জামুগুৰিহাটৰ অভিনেতা, শিক্ষাবিদ ভবেন বৰালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’…

জামুগুৰিহাটৰ অভিনেতা, শিক্ষাবিদ ভবেন বৰালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’…

ডিজিটেল ডেস্কঃ ২০১৯ বৰ্ষৰ বাবে 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা'ৰ বাবে বাচনি কৰিছে বিশিষ্ট শিক্ষাবিদ, অভিনেতা, প্ৰযোজক, লেখক ভবেন বৰাক। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰগাঁও নিবাসী ভবেন বৰা শিক্ষকতা বৃত্তিৰ লগতে সাহিত্য-সংস্কৃতিৰ সৈতে দীৰ্ঘকাল ধৰি জড়িত হৈ আছিল।

নাট্যকাৰ, অভিনেতা, নাট পৰিচালক তথা শিক্ষাবিদ গৰাকীক কেতিয়া আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ'ব সেই তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও, ইতিমধ্যে ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা বিভাগীয় সঞ্চালকক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in