শিলচৰ চিকিৎসা মহাবিদ্যালয়ত হাহাকাৰঃ এগৰাকী চিকিৎসক আক্ৰান্ত কোৰোনাত…

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত হাহাকাৰঃ এগৰাকী চিকিৎসক আক্ৰান্ত কোৰোনাত…


ডিজিটেল সংবাদ, শিলচৰঃ শিলচৰ চিকিৎসা মহা বিদ্যালয় হাস্পতালত কৰ্মৰত এগৰাকী চিকিৎসকৰ দেহত বুধবাৰে কভিড-১৯ পজিটিভ ধৰা পৰাৰ পিচত হাহাকাৰ লাগে চিকিৎসালয় খনত ৷ কোনো ভ্ৰমণ বৃত্তান্ত নথকা চিকিৎসক জন কোৰোনাত আক্ৰান্ত হোৱাৰ পিচতে হুৱাদুৱা লাগে চিকিৎসক, নাৰ্ছ সহ চিকিৎসা মহা বিদ্যালয় খনৰ অনান্য কৰ্মচাৰী সকলক মাজত ৷

চিকিৎসক সহ বুধবাৰে কাছাৰ জিলাত নতুনকৈ তিনি জনৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰে ৷ এই তিনিজনক লৈ কাছাৰত আজিলৈকে মুঠ ১৮৫ গৰাকীলৈ বৃদ্ধি পালে কোৰোনা আক্রান্তৰ সংখ্যা । বুধবাৰে কেৰোনাত আক্রান্ত হোৱা শিলচৰ চিকিৎসা মহা বিদ্যালয় হাস্পতালৰ চিকিৎসক গৰাকী ডা: ওৰিনা ৰাহা ৷ ডাঃ ওৰিনা ৰাহা ফৰেনচিক বিভাগৰ চিকিৎসক ৷

"অসম লক্ষ্য প্ৰনোদিত নিৰীক্ষণ কাৰ্যসূচী "ৰ অধীনত স্বাৱ লোৱাৰ পিচত বুধবাৰে চিকিৎসক গৰাকীৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰে ৷ ইফালে শিলচৰ চিকিৎসা মহা বিদ্যালয় হাস্পতালত প্রথম গৰাকী চিকিৎসক কোৰোনাত আক্রান্ত হোৱাৰ পিচতে চিন্তিত হৈ পৰিছে হাস্পতাল কতৃপক্ষ আৰু কাছাৰ জিলা স্বাস্হ্য বিভাগ ।

কোনো ভ্রমণ বৃত্তান্ত নথকা চিকিৎসক গৰাকী কেনেকৈ কোৰোনাত আক্রান্ত হ'ল তাকে লৈ চিন্তিত স্বাস্হ্য বিভাগ । কোৰোনাত আক্রান্ত চিকিৎসক গৰাকীৰ সংস্পৰ্শলৈ আৰু কোন কোন ব্যক্তি আহিছিল তাৰ সন্ধান ইতিমধ্যে আৰম্ভ কৰিছে স্বাস্হ্য বিভাগে । লগতে, ফৰেনচিক বিভাগটো কন্টেইনমেন্ট জ'ন হিচাপে ঘোষনা কৰিছে স্বাস্হ্য বিভাগে ।

আনহাতে, ভ্রমণ বৃত্তান্ত নথকা শিলচৰৰ এগৰাকী বৃদ্ধাৰ দেহতো বুধবাৰে কভিড পজিটিভ ধৰা পৰে । শিলচৰ ৰংপুৰ দাসপাৰাৰ সুপ্ৰীতি পাল নামৰ এষষ্ঠি বছৰীয়া বৃদ্ধা গৰাকীৰ জ্বৰ সহ অন্যান্য লক্ষণ দেখা দিয়াত তেওঁক মঙলবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল ৷ স্বাৱ পৰীক্ষা কৰাৰ পিচত বুধবাৰে বৃদ্ধা গৰাকী কোৰোনাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় ৷

ইফালে, সুপ্ৰীতি পালৰ পৰিয়ালৰ সদস্য সকলৰ শ্বোৱাব লোৱা প্রক্রিয়া আৰম্ভ হোৱাৰ লগতে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তি সকলৰো সন্ধানত অভিযান আৰম্ভ হোৱা বুলি "অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণ"ৰ আগত সদৰী কৰে কাছাৰ স্বাস্হ বিভাগৰ মিডিয়া বিশেষজ্ঞ সুমন চৌৰীয়ে ।

এই দুগৰাকীৰ লগতে বুধবাৰে কাছাৰত অশোক সী নামৰ সেনা জোৱান এজনৰ দেহতো কভিড ধৰা পৰে ৷ জোৱান জন মাছিমপুৰ মিলিটেৰী ষ্টেচনত কৰ্মৰত ৷ ইফালে, সম্প্রতি কাছাৰ জিলা গণ সক্রমণৰ দিশত অগ্ৰসৰ হোৱাত উদ্বিগ্ন হৈ পৰিছে কাছাৰ জিলা প্রশাসন । গণ সংক্রমণ প্রতিৰোধ কৰাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিয়ম সমূহ কঠোৰ ভাবে পালন কৰিবলৈ ৰাইজক আহ্বান জনাইছে অতিৰিক্ত উপায়ুক্ত সুমিত চাত্তায়নে ।

জৰুৰী কাম নহলে ঘৰৰ পৰা নোলাবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে অত্যন্ত কামত যাব লগা হলেও মুখত মাস্ক পিন্ধি যোৱাতো বাধ্যতামুলক ৷ নীতি নিয়ম উলংঘা কৰা লোক সকলৰ বিৰুদ্ধে প্রশাসনে কঠোৰ ব্যৱস্হা লব বুলিও ৰাইজক সতৰ্ক কৰি দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in