/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/wood-seized-in-sivsagar.jpg)
ডিজিটেল সংবাদ, আমগুৰিঃ লকডাউনৰ মাজতে নদী পথেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা দৈনিক সৰবৰাহ হৈছে বনজ সম্পদ। শিৱসাগৰ জিলাৰ বন বিভাগৰ অভিযানত ৰূপহীমুখত উদ্ধাৰ হয় লক্ষাধিক টকাৰ চোৰাং কাঠ। অঞ্চলটোত দীৰ্ঘদিনৰ পৰা অবৈধ ভাৱে নদীপথ ব্যৱহাৰ কৰি অৰুণাচলৰ পৰা কাঠৰ কুণ্ডা সৰবৰাহ কৰি কাঠৰ ব্যৱসায় কৰি অহা বাবুল(নৰেন), তপন আৰু প্ৰফুল্ল (নগেন) নামৰ তিনি গৰাকী অবৈধ ব্যৱসায়ীৰ আছিল বিভাগে জব্দ কৰা এই বৃহৎ পৰিমানৰ কাঠখিনি৷
বন বিভাগৰ অভিযানত নৈপৰীয়া অঞ্চলটোৰ নদীৰ কাষৰ দুটা গোপন স্থানত লুকুৱাই থোৱা অৱস্থাৰ পৰা ৬৮ টাকৈ মূল্যবান কাঠৰ কুণ্ডা জব্দ কৰে। অসাধু ব্যৱসায়ী চক্ৰটোৱে সুদীৰ্ঘ দিনৰ পৰা অঞ্চলটোত গৌৰীসাগৰ আৰক্ষী আৰু শিৱসাগৰ বন বিভাগৰ এগৰাকী বন বিষয়াৰ লগত মিতিৰালি কৰি নিৰ্বিঘ্নে অবৈধ কাঠৰ ব্যৱসায় চলাই আহিছিল৷ যাৰ পৰিপ্ৰেক্ষিততে লকডাউনৰ দৰে চৰকাৰৰ কঠোৰ নিৰ্দেশনা অব্যাহত থকাৰ সময়তো বৰ্তমানো কাষৰীয়া ৰাজ্য সুদুৰ অৰুণাচলৰ পৰা কেইবা শ কিঃমিঃ জোৰা ব্ৰহ্মপুত্ৰৰ জলপথ অতিক্ৰমী প্ৰায় দহ লক্ষৰো অধিক মূল্যৰ কাঠ মজুত কৰিবলৈ অসাধু ব্যৱসায়ী চক্ৰটোৱে সুবিধা লাভ কৰিছিল বুলি স্থানীয় একাংশ সচেতন লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷
আনহাতে কাষৰীয়া ব্ৰহ্মপুত্ৰ চাপৰিত থকা বহু অপৈনত শিমলু গছ নিশাটোতে নাইকীয়া হৈ অহা ঘটনাটো এই সকল অবৈধ ব্যৱসায়ীয়েই জড়িত বুলিও অভিযোগ তোলা স্থানীয় সূত্ৰই শিৱসাগৰ জিলা বন বিভাগৰ আজিৰ পদক্ষেপক আদৰণী জনাইছে৷ উল্লেখ্য যে, বিভাগে জব্দ কৰা উক্ত কাঠখিনি শনিবাৰে আনুষ্ঠানিকভাৱে উঠাই নিয়া হ'ব বুলি ৰুপহীমুখত উপস্থিত হোৱা জিলা বন বিষয়া জয়শ্ৰী নাইডিঙে জানিবলৈ দিছে৷