/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/son.jpg)
ডিজিটেল সংবাদ, ধেমাজি: সমগ্ৰ ৰাজ্যতে বানে ভয়ংকৰ প্ৰলয়ৰ সৃষ্টি কৰিছে। ধেমাজি জিলাৰ গেৰুকামুখত এন এইচ পি চিৰ অধীনত নিৰ্মাণৰত ২০০০ মেগাৱাচ শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যৎ প্ৰকল্পত প্ৰলয়।
যোৱা কেইবাদিনো ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত বান্ধৰ উজনিত তীব্ৰগতিত নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ঠায়ে ঠায়ে ভূমিস্খলন হোৱাত প্ৰকল্প স্থলীলৈ যাতায়ত ব্যৱস্থা ব্যাহত হৈছে।
ফলস্বৰূপে প্ৰকল্প নিৰ্মাণৰ কাৰ্যত বাধাৰ সৃষ্টি হৈছে। মূলবান্ধত প্ৰচণ্ড ঢৌৰ সৃষ্টি হোৱাত প্ৰকল্পৰ যন্ত্ৰ-পাতি স্থানান্তৰ হৈছে। পৰৱৰ্তী সময়ত এই পৰিস্থিতি ভয়ংকৰ হোৱাৰ সম্ভাৱণা আছে।
আৰু পঢ়ক: পশ্চিম বংগত অসমৰ আইনা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সজাগতা অভিযান