শিৱসাগৰত অবৈধ অস্ত্ৰৰ জনজননি, পানীৰ মটৰ চোৰৰ হাততো পিষ্টল…

শিৱসাগৰত অবৈধ অস্ত্ৰৰ জনজননি, পানীৰ মটৰ চোৰৰ হাততো পিষ্টল…

author-image
asomiyapratidin
New Update
শিৱসাগৰত অবৈধ অস্ত্ৰৰ জনজননি, পানীৰ মটৰ চোৰৰ হাততো পিষ্টল…

ডিজিটেল সংবাদ, শিৱসাগৰঃ ৰাজ্যত এতিয়া অবৈধ অস্ত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলিছে। আৰু ইয়াৰ ঘাটি হৈছে শিৱসাগৰ। আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ একাংশ শক্তিশালী চক্ৰই শিৱসাগৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰে অবৈধ মাৰণাস্ত্ৰ। এই অস্ত্ৰসমূহ আহে নগালেণ্ডৰ পৰা। কিছুদিনৰ পূৰ্বে শিৱসাগৰ আৰক্ষীয়ে অবৈধ  অস্ত্ৰ মজুত ৰখা ব্যক্তিসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল যদিও, অবৈধ অস্ত্ৰ যোগান ধৰা ব্যক্তিসকলক কিন্তু আজিও আটক কৰিবলৈ সক্ষম হোৱা নাই।

Advertisment

এক গোপন সূত্ৰৰ পৰা জানিব পৰা মতে, গাড়ী চুৰিৰে জড়িত এক কুখ্যাত চক্ৰই নগালেণ্ডৰ ডিমাপুৰৰ পৰা হালুৱাটিং হৈ শিৱসাগৰ জিলালৈ নিয়মীয়াকৈ অবৈধ অস্ত্ৰ সৰবৰাহ কৰে। এই অস্ত্ৰসমূহ শিৱসাগৰত জমা ৰাখি সেইবোৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰাৰ তথ্যও পোহৰলৈ আহিছে। শিৱসাগৰৰ বিহুবৰ আৰু নামটোলা হৈও আন কেইটামান চক্ৰই এনেদৰে নগালেণ্ডৰ পৰা অস্ত্ৰ সৰবৰাহ অব্যাহত ৰাখিছে। শিৱসাগৰ জিলাত মুঠ ৩৮৪জন ব্যক্তিৰ হাতত অনুজ্ঞাপত্ৰ থকা বৈধ অস্ত্ৰ আছিল যদিও, তদানিন্তন উপায়ুক্ত নাৰায়ণ কোঁৱৰে ইয়াৰে ৮৪খন অনুজ্ঞাপত্ৰ বাতিল কৰিছিল।

উল্লেখ্য যে, যোৱা ৩০ আগষ্টৰ নিশা ৯ মান বজাত বেটবাৰী অঞ্চলৰ মেৰবিল গাঁৱত মটৰ চুৰি কৰিবলৈ যোৱা চোৰেও লগত লৈ গৈছিল অবৈধ মাৰণাস্ত্ৰ। আনকি চোৰটোৱে গুলি চলাই ত্ৰাসৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অভিযান চলাইছে যদিও, কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে, আৰক্ষীৰ এক সূত্ৰই জয়সাগৰ আৰক্ষী চকীৰ আশে পাশে ভালেমান যুৱকৰ হাতত অবৈধ অস্ত্ৰ থকাৰ সন্দেহ কৰিছে।

ইফালে, ডিমাপুৰৰ পৰা অ এন জি  চিলৈ তেল কঢ়িয়াই অনা একাংশ টেংকাৰ চালকৰ হাততো আছে অবৈধ মাৰণাস্ত্ৰ। ইতিপূৰ্বে এনে এজন টেংকাৰ চালকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে এটা ৰিভ'লভাৰ উদ্ধাৰ কৰিছিল। কিছুদিনৰ পূৰ্বে ৰংঘৰ চাৰিআলিৰ পৰাও এটা ভাড়াঘৰত থকা প্ৰাঞ্জল গগৈ নামৰ এজন গাড়ীচালকৰ পৰাও অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিছিল যদিও এই চক্ৰটোৰ বিৰুদ্ধে আজিও শিৱসাগৰ আৰক্ষী সক্ৰিয় হোৱা নাই। অবৈধ অস্ত্ৰৰ ব্যৱসায়ীয়ে জিলাখনত টিঘিলঘিলাই থকাৰ পাছতো আৰক্ষীয়ে কিয় ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে সেয়া হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন।