/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/faf60400-bac9-4cde-ba91-32dec38287e2/Bihu_dance.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ কৰছুং সত্ৰ ৰাস মন্দিৰত অহা ৪ আৰু ৫ ম'ত দুদিনীয়াকৈ সপ্তদশ তম সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী মতে ৪ মে'ত পুৱা ৯ বজাত উদযাপন সমিতিৰ সভাপতি প্ৰবিন হাজৰিকাৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে ১০বজাৰ পৰা কবিতা আবৃত্তি, চিত্ৰাংকন, আকস্মিক বক্তৃতা, সাধুকথা কোৱা, ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
দিনৰ ২ বজাৰ পৰা জিলা ভিত্তিত জেং বিহু আৰু বিয়লি ৪ বজাৰ পৰা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। মুকলি কুইজ পৰিচালনা কৰিব সাংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। ৫ মে'ৰ দিনা উৰুলি, বিয়া নাম, জাতীয় সাজ পাৰ প্ৰতিযোগিতাৰ পিছতে সন্ধিয়া ৮ বজাৰ পৰা গীত মাত নৃত্যৰ সমাাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী অৰুন্ধতী ভানুপ্ৰিয়া আৰু বেহাৰবাৰিৰ মুকুতাৰ কৌতুক অনুষ্ঠান অনুষ্ঠিত হব।
সভাপতিৰ পৰা জানিব পৰা মতে, সোনাইপৰীয়া ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এইবলি প্ৰথম বাৰৰ বাবে ঘোষণা কৰা হৈছে সোনাইপৰীয়া জন হিতৈষী বঁটা। এইবেলি বঁটা প্ৰদান কৰা হৱ বিশিষ্ট সমাজ সেৱক ড০ অসীম কুমাৰ দাসক। সোনাইপৰীয়া ৰঙালী বিহু উৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।