শিৱদ’লৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাত নিতুমণি শইকীয়াঃ 'পঞ্চানন' উন্মোচন...
শিৱদ’লৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাত নিতুমণি শইকীয়াঃ 'পঞ্চানন' উন্মোচন...

শিৱদ’লৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাত নিতুমণি শইকীয়াঃ 'পঞ্চানন' উন্মোচন...

ডিজিটেল সংবাদ শিৱসাগৰ: শিৱসাগৰৰ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি এনামউদ্দিন আহমেদৰ সম্পাদনাত  প্ৰকাশ পোৱা “পঞ্চানন” নামৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয় যে  যিখন পূজাৰ ঐতিহ্য ২৮৪ বছৰীয়া, যিটো শিৱমন্দিৰ ভাৰতবৰ্ষৰ ভিতৰতে একক আৰু অনন্য, অদ্বিতীয় স্থানত আছে, যিখন মেলা এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তাৰিত হ'বলৈ ধৰিছে সেই মেলাখনৰ স্মৃতিগ্ৰন্থ কেৱল কেইটামান পৃষ্ঠাৰ কিতাপ নহয়।

এই স্মৃতিগ্ৰন্থ আজিৰ দলিল আৰু ভবিষ্যতৰ বুৰঞ্জী ৷ প্ৰেৰণা বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত নিতুমণি শইকীয়াই কয়, শিৱসাগৰৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ " পঞ্চানন "  উন্মোচন কৰিবলৈ পাই  ধন্য হৈছো ।‌ তেওঁ আৰু কয় " এগৰাকী দাৰ্শনিকে কৈছিল কোনো এটা জাতিৰ কৃষ্টি সংস্কৃতি কিমান মহিয়ান সেয়া চাবলৈ হ'লে মহিলা সকলক চালেই হ'ল ।‌

মহিলা সকলে একো একোটা জাতিক প্ৰতিনিধিত্ব কৰে।   "পঞ্চানন " খনৰ ভিতৰ পৃষ্ঠা নপঢ়াকৈ হাতত লৈয়ে ক'ব পাৰোঁ যে এইখন কেৱল কেইটামান পৃষ্ঠাৰ কিতাপ নহয় । এইখন আজিৰ সময়ৰ দলীল, ভবিষ্যতৰ বুৰঞ্জী। এইখনৰ গুৰুত্ব উপলব্ধি কৰিব লাগিব। "

গ্ৰন্থখনে সকলোকে চিন্তাৰ খোৰাক যোগাবলৈ সক্ষম হ'ব বুলিও আশা প্ৰকাশ কৰে নিতুমনি শইকীয়াই। ভাষণ প্ৰসংগত তেওঁ কয়, ভাৰতৰ অৰ্থনৈতিক পৰিকাঠামোৰ চালে দেখা যায় যে দেশৰ  পৰ্যটন খণ্ডই তাৰ ৭.৫ শতাং অৱদান আগবঢ়াই। দেশলৈ যিমান পৰ্যটক আহে তাৰ  একাংশ আহে  অসমলৈ ।

অসমলৈ অহা পৰ্যটক সকল মূলত আহে ভগৱান পদত্ত , মানৱসৃষ্ট , প্ৰকৃতি প্ৰদত্ত উপাদানৰ বাবে।‌ কাজিৰঙাৰ গঁড়, জৈৱ বৈচিত্ৰ্য হ'ল প্ৰকৃতি প্ৰদত্ত , মা কামাখ্যা ভগৱান প্ৰদত্ত , তলাতল ঘৰ, ৰংঘৰ আদি এইবিলাক মানৱ সৃষ্ট। শিৱদ’লৰ প্ৰাংগনত হোৱা এই পূজা আৰু মেলা যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠে তাৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰো আহ্বান জনায় বিশিষ্ট সাংবাদিক গৰাকীয়ে ।

এইক্ষেত্ৰত ৰজা ঘৰৰ সহযোগিতা লাগিব বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও নিতুমনি শইকীয়াই কয় "  শিৱদ’লৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ তাৎপৰ্য ব্যাখ্যা, প্ৰসাৰৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব।‌ কুম্ভমেলাৰ দৰে বিশ্ব প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ দৰকাৰ।" মহাশিৱৰাত্ৰিৰ মেলাই শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰখনলৈও অৰিহণা যোগাইছে বুলি ব্যক্ত কৰে নিতুমনি শইকীয়াই।

আনহাতে ভাষণ প্ৰসংগত নিতুমনি শইকীয়াই  অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া  স্বৰ্গদেউ চাওলুং চুকাফাই আৰম্ভ কৰিছিল বুলি দোহাৰে।  ৩০০ বছৰীয়া শিৱৰাত্ৰি মহোৎসৱ কেনে হ'বগৈ তাৰো চিন্তা এতিয়াই কৰিব পাৰিব লাগিব। 

