Advertisment

মানৱ শৃংখল কাৰ্যসূচীৰ মাজতে আৰক্ষীৰে হতাহতিঃ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

মানৱ শৃংখল কাৰ্যসূচীৰ মাজতে আৰক্ষীৰে হতাহতিঃ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

author-image
asomiyapratidin
New Update
মানৱ শৃংখল কাৰ্যসূচীৰ মাজতে আৰক্ষীৰে হতাহতিঃ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দৰিকা দলংৰ সমীপত ৰাইজৰ দল, কৃষক মুক্তি, ছাত্ৰ মুক্তি, জাতীয় সংগ্ৰামী সেনাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহন প্ৰাধিকৰণৰ সচিব গিৰিধৰ আৰমানে জাঁজীৰ পৰা ডিব্ৰুগড় সংযোগী পথছোৱা পৰিদৰ্শন কৰাৰ কথা জানিব পাৰি উক্ত পথচোৱাৰ দুৰৱস্থাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ যৌথভাৱে হাতে হাতে প্লেকাৰ্ড লৈ এক মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে এখন স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছিল।

Advertisment

আৰক্ষীয়ে প্ৰথম অৱস্থাৰ পৰাই বাধা প্ৰদান কৰিছিল যদিও প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহণ প্ৰাধিকৰণ সচিবক নিজ হাতে স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত নিজৰ স্থিতিত অটল থাকে। উক্ত বিষয়াজন উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদকাৰী সকলে গাড়ী ৰখাই স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰশাসনে বাধা প্ৰদান কৰে, প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত হতাহতি সৃষ্টি হয়।

প্ৰশাসনে গুণ্ডাগিৰীৰে প্ৰতিবাদকাৰীসকলক মাৰপিত কৰে আৰু শিৱসাগৰৰ সহ-আৰক্ষী অধীক্ষকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি পৰাশৰ কোঁৱৰক মূৰত ঘুছিয়াই। ফলত মানৱ শৃংখলস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী সকলে আৰক্ষী প্ৰশাসন হায় হায়, চাৰিলেনযুক্ত বিধস্ত পথ উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব লাগিবই আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাই পথ আৰু পৰিবহণ প্ৰাধিকৰণ সচিবক গাড়ীৰ ভিতৰতে স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি বেদান্ত লস্কৰ আৰু কেন্দ্ৰীয় সম্পাদক মণ্ডলীৰ ধৈৰ্য কোঁৱৰ উপস্থিত থাকি উক্ত বিধস্ত ঘাইপথ চোৱা উন্নত মানদণ্ডৰে নিৰ্মাণ কৰাৰ দাবী জনায় আৰু আৰক্ষী প্ৰশাসনৰ এনে অমানৱীয় কাৰ্যক ধিক্কাৰ জনাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰিয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই এই সন্দৰ্ভত ক যে, প্ৰতিবাদস্থলীত প্ৰতিবাদী জনতাৰ ওপৰত জপিয়াই পৰি প্ৰহাৰ কৰাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অসাংবিধানিক। তেওঁ আৰক্ষী প্ৰশাসনক ৰাজনৈতিক চাপৰ পৰা মুক্ত ৰাখিবলৈ দাবী জনায়।

জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি চিটু বৰুৱাই কয়, আমি প্ৰশাসন তথা আৰক্ষী বিভাগক উক্ত ঘটনাৰ বাবে ধিক্কাৰ দিছোঁ‌ লগতে প্ৰতিবাদকাৰী ওপৰত মাৰপিত কৰা উক্ত বিষয়া জনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে উক্ত বিধস্ত পথ তৎকালীন ভাবে উন্নত মানদণ্ডৰে নিৰ্মাণ কৰাৰ দাবী জনায়।

প্ৰতিবাদস্থলীত ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সভাপতি মুনিদ্ৰ লাহন, সম্পাদক মণ্ডলীৰ মুজিদ আলি, ৰাইজৰ দলৰ পল্লবজ্যোতি গগৈ,চাহজাহান আলি, জিতুজ্যোতি গায়ন, ৰূপা বৰা, কৃষক মুক্তিৰ শিৱসাগৰ জিলাৰ সম্পাদক প্ৰণয় হাজৰিকা, ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ যুটীয়া সভাপতি পল্লব শইকীয়া,যুটীয়া সম্পাদক মানস আৰান্ধৰা, সৌৰভ ফুকন, জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সম্পাদক পৰাগ বৰা, উপদেষ্টা চন্দন ফুকন উপস্থিত থাকে।