/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/c1c8bd9f-260b-4314-89ea-6208c43bd26c.jpg)
ডিজিটেল সংবাদ,গৰৈমাৰীঃ বিদ্যুতৰ ওপৰত ভাৰসা কৰি ইৰি, বৰো ধানৰ খেতি আৰম্ভ কৰা ছয়গাঁৱৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ কৃষকসকলৰ মাজত সম্প্ৰতি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ইয়াৰোপৰি ৰাজ্য চৰকাৰৰ শক্তি বিভাগে গ্ৰামাঞ্চলত নিয়মীযাকৈ বিদ্যুৎ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ কামৰূপ জিলাৰ ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত মহিমাৰীৰ উপৰি বিভিন্ন অঞ্চলত শেহতীয়াকৈ অনিয়মীয়াভাৱে বিদ্যুৎ যোগানৰ ফলত পথাৰত পানী যোগান ধৰিব নোৱাৰাৰ বাবে শ শ বিঘা ইৰি আৰু বৰো ধানৰ খেতিপথাৰত ছিঁৰাল ফাট মেলা ঘটনাই বিভাগটোৰ একপ্ৰকাৰ ব্যৰ্থতাই উদঙাই দিছে৷
জানিব পৰামতে ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিমাৰী, টুক্ৰাপাৰা, হাতীপাৰা, ফকীৰপাৰা, ঘোঁৰামাৰা পথাৰ, হাতীশলা, ভলুকাবাৰী, কৰাইবিল, চৌধুৰীপাম, দক্ষিণ চৌধুৰীপাম, দক্ষিণ ভলুকাবাৰীকে আদি কৰি বহুসংখ্যক কৃষিপ্ৰধান অঞ্চলত বিদ্যুৎ সংমণ্ডলে অনিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰা নতুবা ঠাইবিশেষে বিদ্যুৎ কৰ্তন কৰাৰ ফলত বৃহত্তৰ অঞ্চলসমূহৰ হেজাৰ হেজাৰ লোক অন্ধকাৰত ডুব যোৱাৰ লগতে খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/f38fb55b-7995-46d3-8547-e7a44575de84.jpg)
অভিযোগমতে ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত মহিমাৰী অঞ্চলত দৰিদ্ৰ কৃষক ৰাইজে ইৰি, বৰো ধান খেতি কৰাৰ উদ্দেশ্য মাত্ৰ তিনি মাহৰ বাবে বিভাগটোক গাইগতিকৈ ৬,৫০০ টকাকৈ আদায় দি বিদ্যুৎ সংযোগ লৈ পথাৰত বৈদ্যুতিক মটৰ স্থাপন কৰে৷ কিন্তু বিভাগটোৱে আশ্চৰ্যজনকভাৱে চব্বিশ ঘণ্টাৰ ভিতৰত তেইশ ঘণ্টাই অঞ্চলটোত বিদ্যুৎ কৰ্তন কৰাত শ শ বিঘা ইৰি, বৰো ধানৰ খেতিপথাৰত যথাসময়ত পানী যোগান ধৰিব নোৱাৰাত পথাৰ ছিঁৰাল ফাট মেলিছে৷ ফলত দৰিদ্ৰ কৃষক ৰাইজ মূৰে কপালে হাত দিবলগীয়াত পৰিছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/66afa978-60e3-4d4a-8af9-483dd5d583d6.jpg)
উল্লেখ্য যে দৰিদ্ৰ কৃষকে জমাকৃত ধন খৰচ কৰি ইতিমধ্যে ইৰি, বৰো ধনৰ খেতি আৰম্ভ কৰিছে৷ কিন্তু পানীৰ অভাৱত সেয়াও ধ্বংস হ'বলৈ ধৰিছে৷ আনহাতে কৃষক ৰাইজৰ বাবে অহা চৰকাৰী ধনো বিভাগীয় একাংশ বিষয়া-কৰ্মচৰীয়ে আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ কৃষক ৰাইজে৷ উল্লেখ্য যে ছয়গাঁৱৰ পূৱ ছমৰীয়া আৰু গৰৈমাৰী মৌজাবাসী বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ অঞ্চলটোৰ ৯০ শতাংশ লোকেই কৃষিকৰ্ম কৰিয়েই জীৱন-নিৰ্বাহ কৰে৷ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত দৰিদ্ৰ কৃষক ৰাইজে স্বৰাজোত্তৰ কালৰ পৰাই বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকৰ্ম কৰি আহিছে৷ পৰৱৰ্তী সময়ত একাংশ কৃষকে নিজাবৱীয়াকৈ পথাৰত ছেল' মেচিন স্থাপনেৰে পথাৰত পানী যোগান ধৰিছিল৷
শেহতীয়াকৈ খৰচ ৰাশি কৰাৰ বাবে পথাৰত বৈদ্যুতিক মটৰ স্থাপনৰ জৰিয়তে ইৰি, বৰো ধানৰ খেতি কৰা পৰিলক্ষিত হৈছে৷ আনহাতে কৃষিপ্ৰধান অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অধিকসংখ্যক দৰিদ্ৰ কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/c1c8bd9f-260b-4314-89ea-6208c43bd26c.jpg)
জানিব পৰামতে বকো সমষ্টিৰ অন্তৰ্গত মালিবাৰী, ডেকাচাং, কালাতলী, জাওঁকাটা আদি অঞ্চলত বিগত প্ৰায় এমাহ ধৰি বিদ্যুৎ যোগান একেবাৰে অনিয়মীয়া হোৱাত বৃহত্তৰ অঞ্চলবাসী অন্ধকাৰত ডুব যোৱাৰ সমান্তৰালকৈ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ স্মাৰ্তব্য যে ছয়গাঁৱৰ কৃষিপ্ৰধান অঞ্চলবোৰত সঘনাই বিদ্যুৎ কৰ্তন কৰাৰ প্ৰতিবাদত ইতিমধ্যে হাতীপাৰা ফকীৰপাৰাত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচতো বিভাগটোৰ গা নলৰাত কৃষক ৰাইজ ক্ষোভিত হৈ পৰিছে৷