/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/sketing-kukurakhowa-face-bk-2-Untitled-1-copy.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দশম সদৌ অসম স্পীড স্কেটিং প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে। অসম ৰোলাৰ স্কেটিং সংস্থাৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰ স্কেটিং ৰিংকত অনুষ্ঠিত এই প্ৰতিযোগিতাত ২৩টা স্বৰ্ণ, ১১টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদকেৰে গুৱাহাটী চেম্পিয়ন হোৱাৰ বিপৰীতে দুলীয়াজান জিলাই ১৪টা স্বৰ্ণ, ৭টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় আৰু কামৰূপ মেট্ৰ জিলাই ৮টা স্বৰ্ণ, ১১টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থান দখল কৰে।
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত কালিৰ উদ্বোধনী অনুষ্ঠান অসম বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, উপ সভাপতি ত্ৰিদিব মৰাণ, ক্ৰীড়া ভাৰতীৰ মণোজ মহান্তি, অভিনেতা প্ৰসেনজিৎ বৰা, নিৰ্মালী বৰা প্ৰমুখ্যে উপস্থিত থাকে।আনহাতে, আজিৰ সামৰণি তথা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অভিনেত্ৰী আইমী বৰুৱা, অসম ৰ'লাৰ স্কেটিং সংস্থাৰ সম্পাদক অনুপম শৰ্মা, অসম স্কেটিং ব'ৰ্ডিং সংস্থাৰ সভাপতি বিকাশ আগৰৱালা, লঘু উদ্যোগ ভাৰতীৰ সভাপতি মনোজ লোন্দিয়া , স্পৰ্টছ অথোৰিটী অসমৰ বিষয়া সঞ্জীৱ গগৈ, অসম ৰ'লাৰ স্কেটিং সংস্থাৰ সহকাৰী সম্পাদক দুলাল গোঁহাই আৰু কোষাধ্যক্ষ মানৱ মেধি ইত্যাদি।