Advertisment

শিল্পী যাদৱ চলিহাৰ "তিমি হামৰো হিৰো দেশ কো চিপাহী" শীৰ্ষক গীতৰ শুভমুক্তি

মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীত শিল্পী যাদৱ চলিহাৰ কণ্ঠত প্ৰাণ পাই উঠা এই দেশপ্ৰেমমূলক গীতটো আজি এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰি গীতটোৰ শুভ মুক্তি দিয়ে বিশিষ্ট সাংস্কৃতিক কৰ্মী, কলাশ্ৰী বিনোদ খনালে।

author-image
Asomiya Pratidin
New Update
g

ডিজিটেল সংবাদ, ছয়দুৱাৰ:   অসমীয়া, হিন্দী আৰু গোৰ্খালী ভাষাৰ সংমিশ্ৰণেৰে অতি সুন্দৰকৈ প্ৰস্তুত কৰি উলিওৱা এটি দেশপ্ৰেমমূলক গীতৰ আজি আনুষ্ঠানিকভাৱে শুভ মুক্তি দিয়া হয় গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলত। মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীত শিল্পী যাদৱ চলিহাৰ কণ্ঠত প্ৰাণ পাই উঠা এই দেশপ্ৰেমমূলক গীতটো আজি এক গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰি গীতটোৰ শুভ মুক্তি দিয়ে বিশিষ্ট সাংস্কৃতিক কৰ্মী, কলাশ্ৰী বিনোদ খনালে।

Advertisment

উন্মোচনী ভাষণত বিনোদ খনালে কয় যে গহপুৰ তথা বিশ্বনাথ জিলাৰ শৈক্ষিক ক্ষেত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াই অহা যাদৱ চলিহাই সাংস্কৃতিক ক্ষেত্ৰখনলৈয়ো আগবঢ়াই আহিছে অনবদ্য বৰঙণি। সৃষ্টিশীল কৰ্মৰাজিৰ মাজেৰে জীৱনটোক মহীয়ান কৰি তুলিব বিচৰা যাদৱ চলিহাই আটকধুনীয়াকৈ কণ্ঠদান কৰা দেশপ্ৰেমমূলক গীতটো শ্ৰুতা ৰাইজে বিপুল ভাবে আকোঁৱালি ল'ব বুলি আশা প্ৰকাশ কৰে বিনোদ খনালে।

সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত থাকিও তেওঁ মৰ্ণিং ষ্টাৰ হাইস্কুলখন আটকধুনীয়া কৰি ৰাখিছে বুলিও ভাষণত উল্লেখ কৰে বিনোদ খনালে। উল্লেখযোগ্য যে, অসমীয়া, হিন্দী আৰু গোৰ্খালী ভাষাক সংমিশ্ৰণ ঘটাই 'তিমি হামৰো হিৰো দেশ কো চিপাহী...' শীৰ্ষক দেশপ্ৰেমমূলক গীতটোত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অসমৰ গোৰ্খা বীৰ জোৱান সকলক সাহস, ত্যাগ আৰু দেশপ্ৰেমক প্ৰস্ফুটিত কৰি তোলা হৈছে।

ছপা মাধ্যমৰ গহপুৰৰ যুৱ সাংবাদিক তথা গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু) কাৰ্য্যকৰী সভাপতি, গীতিকাৰ ৰমেন বৰাই লিখা গীতটোৰ সুৰ কৰিছে বৰঙাবাৰীৰ নিৱাসী তথা গহপুৰ সমজিলাৰ এগৰাকী জ্যেষ্ঠ সংগীত প্ৰশিক্ষক, সুৰকাৰ, কণ্ঠশিল্পী বিজয় বৰাই। গহপুৰৰ ককিলা চাৰিআলিৰ ষ্টুডিঅ' ৰিভোলিউশ্যনত বাণীবদ্ধ কৰা গীতটোত সংগীত সংযোজন আৰু সংমিশ্ৰণ কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এগৰাকী প্ৰতিভাৱান যুৱ সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাই।

উল্লেখ্য যে তিনিটাকৈ ভাষাত বাণীবদ্ধ কৰা গীতটোত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে চিত্ৰবন স্বৰ্ণদল শাখা সাহিত্য সভাৰ সম্পাদক বিনোদ আত্ৰেয়ই।দেশপ্ৰেমমূলক গীতটো শ্ৰোতা ৰাইজে আদৰি ল'ব বুলি আশাবাদী সংগীত শিল্পী যাদব চলিহা। আজিৰ এই শুভ উন্মোচনী অনুষ্ঠানত বিনোদ আত্ৰেয়,অমৰেন্দ্ৰ কলিতা,দীপ শৰ্মা,যমুনা বৰা,বৰষা চুনাম,লক্ষ্মন প্ৰধান প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি আৰু মৰ্ণিং ষ্টাৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকল উপস্থিত থাকে। সভাৰ শেষত কৃতজ্ঞতা সূচক ভাষণ প্ৰদান কৰি অধ্যক্ষ দীনেশ কুমাৰ কে.চিয়ে কয় যে যাদৱ চলিহাই সংগীতৰ মাজেৰে সমাজলৈ দি অহা ইতিবাচক বাৰ্তা সঁচাকৈয়ে অতি প্ৰশংসনীয়।

যাদৱ চলিহা