জোনাইত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

জোনাইত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ডিজিটেল সংবাদ,জোনাই : জোনাই সমষ্টিৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। শনিবাৰে জোনাইৰ তৰাজানত এজন ড্ৰাগছ আসক্ত যুৱকক ড্ৰাগছসহ কৰায়ত্ত কৰি আৰক্ষীক স্থানীয় ৰাইজে গতাই দিয়ে।

জানিব পৰামতে দীৰ্ঘ দিনৰ যুৱকজনে জোনাইৰ বিভিন্ন স্থানত ড্ৰাগছ সৰহবাহত জড়িত হৈ আছিল। কিন্তু শনিবাৰে গাঁৱৰ গাঁৱৰক্ষী বাহিনীৰ দলে বিশেষ সূত্ৰে জানিব পাৰি ড্ৰাগছ বেচিবলৈ অহা সময়তে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

আটকাধীন যুৱকজন জোনাইৰ তৰাজান গাঁৱৰ কুশল পেগু বুলি জানিবলৈ দিয়ে। যুৱকজনৰ পৰা গাঁওৰক্ষী বাহিনীয়ে ১.৬৭ গ্ৰাম নিষিদ্ধ ড্ৰাগছৰ লগতে AS 06X 5194 নম্বৰৰ এখন FZ মটৰচাইকেল এখন উদ্ধাৰ কৰে। ইয়াৰ পিছতে জোনাই আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ যুৱকজনক আটক কৰি জোনাই আৰক্ষী থানালৈ লৈ যায়।

জোনাইত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
পশ্চিম মাছখোৱা সমবায়ৰ সভাপতি-সচিবক বান্ধি দিলে ২দিনৰ সময়সীমা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in