিৱৰ্তে টুমুকী গাঁও পঞ্চায়তৰ প্ৰতিনিধি সচিব আৰু একাশ বিজেপি নেতাই আৰ্থিক অবস্থাসম্পন্ন চাৰিচকীয়া বাহন আৰু ট্ৰেক্টৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি থকা লোকৰ ঘৰতহে ৰাজ্য চৰকাৰৰ ১ হাজাৰ টকাৰ আৰ্থিক সাৰ্হায্য প্ৰদান কৰে। উল্লেখ্য যে, বালিগাঁৱত এটা উৱলি যোৱা আৰু বেৰ নথকা ঘৰত বসবাস কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দিব্যাংগ ভাতৃ ভগ্নীকো এই দুৰ্যোগপুৰ্ন পৰিবেশত চৰকাৰৰ ১ হাজাৰ টকা প্ৰদান নকৰিলে। তদুপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ আন দিব্যাংগ লোককো ১ হাজাৰ টকাৰ আৰ্থিক সাৰ্হায্য প্ৰদান নকৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।
আনহাতে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা আৰু স্বামী শ্ৰমিক হিচাপে কৰ্মসূত্ৰে গুৱাহাটীত থকাৰ পাছতো বালিগাঁৱৰ দীপাদেৱী নামৰ মহিলা গৰাকীয়ে ৩ বছৰীয়া সন্তানটোৰ সৈতে অতি কষ্টৰে দিন কটোৱাৰ পাছতো সস্তীয়া ৰাজনীতিৰ আশ্ৰয় লৈ দুৰ্ভগীয়া মহিলা গৰাকীক চৰকাৰৰ ১ হাজাৰ টকাৰ আৰ্থিক সাৰ্হায্য প্ৰদান নকৰিলে। ইয়াৰোপৰি হোটেলত দিন হাজিৰা আৰু স্বামী দিব্যাংগ হোৱাৰ পাছতো দীপালী দাস নামৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়ালটোৰ লগতে চিতুমণি নাথকে ধৰি বহু দৰিদ্ৰ পৰিয়ালক এই ১ হাজাৰ টকাৰ সাৰ্হায্য প্ৰদান নকৰাত দুৰ্ভগীয়া পৰিয়ালবোৰৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।
ৰাজ্য চৰকাৰে ১ হাজাৰ টকাৰ আৰ্থিক সাৰ্হায্য প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণেৰে অনিয়ম সংঘটিত নকৰিবৰ বাবে কঠোৰ নিৰ্দেশ দি অহাৰ পাছতো বৰছলা সমষ্টিত এই নিৰ্দেশণা উলংঘা হোৱা ঘটনাৰ বিৰুদ্ধে ৰাইজে এক তদন্তৰ দাবী জনাইছে। আনহাতে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতো স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুয়ে দৰিদ্ৰ ৰাইজৰ কোনো দুৰ্দশাৰ বিষয়ে বুজ লবলৈ আহৰি পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।