ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰিত ফ্লাইং স্কোৱাডে জব্দ কৰিলে দহ লাখ টকা। এএছ-০৪-ইউ-৬২৫২ নম্বৰৰ এখন এল্টো বাহনত আনিছিল দহ লাখ টকা। ধন সমূহ বিত্তীয় প্ৰতিষ্ঠান এল এন টিৰ বুলি দাবী।
ইফালে ধন জব্দ হোৱাৰ সন্দৰ্ভত প্ৰশাসনৰ অনুসন্ধান অব্যাহত। চৰাইদেউ জিলাৰ চফ্ৰাইত ধোদৰ আলিত ফ্লাইং স্কোৱাডৰ তালাচীত উদ্ধাৰ হয় ধনখিনি। উল্লেখ্য যে, সোণাৰিত উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে ফ্লাইং স্কোৱাড।