/asomiyapratidin/media/media_files/2025/10/05/1-2025-10-05-23-15-45.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনক লৈ যুদ্ধংদেহি মনোভাৱ লৈছে সদৌ তাই আহোম ছাত্র সন্থাই। আজি সদৌ তাই আহোম ছাত্র সন্থাৰ সভাপতি বসন্ত গগৈয়ে এক সংবাদ মেল সম্বোধন কৰি তাই আহোম জনগোষ্ঠীৰ বহুদিনৰ দাবী জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰে।
আজিৰ সংবাদ মেলত সদৌ তাই আহোম ছাত্র সন্থাই চলিত মাহৰ পৰা আগন্তুক নৱেম্বৰ মাহলৈ জনজাতিকৰণৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে। সংবাদ মেল সম্বোধন কৰি সভাপতি গগৈয়ে কয় যে, জনজাতিকৰণ আৰু সাংবিধানিক ৰক্ষা কৱচ তাই জনগোষ্ঠীৰ লগতে অসমৰ আন পাঁচ জনগোষ্ঠীৰ এক পুৰণি দাবী। কিন্তু বিভিন্ন দলৰ চৰকাৰ আহিছে আৰু গৈছে কিন্তু তেওঁলোকে এতিয়াও এই নাৰ্য দাবী পূৰ কৰা নাই।জনগোষ্ঠীটোৰ প্ৰতি কোনো দলৰে সদিচ্ছা নাই।
শতিকাৰ আৰম্ভণিতে কংগ্ৰেছ দলে তিনিবাৰকৈ চৰকাৰৰ গঠন কৰিলে কিন্তু আহোম জনগোষ্ঠীৰ জনজাতিকৰণ বাস্তৱ ৰূপায়িত নহ'ল।নিৰ্বাচনৰ সময়ত ৰাজনৈতিক আশ্বাস দিলে কিন্তু পূৰণ নকৰিলে।বিজেপিয়ে নিৰ্বাচনৰ আগত কংগ্ৰেছ দলে পূৰণ নকৰা প্ৰতিশ্ৰুতি পালন কৰাৰ কথা দিলে।কিন্তু বিজেপি দলৰ প্ৰথম চৰকাৰ গৈ দ্বিতীয় চৰকাৰৰ কাৰ্যকাল শেষ হ'বলৈ হ'ল কিন্তু জনজাতিকৰণৰ দাবীৰ কোনো সূত্ৰ বাহিৰ নহ'ল।
তেওঁলোকে কয় জনজাতিকৰণৰ বিল সংসদত উত্থাপন হৈছিল কিন্তু পাচ নহ'ল।কিন্তু কিয় পাচ নহ'ল সেই বিষয়ে এতিয়াও আমাক অৱগত নকৰিলে।কেতিয়াবা একাংশ লোকে চৰকাৰৰ মুখপাত্ৰ হৈ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে অসমত ইতিমধ্যে জনজাতিৰ মৰ্যদা লাভ কৰি অহা জনগোষ্ঠী সমূহৰ পৰা আপত্তি হোৱাৰ কথা উল্লেখ কৰে।কিন্তু এনে বাধা অথবা আপত্তি আমি দেখা নাই।
বিগত বহু দশক ধৰি আমি কৰি অহা এই দাবী চৰকাৰে এইবাৰ পূৰণ কৰিবই লাগিব বুলি সভাপতি বহন্ত গগৈয়ে গৰজি উঠে।যাৰ বাবে আগন্তুক ১৫ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈকে জনজাতিকৰণৰ দাবীত ৰাজ্য কঁপাবলৈ সাজু হৈছে সদৌ তাই আহোম ছাত্ৰ সন্থা।তেওঁ এমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।
সেই অনুসৰি ১৫ অক্টোবৰত মাহমৰা, ১৬ অক্টোবৰত সাপেখাতী , ১৮ অক্টোবৰত ধেমাজীত আৰু ২০ অক্টোবৰত সেণাৰিত জোঁৰ সমদল, ১৭ অক্টোবৰত চিলাপথাৰত গণ সমাৱেশ, ৩ নৱেম্বৰত গোলাঘাটত প্ৰতিবাদী সমদল, আৰু ১৬ নৱেম্বৰত শিৱসাগৰত জোঁৰ সমদলেৰে চৰকাৰৰ মিথ্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব সদৌ তাই আহোম ছাত্র সন্থাই।
তেওঁ লগতে কয় যে শিৱসাগৰ, চৰাইদেউ,গোলাঘাট আৰু ধেমাজি জিলাত প্ৰাৰম্ভিক কাৰ্যসূচী হাতত লোৱা হৈছে।পৰৱৰ্তী সময়ত যোৰহাট, ডিব্ৰুগড়, লক্ষ্মীমপুৰ আৰু তিনিচুকীয়া জিলাত পৰৱৰ্তী সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।এইবাৰ যদি চৰকাৰে তাই আহোম জনগোষ্ঠীৰ দাবী মানি নলয় তেন্তে পৰৱৰ্তী সময়ত যি জংগী আন্দোলন হ'ব তাৰ পৰিণামৰ বাবে জগৰীয়া হ'ব চৰকাৰৰ বুলিও বসন্ত গগৈয়ে সোঁৱৰাই দিয়ে।