শিৱসাগৰ ভটীয়াপাৰত মহিলাৰ যাত্ৰা ভাওনা প্ৰদৰ্শন

শিৱসাগৰ ভটীয়াপাৰত মহিলাৰ যাত্ৰা ভাওনা প্ৰদৰ্শন

author-image
asomiyapratidin
New Update
শিৱসাগৰ ভটীয়াপাৰত মহিলাৰ যাত্ৰা ভাওনা প্ৰদৰ্শন

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ভটীয়াপাৰৰ ভাটীবনগাওঁ সৰুখেল মহিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত দেওবাৰে সৰুখেল বৰনামঘৰত সৰস্বতী পূজাৰ লগত সংগতি ৰাখি কেৱল মহিলা দ্বাৰা "হৰিশ্চন্দ্ৰ উপাখ্যান" নামৰ এখনি যাত্ৰা প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৫বজাত উষাকীৰ্তনৰ পাছতেই ৭বজাত বিশিষ্ট শিক্ষাবিদ ভীমকান্ত দাসে ধৰ্মধ্বজা উত্তোলন কৰে অনুষ্ঠানৰ। তাৰ পিছতেই একাদিক্ৰমে বন্তিপ্ৰজ্বলন, বৃক্ষৰোপন, নামপ্ৰসংগ, প্ৰসাদ বিতৰণ ইত্যাদি কৰা হয়।

Advertisment

সন্ধিয়া ৭বজাত নাট খনৰ উদ্বোধন কৰে অসম প্ৰাকৃতিক গেছ নিগম অধীনৰ অনুসুচিত জাতি/জনজাতি উন্নয়ণ কল্যাণ পৰিষদৰ বিভাগীয় সম্পাদক জগত হাজৰিকাই। নিশা ৯বজাত বিশিষ্ট নাট্যকৰ্মী দিলিপ দাসৰ পৰিচালনাত স্থানীয় মহিলা সকলে প্ৰদৰ্শন কৰে 'হৰিশ্চন্দ্ৰ উপাখ্যান' নামৰ যাত্ৰা পাল্লা ভাওনা। এই যাত্ৰাপালাত অভিনয় কৰা শিল্পীসকলৰ মাজত অনুষ্ঠিত হয় এখনি শুভেচ্ছামুলক প্ৰতিযোগিতা। উল্লেখ্য যে, এই প্ৰতিযোগীতাকনৰ বিচাৰক হিচাপে উপস্থিত থাকে যুৱ সাংবাদিক তথা সদৌ অসম ভাওনা প্ৰতিযোগিতাত খিতাপ দখল কৰিবলা সক্ষম হোৱা ভাৱৰীয়া প্ৰান্তিক শৰ্মা।

ভাওনাখনিত নিজৰ অভিনয়েৰে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় সৈব্যা ভাৱত অভিনয় কৰা জোনালী দাসে, দ্বিতীয় স্থান ৰজা হৰিশ্চন্দ্ৰৰ অভিনয় কৰা গুণমাই দাস আৰু তৃতীয় স্থান দখল কৰে বিশ্বামিত্ৰ চৰিত্ৰত অভিনয় কৰা বীণা দাসে।

স্থানপ্ৰাপ্ত শিল্পীসকলক ভাওনাৰ শেষত একোটাকৈ ট্ৰফীৰে পুৰস্কিত কৰা হয়। তাৰোপৰি বিবেক, বামুন, দাসী, ৰোহিতৰ অভিনয়ৰেও দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানটো আতঁধৰে স্থানীয় সমাজ সংগঠক ৰবীন দাসে।