শিৱসাগৰৰ সন্দৰ্ভত বৃটিছৰ মুলান চাহাবে কৈ গৈছিল " অসমীয়া ভাষাটো অনন্ত কাললৈ যদি জীয়াই থাকে তেন্তে শিৱসাগৰতেই জীয়াই থাকিব । এগৰাকী বিদগ্ধ পণ্ডিতে কৈ গৈছিল। এটা জাতি জীয়াই থাকিবলৈ হ'লে মূলতঃ তিনিটা উপাদান লাগিবই।

এক নিজস্ব ভাষা, দুই নিজস্ব সাহিত্য আৰু তিনি নিজৰ  কৃষ্টি সংস্কৃতি । এই তিনিটা উপাদান নাথাকিলে কোনো জাতি জীয়াই নাথাকে।, আহোম, কোচ, মৰাণ, মটক, মিচিং সকলো জনগোষ্ঠী , জাতি লগ হৈ অসমীয়া জাতি হৈছে।

 ’পঞ্চানন’ ৰ সম্পাদক এনামউদ্দিন আহমেদ কয় যে, আহোম স্বৰ্গদেউসকলৰ আদৰ্শ অনুকৰণ কৰি শিৱসাগৰ দ’ল উন্নয়ন পৰিষদে সমাজৰ  সকলো শ্ৰেণীৰ লোকক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে ৷ তেওঁ কয় এই শিৱদ’ল ধৰ্মীয় অনুষ্ঠানৰ লগতে সমন্বয়ৰো প্ৰতীক ৷ শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মেলাত সকলো জনগোষ্ঠীয় আৰু ধৰ্মাৱলম্বী লোক ঐক্যবদ্ধ হয় ৷

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈ অনুষ্ঠানত অংশগ্ৰহণ কৰি শিৱসাগৰৰ শিৱদ’লে একালৰ অনুপম ইতিহাস বুকুত সামৰি ৰখা বুলি মন্তব্য কৰে ৷ সমাজকৰ্মী লাচিত গগৈয়ে বক্তব্য আগবঢ়াই ৷

উল্লেখ্য যে শিৱসাগৰৰ ইতিহাসপ্ৰসিদ্ধ শিৱ’দলত  আৰম্ভ হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি মেলাক কেন্দ্ৰ কৰি আজি সমগ্ৰ চহৰখন জনসমুদ্ৰত পৰিণত হ’য় ৷ সমগ্ৰ চহৰখনতেই বিৰ দি বাট পাবলৈ নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷

মহাশিৱৰাত্ৰিত মহাদেৱক পূজা অৰ্চনা কৰাৰ বাবে আজি পুৱতি নিশাৰে পৰা ঐতিহ্যমণ্ডিত শিৱ’দল প্ৰাঙ্গণত লানি নিচিগা ভক্তৰ ভীৰ হয় ৷ দ’লৰ ভিতৰত থকা কুণ্ডত দুগ্ধ, জল আদিৰে পূজা কৰাৰ বাবে হেজাৰ হেজাৰ পুৰুষ মহিলাই ঘন্টাৰ পিছত ঘন্টা ধৰি দ’ল চৌহদৰ দীঘলীয়া শাৰীত অবতীৰ্ণ হ’ব লগাত পৰে ৷

উদ্যোক্তা সকলে ভক্তসকলৰ সুবিধা হোৱাকৈ পুৰুষ আৰু মহিলাৰ বাবে পৃথক পৃথক শাৰীৰ ব্যৱস্থা কৰে ৷ শিৱসাগৰ জিলাৰ উপৰিও ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰৰ সদা জাগ্ৰত শিৱদ’ললৈ অনেক শিৱ ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে ৷ মানুহৰ ভীৰৰ বাবে দ’লৰ ভিতৰভাগত প্ৰবেশ কৰিব নোৱৰা অনেক ভক্তই দ’লৰ বাহিৰতেই ধুনা জ্বলাই আৰাধ্য দেৱতা মহাদেৱ শিৱক সন্তুষ্ট কৰাৰ প্ৰচেষ্টাত ব্ৰতী হয় ৷

আন একাংশ শিৱভক্তই ঐতিহ্যমণ্ডিত শিৱসাগৰ পুখুৰীত বেলপাত, ফুল আদি বিসৰ্জনেৰে যোগীৰাজ শিৱক পূজা কৰা পৰিলক্ষিত হয় ৷ ইফালে শিৱৰাত্ৰি মেলাক কেন্দ্ৰ কৰি আজি সমগ্ৰ শিৱসাগৰ চহৰতেই সৃষ্টি হৈছে উৎসৱমুখৰ পৰিবেশ ৷ 

