/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/2f981331-f7c2-4216-a138-b49ad7e410bb.jpg)
ডিজিটেল সংবাদ,মৰিয়নীঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীলতা নীতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ স্বাস্থ্য বিভাগত এতিয়া চলিছে দুৰ্নীতিৰ মুকলি বেহা। স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগত এতিয়া টেক্স ৰিটাৰ্ণৰ বাবে একোজন চৰকাৰী কৰ্মচাৰীয়ে দিব লগা হয় ১৫০০ টকা। শিৱসাগৰ জিলাৰ নাজিৰাত থকা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত টেক্সৰ হিচাপ দাখিলৰ লগতে দিবলগা হৈছে ১৫০০ কৈ টকা। সাংবাদিকৰ গোপন কেমেৰাত জনৈক পংকজ নামৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে টেবুল পাৰি বহি লৈ ধন সংগ্ৰহ কৰা দৃশ্য বন্দী হয় । উত্থাপিত অভিযোগ অনুসৰি কাৰ্যালয়টোৰ গাণণিক বিষয়া গৰাকীয়ে পংকজৰ সহযোগত এনেদৰে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলক লুন্ঠন চলাই আছে।
হাজৰিকা উপাধিৰ গাণণিক বিষয়া গৰাকীৰ কৃপাত পংকজ নামৰ এই গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে এতিয়া কাৰ্যালয়টোত নিম্নবৰ্গ সহায়কৰ কাম কৰি উঠিৰজা বহিৰজা হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। সাংবাদিকৰ গোপন কেমেৰাত আৱদ্ধ হ'ল সকলো দৃশ্য। আনহাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পংকজ নামৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী জনে C.A. আৰু তিনিটাকৈ কাৰ্যালয়ত টেক্স ৰিটাৰ্ণৰ বাবে টকা দিব লাগিব বুলি কয়। সেয়েহে সকলো খৰচৰ বাবদ ১৫০০ টকা দিবই লাগিব বুলি দাবী কৰে কৰ্মচাৰী গৰাকীয়ে।
মহকুমা স্বাস্থ্য বিষয়াৰ জ্ঞাতসাৰেই কাৰ্যালয়টোত পংকজ নামৰ কৰ্মচাৰী গৰাকীৰ নেতৃত্বতে দীৰ্ঘ দিনৰ পৰা এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে যদিও মহা প্ৰতাপী এইগৰাকী পংকজৰ বিৰুদ্ধে ব্যৱস্থা লৱলৈ সাহস নকৰে বিভাগীয় কৰ্তৃপক্ষই। প্ৰাপ্ত অভিযোগ অনুসৰি টকা নিদিলে একো কামেই নহয় স্বাস্থ্য বিভাগৰ নাজিৰাৰ এই কাৰ্যালয়টোত । আনহাতে বিভাগীয় ৰোষৰ বলি হোৱাৰ ভয়ত সংবাদমাধ্যমৰ আগত কোনো কৰ্মচাৰীয়ে মুখ খুলিবলৈ ভয় কৰে। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা বিজেপি চৰকাৰ আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিবনে নাজিৰা মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ এই দালালৰাজ ।