শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সন্তোষ কৰ্মকাৰৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জীৱন নৰহলৈ বঁটা প্ৰদান…

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সন্তোষ কৰ্মকাৰৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জীৱন নৰহলৈ বঁটা প্ৰদান…

author-image
asomiyapratidin
New Update
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সন্তোষ কৰ্মকাৰৰ সোঁৱৰণত গুৱাহাটী প্ৰেছ ক্লাৱত কবি জীৱন নৰহলৈ বঁটা প্ৰদান…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক, সাহিত্যিক, শিক্ষাবিদ সন্তোষ কুমাৰ কৰ্মকাৰৰ সোঁৱৰণত মহাবিদ্যালয়ৰ উদ্যোগত আৰু পৰিয়ালবৰ্গৰ সহযোগত ৰাজ্যখনৰ বিভিন্ন খণ্ডত অৰিহণা যোগাই অহা প্ৰতিভাৱান ব্যক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যৰে ৰাজ্যিক ভিত্তিক এটি বঁটা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বঁটাটি প্রথমবাৰৰ বাবে ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়াই অহা অৱদানৰ বাবে কবি জীৱন নৰহক মনোনীত কৰা হৈছে।

উল্লেখ্য যে, উক্ত বঁটাটিত নগদ ধন, প্ৰশস্তি পত্ৰৰ লগতে কৰ্মকাৰদেৱৰ এটি স্মাৰক আছে। দেওবাৰে বিয়লি ৩ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত অসমৰ বিভিষ্ট বুদ্ধিজীৱি, সাহিত্যিক ডাঃ ধ্ৰুৱজ্যোতি বৰাই উক্ত বঁটাটি প্ৰদান কৰে। অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক , সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে প্ৰয়াত সন্তোষ কুমাৰ কৰ্মকাৰৰ সাহিত্যৰাজিৰ অৱলোকন কৰে।