ৰাজ্যখনৰ উপৰিও দেশৰ কেইবাখনো ৰাজ্যৰ পৰা অহা শ শ ব্যৱসায়ীয়ে মেলাৰ বাবে বিভিন্ন স্থান ঠিক কৰি লৈছে ৷ শিৱসাগৰৰ মেলাত সহস্ৰাধিক ব্যৱসায়ীয়ে ভাগ লৈছে ৷ দিল্লী, পশ্চিমবংগ, জম্মু কাশ্মীৰ, মুম্বাই, হায়দৰাবাদকে আদি কৰি দেশৰ বিভন্ন প্ৰান্তৰ ব্যৱসায়ী সকলৰ উপৰিও অসমৰ প্ৰতিখন জিলাৰ ব্যৱসায়ীয়ে মেলাত অংশগ্ৰহণ কৰিছে ৷

উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ  ৰাজত্বকালত তেওঁৰ পত্নী বৰৰজা দৌপদীয় নিৰ্মাণ কৰোৱা শিৱসাগৰৰ শিৱদ'ল প্ৰাংগণত আহোম ৰাজত্বৰালৰে পৰা শিৱপূজা অনুষ্ঠিত কৰি অহা হৈছে ৷ শিৱসাগৰৰ শিৱৰাত্ৰি অনুষ্ঠানত ভাগ লোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ লগতে শ শ সাধু সন্যাসী আহে ৷

এইবাৰো দেশৰ বিভন্ন প্ৰান্তৰ পৰা ভালেসংখ্যক সন্ন্যাসী আহি শিৱদ’ল চৌহদত অৱস্থান কৰিছেহি ৷  পূৰ্ব পৰম্পৰা ৰক্ষা কৰি এইবাৰ পাঁচ দিনীয়া কাৰ্যসূচীৰে  শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা আৰু মেলাৰ আয়োজন কৰা হৈছে ৷ অহা ২১ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়কৈ মেলা আৰু শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা অনুষ্ঠিত হ’ব ৷ 

 শিৱসাগৰ দ’ল উন্নয়ন পৰিষদে দ’ল চৌহদ শিৱৰাত্ৰি আৰু মেলাত যাতে কোনেও কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ১০০ ৰো অধিক চি চি কেমেৰা স্থাপন কৰিছে ৷ দ’লমুখ চাৰিআলিতেই কেউটা দিনৰ সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্মাণ কৰা মণ্ডপত কালি নিশা এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত সাৰংগ সাংস্কৃতিক গোষ্ঠী, ধিতাইপুখুৰী শিল্পী সকলে “হিৰণাক্ষৰ মুক্ষণ, শুক্ৰচাৰ্যৰ দৰ্প হৰণ” ভাওনা মঞ্চস্থ কৰে ৷

ভাওনাৰ মঞ্চ  উদ্বোধন কৰি বিশিষ্ট লেখক তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই কয় যে - স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে সাতৰাজ সামৰি একৰাজ কৰি বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিছিল, ঠিক তেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে  একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে অসমৰ আধ্যাত্মিক জীৱনৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ।

গুৰুজনাই অসমীয়া জাতিৰ ভাষা সাহিত্য, সংস্কৃতিৰ ভেঁটি ৰোপন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অসমীয়া সংস্কৃতিৰ বৰভেটিত ৰোপণ কৰা গছপুলিয়ে বটবৃক্ষৰ‌ ৰূপ ধাৰণ কৰি বিশাল অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে ।

সেয়েহে মহাপুৰুষ গৰাকীৰ আবিৰ্ভাবৰ ৫৭০ বছৰৰ পাছতো গুৰুজনাৰ প্ৰাসংগিকতা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ভাওনাৰ জৰিয়তে গুৰুজনাই একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি জগতত ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ কৰাৰ লগতে দুষ্টক দমন আৰু সন্তক পালন কৰা নীতিৰে এক সাম্যবাদী সুষম অসমীয়া সমাজ গঠন কৰিবলৈ সক্ষম হৈছিল।

তেওঁ ভাওনাৰ জৰিয়তে নবৰসৰ আস্বাদন কৰাইছিল। নবৰসৰ ভিতৰত গুৰুজনাই ভক্তি ৰসক অধিক গুৰুত্ব দিছিল। গুৰুজনাই ভাওনাৰ জৰিয়তে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক একেখন মঞ্চত থিয় কৰাই সমন্বয় সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ উজ্বল নিদৰ্শন দাঙি ধৰিছিল বুলি ড০ সব্যসাচী মহন্তই উল্লেখ কৰে।

ভাওনাৰ পূৰ্বে অনাতাঁৰ শিল্পী জান্টুমণি শইকীয়াই ভক্তিমূলক গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ আজি নিশা খগেন গগৈয়ে ভক্তিমূলক গীত পৰিৱেশন কৰে ৷

শিৱদ’লৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাত নিতুমণি শইকীয়াঃ 'পঞ্চানন' উন্মোচন...
হায়দৰাবাদত নিজ ভাতৃয়ে হত্যা কৰিলে নগাঁৱৰ যুৱকক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in